• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এডভাণ্টেজ আছাম ২.০ : অসমৰ আভ্যন্তৰীণ জলপথৰ বাবে ৪,৮০০ কোটি টকাৰ বিনিয়োগ কৰিব কেন্দ্ৰীয় চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 27, 2025 10:21 am
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত অনুষ্ঠিত ‘এডভাণ্টেজ আছাম ২.০ – বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন’ত আজি অংশগ্ৰহণ কৰে আৰু ৰাজ্যখনৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ ৰূপান্তৰৰ বাবে অহা পাঁচ বছৰত ৪,৮০০ কোটিতকৈও অধিক টকাৰ বিনিয়োগৰ কথা ঘোষণা কৰে।

‘এডভাণ্টেজ আছাম ২.০ – বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন’ৰ দ্বিতীয় দিনা অসমৰ পথ, ৰে’লৱে আৰু নদীকেন্দ্ৰিক আন্তঃগাঁথনিৰ আলোচনা-চক্ৰত সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত আমাৰ ৰাজ্যখনৰ সমৃদ্ধ, বিশাল জলপথ প্ৰণালীয়ে অঞ্চলটোৰ বিকাশ আৰু প্ৰগতিৰ যাত্ৰাত অপৰিসীম সম্ভাৱনা উন্মুক্ত কৰিছে। আভ্যন্তৰীণ জলপথসমূহ পূৰ্বতে অৱহেলিত হৈ আছিল। দূৰদৰ্শী মোদী ডাঙৰীয়াই ২০১৪ চনৰ পৰা আভ্যন্তৰীণ জলপথ খণ্ডত বিশেষ গুৰুত্ব আৰোপেৰে দেশৰ সমগ্ৰ জলপথ প্ৰণালীক পুনৰুজ্জীৱিত কৰি তুলিছে। অসমত বিশেষকৈ ব্ৰহ্মপুত্ৰ (ৰাষ্ট্ৰীয় জলপথ-২) আৰু বৰাক (ৰাষ্ট্ৰীয় জলপথ-১৬)কে ধৰি নদীপ্ৰণালীৰ সমৃদ্ধ নেটৱৰ্কৰ সৈতে আভ্যন্তৰীণ জলপথবোৰে বাণিজ্য আৰু অৰ্থনৈতিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। আভ্যন্তৰীণ জলপথবোৰ সামগ্ৰী আৰু যাত্ৰী পৰিবহণৰ ক্ষেত্ৰত কম ব্যয়সন্মত, দক্ষ আৰু পৰিৱেশ অনুকূল মাধ্যম হিচাপে পৰিগণিত হৈছে। ‘জলবাহক’ৰ দৰে আঁচনি আৰম্ভ কৰি আমাৰ চৰকাৰে আমদানি-ৰপ্তানিক আভ্যন্তৰীণ জলপথলৈ স্থানান্তৰিত কৰিবলৈ উৎসাহিত কৰিছে, যাৰ ফলত অৰ্থনীতি উন্নত হৈছে, ৰে’লপথ আৰু পথৰ ভিৰ হ্ৰাস কৰা হৈছে। জলপথৰ এই অভিনৱ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি অহা পাঁচ বছৰত অসমৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ ৰূপান্তৰৰ বাবে ৪,৮০০ কোটি টকাতকৈও অধিক পুঁজি বিনিয়োগ কৰা হ’ব।”

Apply Now

সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ‘হৰিৎ নৌকা আঁচনি’ৰ অধীনত ২০৩০ চনৰ ভিতৰত অসমত সেউজ জাহাজৰ ৰূপান্তৰৰ বাবে ১,৫০০ কোটি টকাৰ আবণ্টনৰ কথা ঘোষণা কৰে।

“২০২৭-২৮ বৰ্ষৰ ভিতৰত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীত ক্ৰুজ পৰ্যটনৰ সুবিধাৰ বাবে আৰু কাৰ্গ’ সঞ্চালন ক্ষমতা বৃদ্ধিৰ বাবে ১,৫০০ কোটিতকৈও অধিক পৰিমাণৰ পুঁজি ধাৰ্য কৰা হৈছে। ইয়াৰ ভিতৰত আছে শিলঘাট, বিশ্বনাথঘাট, নিমাতীঘাট আৰু গুঁইজানত তীৰৰ সুবিধা থকা জেটি নিৰ্মাণৰ লগতে আঞ্চলিক কাৰ্যালয়, এমএছডিচি, অতিথিশালা আৰু গুৱাহাটীৰ ফাঁচী বজাৰত আইটিএটিৰ বাবে কাৰ্যালয় নিৰ্মাণ। পাণ্ডুত জাহাজ মেৰামতি সুবিধাৰ দ্বিতীয় পৰ্যায়ৰ বিকাশৰ বাবে ৩৭৫ কোটি টকাৰ পুঁজিৰ পৰিমাণ ৰখা হৈছে। তদুপৰি জলপথত সুচল চলাচল বজাই ৰখাৰ বাবে আমাৰ চৰকাৰে ২০২৬-২৭ বৰ্ষলৈকে বাংলাদেশ সীমান্তৰ পৰা ব্ৰহ্মপুত্ৰৰ পাণ্ডুঘাটলৈ ২.৫ মিটাৰৰ ন্যূনতম গভীৰতা নিশ্চিত কৰিবলৈ খননৰ বাবে ভাৰতীয় ড্ৰেজিং কৰ্প’ৰেচন (ডিচিআই)ক দায়িত্ব অৰ্পণ কৰিছে। ইয়াৰ বাবে ১৯১ কোটি টকাৰ পৰিমাণ ধাৰ্য কৰা হৈছে”, সোণোৱালে লগতে কয়।

তদুপৰি তেওঁ কয়, “এডভাণ্টেজ আছাম ১.০ আৰু ২.০এ অসমৰ অৰ্থনীতি পুনৰুজ্জীৱিতকৰণৰ বাবে অনুঘটক হিচাপে কাম কৰিছে, ব্যৱসায়সমূহক তেওঁলোকৰ বাণিজ্য আৰু বিনিয়োগৰ সুযোগ সম্প্ৰসাৰিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা অসমে লাভ কৰা অপৰিসীম সমৰ্থন, বলিষ্ঠ নেতৃত্ব আৰু সহযোগিতাৰ ফলত আমি অসম আৰু উত্তৰ-পূবৰ অৰ্থনীতিৰ সামগ্ৰিক বিকাশৰ যাত্ৰা সবল ৰূপত আগুৱাই নিব পাৰিছোঁ।”

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুমানিক ৩১৫ কোটি টকাৰ বিনিয়োগেৰে গুৱাহাটী আৰু ধুবুৰীত ৱাটাৰ মেট্ৰ’ সেৱাৰ বিকাশৰ কথাও ঘোষণা কৰে। সৰ্বানন্দ সোণোৱালে কোচিন শ্বিপয়াৰ্ড লিমিটেড (চিএছএল)ৰ দ্বাৰা নিৰ্মাণ কৰা দুটা বৈদ্যুতিক কেটামাৰান মোতায়েন কৰাৰ কথাও ঘোষণা কৰে। ১০০ কোটি টকাৰ বিনিয়োগেৰে গুৱাহাটীত এটা বিশ্বমানৰ ক্ৰুজ টাৰ্মিনেল নিৰ্মাণ কৰা হ’ব বুলিও তেখেতে উল্লেখ কৰে। তদুপৰি ডিব্ৰুগড়ত, আনুমানিক ১২০ কোটি টকাৰে আঞ্চলিক উৎকৰ্ষ কেন্দ্ৰ (আৰচিঅ’ই) নিৰ্মাণ কৰা হ’ব।

সোণোৱালে কয় যে- ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি লাইটহাউচ পাঁচটা স্থানত নিৰ্মাণ কৰা হ’ব – বগীবিল, বিশ্বনাথ, নিমাতী, পাণ্ডু আৰু শিলঘাটত। ইয়াৰ বাবে ব্যয় হ’ব আনুমানিক ১০০ কোটি টকা। ইয়াৰ উপৰিও, পাণ্ডু আৰু বগীবিলৰ মাজত ২.৫ মিটাৰৰ ন্যূনতম গভীৰতা বজাই ৰখাৰ বাবে ১৫০ কোটি টকাৰ পৰিমাণ ধাৰ্য কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ বাবে দুটা কাটাৰ ছেক্সন ড্ৰেজাৰ গোটও ক্ৰয় কৰা হ’ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত ৰাষ্ট্ৰীয় জলপথত পৰিবহণৰ বাবে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীকেন্দ্ৰিক ১,০১০ কোটি টকাৰ প্ৰকল্প ৰূপায়ণ কৰি আছে।

অনুষ্ঠানত লগতে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম চৰকাৰৰ মন্ত্ৰী শ্ৰী কৃষ্ণেন্দু পাল, ভাৰতস্থিত ছিংগাপুৰৰ উচ্চায়ুক্ত ছাইমন ৱং, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ বিজয় কুমাৰ আৰু উদ্যোগ খণ্ডৰ গণ্য-মান্য ব্যক্তিসকল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘এক্ট ইষ্ট নীতি’য়ে কেনেদৰে অসমৰ জলপথত ৰূপান্তৰমুখী আন্তঃগাঁথনি গঢ়ি তুলিছে, পূৰ্বতে বাস্তৱায়িত নোহোৱা মাল্টি-মডেল লজিষ্টিক আৰু কাৰ্গ’ চলাচল এতিয়া সুচল কৰিছে, অসমক বিনিয়োগ আৰু বিকাশৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তুলিছে, সেই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বিস্তাৰিতভাৱে আলোকপাত কৰে।

এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰীজনে কয়, “এডভাণ্টেজ আছামৰ বৃহত্তৰ উদ্দেশ্যটোৱেই হৈছে অসমক আত্মনিৰ্ভৰশীল অসমলৈ ৰূপান্তৰিত কৰা আৰু ইয়াৰ যোগেদি এখন আত্মনিৰ্ভৰশীল ভাৰতৰ গতি ত্বৰান্বিত কৰা। অসমৰ বাবে আটাইতকৈ ডাঙৰ এডভাণ্টেজটো- মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, যিয়ে অনবৰতে অসমৰ লগত আছে৷ যেতিয়ালৈকে মোদী ডাঙৰীয়া আমাৰ শুভাকাংক্ষী হৈ থাকিব, অসমৰ সদায়েই এডভাণ্টেজ থাকিব৷ ২০১৮ চনত আৰম্ভ হোৱা এই এডভাণ্টেজ আছামৰ প্ৰথম যাত্ৰাক আজি আৰু এখোজ সফলতাৰে আগবঢ়াই নিয়াৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা প্ৰশংসাৰ পাত্ৰ।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm
নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

July 6, 2026 4:16 pm
আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm
নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

July 6, 2026 4:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd