• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘আহক আমি সকলোৱে এই অৰাজকতাৰ বিৰুদ্ধে ঐক‍্যবদ্ধ আন্দোলন গঢ়ি তোলোঁ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2025 1:29 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত শেহতীয়াকৈ সংঘটিত হোৱা কেইটামান অপ্ৰীতিকৰ তথা অবাঞ্চিত ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম নাগৰিক সমাজে। এই সন্দৰ্ভত অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক পৰেশ মালাকাৰে এটি গোহাৰি প্ৰেৰণ কৰিছে। সেই গোহাৰিৰ পূৰ্ণপাঠ তলত আগবঢ়োৱা হ’ল-

অসমত যোৱা কেইদিনমানত ঘটা ঘটনা কিছুমানে আমাক হতবাক কৰিছে। প্ৰথম ঘটনাটোৰ কেন্দ্ৰবিন্দু আছিল গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈ। স্বয়ং মুখ‍্যমন্ত্ৰীৰ উদ‍্যোগত কিছুমান মনেসজা অভিযোগত তেওঁলোক দুয়ো পাকিস্তানৰ এজেন্ট বুলি তেওঁলোকৰ বিৰুদ্ধে সামাজিক মাধ‍্যম আৰু প্ৰচাৰ মাধ‍্যমৰ যোগেদি এক ভুৱা প্ৰচাৰ আৰু চৰিত্ৰহনন অভিযান চলোৱা হ’ল।

Apply Now

তাৰপিছত আমি প্ৰত্যক্ষ‍ কৰিলোঁ সাংসদ, কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আৰু তেওঁৰ নিৰাপত্তাৰক্ষীৰ ওপৰত ৰূপহীহাটত চলোৱা শাৰীৰিক আক্ৰমণ। মনত ৰাখিব অকল ৰকিবুল হুছেইনেই নহয়, তেওঁৰ নিৰাপত্তাৰক্ষীকো আক্ৰমণৰ লক্ষ‍্য কৰি লোৱা হ’ল।

এই দুটা ঘটনাৰ পিছত আকৌ মুখ‍্যমন্ত্ৰীয়ে কোনো যুক্তি-অৰ্থ নোহোৱাকৈ আক্ৰমণৰ লক্ষ‍্য কৰি ল’লে অখিল গগৈৰ পত্নী ডঃ গীতাশ্ৰী তামুলীক। এই তিনিওটা ঘটনাক অসমৰ ৰাইজে সমস্বৰে ধিক্কাৰ দিছে।

কিন্তু তিনিওটা ঘটনাৰ মাজত এটা মিল আছে। গৌৰৱ গগৈ এজন সুচিন্তিত আৰু আকৰ্ষণীয় ব‍্যক্তিত্বৰ অধিকাৰী বিৰোধী ৰাজনীতিক। সমগ্ৰ অসমত, বিশেষকৈ উজনি অসমত তেওঁ এজন জনপ্ৰিয় নেতা। আগন্তুক ২০২৬-ৰ নিৰ্বাচনত গৌৰৱ গগৈয়ে যে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব সেইটো ইতিমধ‍্যে স্পষ্ট হৈ পৰিছে। সেইকাৰণে জনমানসত তেওঁৰ ভাৱমূৰ্তি হেয় কৰাৰ এই অপপ্ৰচাৰ।

ৰকিবুল হুছেইন কংগ্ৰেছৰ এজন শক্তিশালী সংখ‍্যালঘু নেতা। লোক সভা নিৰ্বাচনত তেওঁ তেওঁৰ নিকটতম প্ৰতিদ্বন্দীক দহ লাখ ভোটত পৰাজিত কৰি সমগ্ৰ ভাৰতৰ ভিতৰতে এক অভিলেখ সৃষ্টি কৰিছিল। ৰকিবুল হুছেইনৰ দৰে প্ৰতাপী ৰাজনীতিককে যদি দিন দুপৰত শাৰিৰীকভাৱে এনেকৈ আক্ৰমণ কৰিব পাৰি, তেন্তে আন ৰাজনীতিক কোন কূটা!

অখিল গগৈ এক শক্তিশালী বিৰোধী কন্ঠ। তেওঁ সময়ে সময়ে চৰকাৰৰ কু-কৰ্মৰ স্বৰূপ ৰাইজৰ সন্মুখত উদঙাই দি আছে। গতিকে চলে বলে কৌশলে অখিল গগৈৰ মুখ বন্ধ কৰিব লাগে। সেয়ে অখিল গগৈক ল’ৰাব নোৱাৰি দলীয় ৰাজনীতিৰ লগত কোনো সম্পৰ্ক নথকা গগৈৰ পত্নী ডঃ গীতাশ্ৰী তামুলীক বিনা কাৰণত আক্ৰমণ আৰু সমালোচনাৰ উপলক্ষ কৰি লোৱা হ’ল।

একেবাৰে শেহতীয়া ঘটনাটো হ’ল মেঘালয়ৰ বিজ্ঞান-প্ৰযুক্তি বিশ্ববিদ‍্যালয়ৰ আচাৰ্য মহবুবুল হকক মাজনিশা কৰা গ্ৰেপ্তাৰ। মহবুবুল হকৰ বিৰুদ্ধে আজি বেচ কিছুদিনৰ পৰা অসমৰ মুখ‍্যমন্ত্ৰী গৰাকীয়ে নানা অভিযোগ কৰি আহিছে। তাৰ বা কি অভিসন্ধি আৰু গোপন ৰহস‍্য!

যোৱা এক দশকৰ বিজেপি শাসনকালত আমি এটা কথা লক্ষ‍্য কৰিছোঁ। বিজেপিয়ে তেওঁলোকৰ ৰাজনীতি আৰু মতাদৰ্শৰ বিৰোধিতা কৰা বিৰোধী ৰাজনৈতিক দল আৰু লেখক -বুদ্ধিজীৱী আৰু অন‍্য সকলক দুৰ্বল কৰিবলৈ কেতবোৰ পদ্ধতি আৰু কৌশল অবলম্বন কৰে। এই পদ্ধতি আৰু কৌশল বোৰ হৈছে – ভুৱা প্ৰচাৰ, চৰিত্ৰহনন, গোচৰ তৰা আৰু শাৰীৰিক আক্ৰমণ আৰু ভীতি প্ৰদৰ্শন কৰা।

এই আটাইবোৰ হৈছে স্বৈৰতন্ত্ৰৰ লক্ষ‍ণ। তাৰ বিপৰীতে গণতন্ত্ৰৰ মূল বৈশিষ্ট‍্য হ’ল বাক-স্বাধীনতা আৰু মুকলি বিতৰ্ক। আমি ভাবোঁ শেহতীয়াকৈ ঘটা এই ঘটনা বোৰ  ভৱিষ‍্যতৰ আগজাননী। তাৰমানে, ২০২৬-ৰ বিধান সভা নিৰ্বাচনৰ সময় যিমানে আগবাঢ়ি আহিব সিমানে বিৰোধীক এনে ভয়-ভাবুকি, ভুৱা প্ৰচাৰ আৰু শাৰীৰিক আক্ৰমণৰ লক্ষ‍্য কৰি লোৱা হ’ব।

এনে এক পৰিস্থিতিত গণতন্ত্ৰ আৰু আইনৰ শাসনৰ পক্ষে থকা ৰাজনৈতিক দল, সাধাৰণ নাগৰিক, লেখক-বুদ্ধিজীৱী আৰু নাগৰিক সমাজৰ প্ৰতিক্ৰিয়া কি হোৱা উচিত? তেওঁলোক সকলোৱে ঐক‍্যবদ্ধ হৈ নিৰ্ভীকভাৱে এই অপপ্ৰচাৰ, চৰিত্ৰহনন, ভয়-ভাবুকি আৰু শাৰীৰিক আক্ৰমণৰ প্ৰতিবাদ কৰিব লাগিব, তাৰ বিৰুদ্ধে অহিংস আৰু শান্তিপূৰ্ণভাৱে ৰাজপথৰ আন্দোলনত নামিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm
ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

June 16, 2026 4:58 pm
পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd