এক দীঘলীয়া আৰু সফল অভিনয় কেৰিয়াৰৰ গৰাকী প্ৰীতি জিন্টা। বৰ্তমান আই পি এল দল পঞ্জাব কিংছৰ স্বতাধিতাৰ।
কিন্তু ১৮ কোটি টকাৰ ঋণ ৰেহাইৰ বাবে এতিয়া বাতৰিৰ শিৰোনাম দখল কৰিছে প্ৰীতি জিন্টাই। কেৰালা কংগ্ৰেছে অভিযোগ কৰিছে যে বেংকে অভিনেত্ৰীগৰাকীৰ সকলো ঋণ ৰেহাই দিছে।
ইয়াৰ উত্তৰত প্ৰীতিয়ে এই কথা অস্বীকাৰ কৰিছে। তেওঁ দাবী কৰে যে তেওঁ নিজৰ উপাৰ্জনেৰে ঋণ পৰিশোধ কৰিছিল।
শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে নিউ ইণ্ডিয়া সমবায় বেংকত নিষেধাজ্ঞা আৰোপ কৰিছে। ১২২ কোটি টকাৰ জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে বেংকৰ চিইঅ’ অভিমন্যু ভোজন। তাৰ পিছতে এই গোচৰত প্ৰীতি জিণ্টাৰৰ নাম জড়িত হৈ পৰিছে।
অভিযোগ উত্থাপন হৈছিল যে সমবায় বেংকৰ পৰা প্ৰীতিয়ে ১৮ কোটি টকাৰ ঋণ লৈছিল। যিটো ঋণ ৰেহাই দিয়া হৈছে।
কেৰেলা কংগ্ৰেছৰ এক্স হেণ্ডেলত এই সম্পৰ্কে প্ৰকাশিত প্ৰতিবেদনৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি লিখিছে, “প্ৰীতিয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্ট বিজেপিক গতাই দিছে। বিনিময়ত ১৮ কোটি টকাৰ ঋণ ৰেহাই দিয়া হৈছে।”
অৱশ্যে এইটো সম্পূৰ্ণ মিছা অভিযোগ বুলি অভিনেত্ৰীগৰাকীয়ে দাবী কৰিছে। মঙলবাৰে তেওঁ নিজৰ ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কেৰালা কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে।
অভিনেত্ৰীগৰাকীয়ে লিখিছে, ” মোৰ বিষয়ে বহুত অসত্য বিয়পি পৰিছে।” মোৰ কেৰিয়াৰত বহু সন্মানীয় সাংবাদিকে মিছা বাতৰি প্ৰচাৰ কৰা দেখিছোঁ। ভুলটো শুধৰোৱাৰ কোনো লক্ষণো নাই, ক্ষমাও নাই। এই বিষয়ে আদালতত যুঁজি মই বহুত টকা খৰচ কৰিলোঁ।”
ইয়াৰ উপৰিও কেৰেলা কংগ্ৰেছৰ মন্তব্যৰ প্ৰতি সঁহাৰি জনাই প্ৰীতিয়ে লিখিছে, “মই নিজৰ একাউণ্ট নিজেই চলাইছো। ভুৱা বাতৰি দিয়াৰ বাবে লাজ লাগে। মোৰ ঋণ কোনেও মাফ কৰা নাই। ১০ বছৰ পূৰ্বে সম্পূৰ্ণ ঋণ পৰিশোধ কৰা হৈছে।”