• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ট্ৰাম্প-জেলেনস্কিৰ বৈঠকত বাক্ বিতণ্ডা-উত্তেজনা; নহ’ল চুক্তি, বাতিল যৌথ সংবাদমেল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2025 8:15 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইমান দিনে উত্তৰ-প্ৰত্যুত্তৰেৰে কথাৰ কটাকটি চলিছিল; কিন্তু এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ মাজত মুখামুখিকৈ হ’ল তৰ্কযুদ্ধ। শুকুৰবাৰে হোৱাইট হাউছৰ অভাল অফিচত অনুষ্ঠিত হোৱা বৈঠকৰ সময়ত তেওঁলোকে উত্তপ্ত কথাৰ আদান-প্ৰদান কৰে। ইয়াৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিত ইউক্ৰেইনৰ খনিজ সম্পদৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্ৰণ সন্দৰ্ভত দুয়োগৰাকী নেতাই চুক্তি স্বাক্ষৰ কৰাৰ কথা আছিল যদিও শেষত সেয়া নহ’ল।

ৰাছিয়াৰ সৈতে তিনি বছৰীয়া যুদ্ধৰ সময়ত ইউক্ৰেইনে ট্ৰাম্পৰ পূৰ্বৰ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জো বাইডেনৰ প্ৰশাসনৰ পৰা কোটি কোটি ডলাৰৰ অস্ত্ৰ আৰু আৰ্থিক সাহায্য লাভ কৰিছিল; কিন্তু ২০ জানুৱাৰীত ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত পৰিস্থিতি সলনি হৈছে। জেলেনস্কিক সমালোচনা কৰিছে ট্ৰাম্পে। যুদ্ধৰ বাবে তেওঁ জেলেনস্কিক দোষ দি আহিছিল। সেয়ে, কালিৰ বৈঠকখনলৈ সকলোৰে চকু আছিল।

Apply Now

ট্ৰাম্পে সাংবাদিকৰ সন্মুখতে বক্তব্য প্ৰদান কৰি জেলেনস্কিক ইটোৰ পিছত সিটোকৈ আক্ৰমণ কৰে। ট্ৰাম্পে জেলেনস্কিক “তৃতীয় বিশ্বযুদ্ধক লৈ জুৱা খেলা” বুলি অভিযোগ কৰে। তেওঁ কয়, ‘আপোনাৰ দেশৰ মানুহবোৰ বৰ সাহসী; কিন্তু হয় আপুনি (ৰাছিয়াৰ সৈতে) চুক্তি কৰিব লাগিব নহয় আমি আপোনাৰ লগত আৰু নাই। আৰু আমি যদি নাথাকো তেন্তে আপুনি অকলে যুঁজিব লাগিব।’

ট্ৰাম্প আৰু জেলেনস্কিৰ মাজৰ মতানৈক্য এসময়ত চিঞৰ-বাখৰ, ধমকনিৰ পৰ্যায়ত পৰিণত হয়। “জেলেনস্কিয়ে যুদ্ধত পৰাস্ত হৈছে” বুলি দাবী কৰি ট্ৰাম্পে কয় যে, “মানুহৰ মৃত্যু হৈছে। যুদ্ধৰ বাবে জোৱানৰ সংখ্যাও ক্ৰমান্বয়ে কমি আহিছে। আপোনাৰ হাতত কোনো কাৰ্ড (বিকল্প) নাই। আমি এবাৰ চুক্তিত স্বাক্ষৰ কৰিলে আপোনাৰ অৱস্থা ভাল হ’ব। কিন্তু আপোনাক একেবাৰেই কৃতজ্ঞ যেন নালাগে। সঁচা কথা ক’বলৈ গ’লে এইটো ভাল কথা নহয়।”

ট্ৰাম্পে জেলেনস্কিক কয় যে যুদ্ধৰ অন্ত পেলাবলৈ ৰাছিয়াৰ সৈতে চুক্তি কৰিব বিচাৰিলে ইউক্ৰেইনে ৰেহাই দিব লাগিব। তেওঁ কয়, “ৰেহাই দিয়াৰ অবিহনে আপুনি চুক্তি কৰিব নোৱাৰে। সেয়ে নিশ্চিতভাৱে কব পাৰি তেওঁ (জেলেনস্কিয়ে) কিছু ৰেহাই দিব লাগিব। কিন্তু আশা কৰো মানুহে কোৱাৰ দৰে কোনো ডাঙৰ ৰেহাই দিব নালাগিব।”

ট্ৰাম্পৰ এই মন্তব্যৰ প্ৰতি সঁহাৰি জনাই জেলেনস্কিয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নাম উল্লেখ কৰি কয় যে হত্যাকাৰীক কোনো ধৰণৰ নম্ৰতা দিয়া উচিত নহয়। জেলেনস্কিয়ে পুটিনৰ ওপৰত ট্ৰাম্পৰ নৰম স্থিতিক সমালোচনা কৰে। তেওঁ ট্ৰাম্পক কোনো হত্যাকাৰীৰ সৈতে কোনো ধৰণৰ আপোচ নকৰিবলৈ আহ্বান জনায়।

কেৱল ট্ৰাম্পেই নহয়, আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সেও জেলেনস্কিৰ সৈতে তৰ্কত লিপ্ত হয়। অ’ভাল অফিচত কাজিয়াত লিপ্ত হৈ জেলেনস্কিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিক অসন্মান কৰা বুলি মন্তব্য কৰি ভ্যান্সে কয় যে, “আপুনি এবাৰো কৃতজ্ঞতা প্ৰকাশ নকৰিলে।” ভ্যান্সৰ কথাত মূৰ জোকাৰি ট্ৰাম্পে সঁহাৰি দিয়ে। সেই সময়ত জেলেনস্কিয়ে উচ্চস্বৰে উত্তৰ দিয়ে, “বহুবাৰ কৈছো, আমেৰিকাৰ জনগণক ধন্যবাদ।”

হোৱাইট হাউছত বৈঠকৰ অন্তত বিদেশী নেতাৰ সৈতে যৌথ সংবাদমেল অনুষ্ঠিত কৰাটো আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বাবে এক পৰম্পৰাত পৰিণত হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ সৈতে জেলেনস্কিৰ উত্তপ্ত কথা আদান-প্ৰদানৰ পিছতো হোয়াইট হাউছে কয় যে কিছু সময়ৰ পিছতে দুয়োগৰাকী নেতাই সংবাদমেল অনুষ্ঠিত কৰিব। তাত ইউক্ৰেইনৰ খনিজ সম্পদ সন্দৰ্ভতো চুক্তি স্বাক্ষৰ কৰিব।

"You've gotta be more thankful" — remarkable scenes out of the White House as Trump and JD Vance team up to do Putin's bidding and demean Zelenskyy pic.twitter.com/wjp8UfqN0G

— Aaron Rupar (@atrupar) February 28, 2025

কিন্তু কিছু সময়ৰ পাছতে হোৱাইট হাউছে সংবাদমেল বাতিল কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ পিছত জেলেনস্কি আৰু তেওঁৰ সৈতে যোৱা ইউক্ৰেইনৰ অন্যান্য বিষয়াসকলক হোৱাইট হাউছৰ পৰা ওলাই অহা দেখা গৈছিল।

জেলেনস্কিৰ সৈতে হোৱা বৈঠকৰ পিছত ট্ৰাম্পে নিজৰ মালিকানাধীন ছ’চিয়েল মিডিয়া ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত লিখিছে যে জেলেনস্কিয়ে “আমেৰিকা আৰু এই দেশৰ বাবে সন্মানৰ স্থান অ’ভেল অফিচক (হোৱাইট হাউচত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়) অসন্মান কৰিছে”। তেওঁ কয়, “যিদিনা তেওঁ (জেলেনস্কি) শান্তিৰ বাবে সাজু হ’ব, সেইদিনা তেওঁ (হোৱাইট হাউছলৈ) ঘূৰি আহিব পাৰিব।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd