২০২১ চনৰ মে মাহৰ পৰা ২০২২ৰ আগষ্টৰ ভিতৰত অসমত সংঘটিত ১৭১টা ভুৱা এনকাউণ্টাৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ত জনোৱা আবেদনৰ শুনানি সংৰক্ষিত ৰাখিছে দেশৰ শীৰ্ষ আদালতে।
অসম চৰকাৰক প্ৰতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ন্যায়াধীশ সূৰ্য কান্ত আৰু এন কোটিশ্বৰ সিংৰে গঠিত বিচাৰপীঠক আৱগত কৰে যে অসম চৰকাৰে আৰক্ষীৰ ভুৱা এনকাউণ্টাৰ ঘটনাৰ তদন্তৰ ক্ষেত্ৰত পিইউচিএল বনাম মহাৰাষ্ট্ৰ গোচৰত নিৰ্ধাৰিত ২০১৪ চনৰ নিয়মাৱলী মানিচলা মানিচলা হৈছিল।
তেওঁ এই ঘটনাৰ সৈতে জড়িত আৰক্ষী বিষয়া সকলৰ ওপৰত অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত স্বতন্ত্ৰ তদন্ত হ’ব লাগে আৰু সেই বিষয়া সকলৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিবৰ বাবে আহ্বান জনায়৷
আবেদনকাৰীয়ে ২০২৩ চনৰ জানুৱাৰী মাহৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে এনকাউণ্টাৰক লৈ ব্যৱস্থা গ্ৰহণৰ বাবে পিআইএল খাৰিজ কৰা আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল৷
অসম চৰকাৰৰ শপতনামা অনুসৰি উক্ত সময়ছোৱাত ১৭১টা এনকাউণ্টাৰ সংঘটিত হয়, যাৰ ফলত ৫৬জন লোকৰ মৃত্যু আৰু ১৪৫জন লোক আহত হয়। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে পৰিস্থিতি অতি গম্ভীৰ বুলি অভিহিত কৰি অসম চৰকাৰৰ পৰা বিতং তথ্য বিচাৰিছিল৷
২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত বিচাৰপীঠে স্পষ্ট কৰি দিছিল যে তেওঁলোকে ব্যক্তিগত গোচৰৰ গুণগত মান মূল্যায়নৰ পৰিৱৰ্তে ন্যায় বহিৰ্ভূত হত্যাকাণ্ডৰ ক্ষেত্ৰত ২০১৪ চনৰ নিৰ্দেশনা পালনৰ দিশটোহে বিচাৰ কৰিব।
আনাহতে আবেদনকাৰীয়ে গাইডলাইনৰ গুৰুতৰ উলংঘাৰ অভিযোগ উত্থাপন কৰাৰ লগতে ভুৱা এনকোউণ্টাৰ সৈতে জড়িত আৰক্ষী বিষয়াৰ পৰিৱৰ্তে, ভুক্তভোগীৰ বিৰুদ্ধেহে এফ আই আৰ দাখিল কৰা হৈছে বুলিও দাবী উত্থাপন কৰিছে।
আবেদনকাৰীৰ অধিবক্তা প্ৰশান্ত ভূষণে আলোকপাত কৰে যে ২০২১ চনৰ মে’ মাহৰ পৰা আবেদন দাখিলৰ ভিতৰত ৮০টাতকৈ অধিক ভুৱা এনকাউণ্টাৰৰ ফলত ২৮ জন লোকৰ মৃত্যু হৈছে।উল্লেখ্য যে আদালতৰ ৰায়ে গোচৰসমূহৰ স্বতন্ত্ৰ তদন্তৰ লগতে ৰাজ্যৰ নিৰাপত্তা বাহিনীৰ সুৰক্ষাৰ মাজত সন্তোলন ৰক্ষা কৰা দিশটো সম্বোধন কৰিব৷