২৪ ঘণ্টাৰো অধিক সময় পাৰ হৈ গ’ল। উত্তৰাখণ্ডৰ বদ্ৰীনাথৰ সমীপৰ মানা গাঁৱত এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান। ৰাজ্য আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ উপৰি ভাৰত-তিব্বত সীমান্ত আৰক্ষীয়েও হিমস্খলনৰ তলত আবদ্ধ শ্ৰমিকৰ সন্ধানত অভিযান চলাই আছে। ভাৰতীয় সেনায়ো শুকুৰবাৰৰ পৰা শ্ৰমিকক উদ্ধাৰৰ চেষ্টা চলাই আহিছে। অৱশ্যে শনিবাৰে বিয়লিলৈকে ৫০ জন শ্ৰমিকক উদ্ধাৰ কৰা হৈছে। ভাৰতীয় সেনাই জনোৱা মতে, ইয়াৰে চাৰিজনৰ মৃত্যু হৈছে। এতিয়াও আবদ্ধ হৈ আছে পাঁচজন লোক।
শুকুৰবাৰে উত্তৰাখণ্ডৰ চামোলী জিলাৰ মানা গাঁৱত এক হিমস্খলনৰ সৃষ্টি হয়। সেই গাঁৱৰ সীমান্ত পথ সংস্থাৰ কমেও ৫৫ জন শ্ৰমিক আবদ্ধ হৈ পৰে। তেওঁলোকৰ এটা শিবিৰৰ সমীপত সংঘটিত হয় এই হিমস্খলন। ঘটনাৰ লগে লগে উদ্ধাৰ কাম আৰম্ভ হয়। অৱশ্যে প্ৰতিকূল বতৰৰ বাবে শুকুৰবাৰে বাৰে বাৰে উদ্ধাৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি হয়। ছয়ৰ পৰা সাত ফুট ডাঠ চাদৰেৰে সেই ঠাইখিনি ঢাকি ৰখা হয়। তাৰ লগতে অহৰহ বৰফ পৰি থাকে। কম দৃশ্যমানতাই উদ্ধাৰ অভিযানত সমস্যাৰ সৃষ্টি কৰিছে। আনকি হেলিকপ্টাৰখনো তাত অৱতৰণ কৰিব পৰা নগ’ল। যদিও শুকুৰবাৰে নিশালৈকে ৩২ জন শ্ৰমিকক হিমস্খলনৰ পৰা উলিয়াই আনিবলৈ সক্ষম হৈছিল, তথাপিও গোটেই নিশাটো প্ৰায় ২৫ জন শ্ৰমিক তাত আবদ্ধ হৈ আছিল।
শনিবাৰে পুৱা পুনৰ উদ্ধাৰ অভিযান আৰম্ভ হয়। বতৰ সামান্য উন্নতি হোৱাত সেনাই ঘটনাস্থলীত এখন হেলিকপ্টাৰ অৱতৰণ কৰে। উদ্ধাৰ কৰা শ্ৰমিক কেইজনক যোছিমাথৰ সামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। ভাৰতীয় সেনাৰ সূত্ৰৰ পৰা জানিব পৰা মতে, আহত শ্ৰমিকৰ ভিতৰত চাৰিজন শ্ৰমিকৰ চিকিৎসাৰ সময়ত মৃত্যু হয়।
ইতিমধ্যে চামোলী আৰক্ষীয়ে মানাৰ হিমস্খলনত আবদ্ধ হৈ থকা ৫৫ জন শ্ৰমিকৰ নামৰ তালিকা প্ৰকাশ কৰিছে। এই তালিকাত উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা ১১ জনকৈ শ্ৰমিকৰ নাম সন্নিবিষ্ট কৰা হৈছে। ইয়াৰ বাহিৰেও হিমাচল প্ৰদেশৰ ৭ জন, জম্মু-কাশ্মীৰৰ এজন আৰু পঞ্জাৱৰ এজন শ্ৰমিক আছে। বাকী ১৩ জন শ্ৰমিকৰ ঠিকনা এতিয়াও জানিব পৰা হোৱা নাই। সেই ১৩ জনৰ ভিতৰত ১০ জনৰ সম্পূৰ্ণ নাম আৰু আধাৰ নম্বৰ জানিব পৰা হোৱা নাছিল।