• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদীৰ অসম প্ৰৱেশত ৰাজনৈতিক ধুমুহা : দিল্লীত সংবাদমেলযোগে বিজেপিক তুলাধূনা ৭ কংগ্ৰেছ নেতাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2025 10:20 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰুসজাইৰ ঝুমুইৰ বিনন্দিনী আৰু এডভাণ্টেজ আছাম ২.০ৰ বাবে দুদিনীয়া ভ্ৰমণেৰে অসমত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধামন্ত্ৰী মোদী অসমত উপস্থিত হোৱাৰ ঠিক পূৰ্বে নতুন দিল্লীত এক সংবাদ মেল সম্বোধন কৰি মোদীৰ ভ্ৰমণ আৰু অসম চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল কংগ্ৰেছ নেতৃত্ব।

এডভান্টেজ অসম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ৰ পূৰ্বে কংগ্ৰেছে সংবাদমেল অনুষ্ঠিত কৰি অসম চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বিস্ফোৰক অভিযোগ উত্থাপন কৰে।

Apply Now

এআইচিচিৰ মিডিয়া এণ্ড পাব্লিচিটি বিভাগৰ অধ্যক্ষ পৱন খেৰা আৰু অসমৰ তত্বাৱধায়কৰ দায়িত্বত থকা এআইচিচিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত আজিৰ এই বিশেষ সংবাদমেলত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, লোকসভাৰ বিৰোধী দলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈ, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন আৰু অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

সংবাদমেলত দুৰ্নীতি, ভূমি বেদখল, উগ্ৰপন্থীৰ সৈতে গোপন বুজাবুজিকে ধৰি একাধিক বিষয়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক তীব্ৰ সমালোচনা কৰে বিৰোধী দলটোৱে। দিল্লীত সংবাদমেল সম্বোধন কৰি দেশ তথা ৰাজ্যৰ বিৰোধী দলটোৱে মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ পাছত অসমৰ “জংগলৰাজ”ৰ বিৰুদ্ধে মোদীয়ে কিবা ব্যৱস্থা ল’ব নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে। উল্লেখ্য যে, বিজেপিয়ে অসমক বিনিয়োগ অনুকূল ৰাজ্য হিচাপে চিত্ৰিত কৰিবলৈ চেষ্টা চলাই থকাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ীসকলক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে অভিযোগৰ জোৱাৰ তুলিছে কংগ্ৰেছে।

কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে বৃহৎ অভিযোগ উত্থাপন কৰে। তেওঁ এই প্ৰশ্ন উত্থাপন কৰে যে শৰ্মাৰ পত্নীৰ মালিকানাধীন ‘বাণী গ্ৰীণ ৰিজ’ৰ্ট’ সংৰক্ষিত হাতী কৰিডৰত নিৰ্মাণ কৰা হৈছে। তেওঁ প্ৰশ্ন কৰে, “হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে হাতী কৰিড’ৰত বাণী গ্ৰীণ ৰিজৰ্ট চলাই আছে; ইয়াৰ বাবে অনুমতি লৈছেনে? যদি নাই, তেন্তে এই ক্ষেত্ৰত মোদীয়ে কিবা ব্যৱস্থা ল’বনে?” গগৈয়ে লগতে কয়, “প্ৰধানমন্ত্ৰী মোদীয়ে কয়- না খাউংগা, না খানে দুংগা, কিন্তু অসমত মুখ্যমন্ত্ৰীৰ পৰিয়ালে প্ৰতিখন জিলাতে মাটি দখল কৰিছে।”

তেওঁ আৰু অভিযোগ কৰে যে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি নেতা ৰাম মাধৱে মণিপুৰ উগ্ৰপন্থীৰ সহযোগত নিজৰ ৰাজনৈতিক আৰু ব্যৱসায়িক স্বাৰ্থ পূৰণৰ চেষ্টা চলাইছে। যোৰহাটৰ সাংসদগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী আৰু ৰাম মাধৱৰ বিৰুদ্ধে এই অভিযোগ সত্য বুলি প্ৰমাণিত হ’লে বিশেষকৈ মণিপুৰৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি আৰু নিৰাপত্তাজনিত সমস্যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ গুৰুতৰ পৰিণতি হ’ব পাৰে।

ইফালে, সংবাদমেলত কংগ্ৰেছৰ অসম প্ৰভাৰী জিতেন্দ্ৰ সিঙে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰ কৰি বিশাল ধন-সম্পত্তি গোটোৱাৰ অভিযোগ উত্থাপন কৰি হিমন্তক “ৰাজনৈতিক নেতাৰ পৰা ব্যৱসায়িক মোগল”লৈ সলনি হোৱাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয়, “অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ মাজুলী, কামৰূপ, গুৱাহাটী, নগাঁও, গোলাঘাটত চাহ বাগিচা, নিউজ পৰ্টেল, আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়, মেকড’নাল্ডছৰ বিপণী আৰু বিপুল পৰিমাণৰ মাটি আছে। ইমান ধন-সম্পত্তি কেনেকৈ অৰ্জন কৰিলে? নৰেন্দ্ৰ মোদীয়ে হিমন্ত বিশ্ব শৰ্মাক ইমান যাদুকৰী লাঠি দিলেনে যে তেওঁ ৰাতিটোৰ ভিতৰতে ব্যৱসায়িক মোগল হৈ পৰিল?” সিঙে আৰু প্ৰশ্ন উত্থাপন কৰে যে সততে বিৰোধী নেতাক লক্ষ্য কৰি লোৱা ইডি আৰু চিবিআইৰ দৰে তদন্তকাৰী সংস্থাই বিজেপিৰ ভিতৰত এই অনিয়মৰ তদন্ত কৰিব পাৰিবনে নাই।

সংবাদমেলত কংগ্ৰেছে লগতে অভিযোগ কৰে যে বিজেপিয়ে অসমৰ চাহ বাগিচা উদ্যোগক ধ্বংস কৰাৰ চেষ্টা চলাইছে, যিটো কেৱল ৰাজ্যৰ অৰ্থনীতিৰ মেৰুদণ্ডই নহয়, সাংস্কৃতিক পৰিচয়ও। দলটোৰ অভিযোগ যে চাহ বাগিচাৰ মালিকসকলে নিজৰ বাগিচা বিক্ৰী কৰিবলৈ বাধ্য হোৱাৰ ফলত অসমৰ চাহ উদ্যোগ কেইজনমান ৰাজনৈতিক প্ৰভাৱশালী ব্যক্তিৰ হাতত কেন্দ্ৰীভূত হৈ পৰিছে।

কংগ্ৰেছৰ দাবী, “অসমৰ চাহ বাগিচাৰ মালিকক ভাবুকি দিয়া হৈছে, বাগিচা বিক্ৰী কৰিবলৈ বাধ্য কৰোৱা হৈছে। ডাঙৰ ডাঙৰ কোম্পানীয়ে অসম এৰি গৈছে, আৰু মুখ্যমন্ত্ৰীৰ সহযোগীসকলে এতিয়া চাহ বাগিচাসমূহ নিজৰ দখললৈ লৈছে।” আনহাতে বিৰোধী দলটোৱে প্ৰধানমন্ত্ৰী মোদীক ২০১৪ চনৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ কথা মনত পেলাই দি কয় যে তেওঁ অসমৰ ১১ লাখ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু বৰ্তমান মজুৰি ২২০ৰ পৰা ২৫০ টকীয়াৰ ভিতৰত লাভ কৰি আছে এই চাহ শ্ৰমিকসকলে। কংগ্ৰেছে প্ৰশ্ন কৰে, “মোদীয়ে নিজৰ কথা পালন কৰাত কিয় ব্যৰ্থ হ’ল?”

নতুন দিল্লীৰ এই সংবাদমেলত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও। তেওঁ অভিযোগ কৰে যে হিমন্ত শৰ্মা চৰকাৰে আইন-শৃংখলাৰ অৱনতি ঘটাইছে।

বৰাই কয়, “কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনক দিনৰ পোহৰত আক্ৰমণ কৰা হৈছিল যদিও এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই। ইয়াৰ পৰা আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ নিষ্ক্ৰিয়তা প্ৰকাশ পাইছে।” বৰাই আৰু দাবী কৰে যে, “যোৱা তিনি বছৰত অসমত ১৬০০ চৰকাৰী বিদ্যালয় বন্ধ হৈ গৈছে, কিন্তু সুৰাৰ দোকানৰ সংখ্যা বৃদ্ধি পাইছে। অসমত এতিয়া দেশৰ ভিতৰতে সৰ্বাধিক সুৰাৰ দোকান আছে।”

ইফালে হিমন্ত শৰ্মা চৰকাৰে প্ৰতিমাহে ২০০০ কোটি টকাৰ ঋণ লৈ আছে বুলি দাবী কৰি এই ধন ক’ত ব্যৱহাৰ কৰা হৈছে বুলিও প্ৰশ্ন কৰে কংগ্ৰেছ নেতৃত্বই। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লোৱা ঋণৰ ধন জনকল্যাণৰ বিপৰীতে ব্যক্তিগত বিলাসিতাৰ বাবেহে ব্যয় কৰা হৈছে বুলিও বিস্ফোৰক অভিযোগ কৰে। ৰাজ্যৰ প্ৰধান বিৰোধী দলটোৱে লগতে কয় যে বিজেপিয়ে অবৈধ খননৰ অনুমতি দিছে।

কংগ্ৰেছৰ দাবী, “যদিও সমগ্ৰ ভাৰতবৰ্ষত ৰেট হোল মাইনিং নিষিদ্ধ কৰা হৈছে, অসমত অবাধে চলি আছে। অসমত এই অবৈধ খনন অভিযান কোনে চলাই আছে? ইয়াৰ লগত মুখ্যমন্ত্ৰীৰ সহায়ক জড়িত নেকি? ইয়াৰ পৰা তেওঁৰ কেবিনেট মন্ত্ৰীসকল লাভৱান হৈছে নেকি?”

অন্যহাতে, কংগ্ৰেছ নেতাসকলে স্পষ্ট কৰি দিয়ে যে বিজেপিৰ আৰক্ষীৰ ভয়-ভাবুকিয়ে তেওঁলোকৰ মুখ বন্ধ কৰিব নোৱাৰে। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈকে চৰকাৰৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰি যাব বুলি মন্তব্য কৰে নেতৃত্বই। কংগ্ৰেছে বিজেপিক সকীয়নি দি সংবাদমেলত কয়, “তেওঁলোকে ভাবে যে তেওঁলোকে আমাক ভয় খুৱাই মুখ বন্ধ কৰিব পাৰিব, কিন্তু সেয়া তেওঁলোকৰ ভুল। আমি প্ৰতিদিনে প্ৰশ্ন উত্থাপন কৰিম। ২৬ৰ নিৰ্বাচনৰ পিছতহে তেওঁলোকে বিচৰা শান্তি পাব, কিয়নো তেতিয়া তেওঁলোক বিৰোধীৰ আসনত বহিব।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd