• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চেম্পিয়নছ ট্ৰফীৰ পৰা বিদায় আফগানিস্তানৰ; ইংলেণ্ডক হৰুৱাই ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2025 8:12 am
173
VIEWS
Share on FacebookShare on Twitter

চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলৰ বাবে চাৰিটা দল চূড়ান্ত হৈছে। গ্ৰুপৰ অন্তিমখন খেলত ইংলেণ্ডক পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাই অন্তিম চাৰিটা দলত স্থান দখল কৰে। দক্ষিণ আফ্ৰিকাই কেৱল শেষ চাৰিটাত স্থান লাভ কৰাই নহয়, শীৰ্ষৰ পৰা শেষ চাৰিটালৈও স্থান লাভ নিশ্চিত কৰে। দক্ষিণ আফ্ৰিকাই শনিবাৰে ইংলেণ্ডক ৭ উইকেটত পৰাস্ত কৰে।

ইতিমধ্যে আফগানিস্তানৰ হাতত পৰাস্ত হৈ ইংলেণ্ড চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ হৈছে। সেইদিনাৰ পৰাজয়ত বাটলাৰৰ দল যে কিমান বিধ্বস্ত হৈ পৰিছে সেয়া শনিবাৰে তেওঁলোকৰ শৰীৰৰ ভাষাত দেখা গৈছিল। ইংলেণ্ড দলৰ মাজত বিজয়ৰ ক্ষুধা নাছিল।

প্ৰথমে বেটিং কৰি মেককালাম ব্ৰিগেডে মাত্ৰ ১৭৯ ৰান সংগ্ৰহ কৰি অল আউট হয়। জো ৰুট (৩৭), বেন ডাকেট (২৪), আৰু জোছ বাটলাৰে (২১) ইনিংছটো ভালকৈ আৰম্ভ কৰিছিল যদিও তেওঁলোকৰ কোনোৱেই ডাঙৰ ইনিংছ গঢ়ি তুলিব পৰা নাছিল। দক্ষিণ আফ্ৰিকাৰ হৈ মাৰ্কো জান্সেন আৰু মুল্ডাৰে ৩টাকৈ উইকেট দখল কৰে।

ইয়াৰ উত্তৰত দক্ষিণ আফ্ৰিকাই ভাল আৰম্ভণি নকৰিলেও ভ্যান ডেৰ ডুচেন আৰু ক্লাচেনৰ পাৰ্টনাৰশ্বিপৰ ওপৰত নিৰ্ভৰ কৰি মাত্ৰ ২৯ অভাৰ আৰু ১ টা বলত লক্ষ্যত উপনীত হয়। ভেন ডেৰ ডুচেনে ৭২ আৰু ক্লাচেনে ৬৪ ৰান সংগ্ৰহ কৰে। দক্ষিণ আফ্ৰিকাই ৩টা উইকেট হেৰুৱাই সহজেই জয়লাভ কৰে।

দক্ষিণ আফ্ৰিকা অৱশ্যে খেলখনৰ প্ৰথম ইনিংছৰ শেষতে ছেমি ফাইনেলত নিশ্চিত হৈছিল। আফগানিস্তানে ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ হ’লে ইংলেণ্ডে কমেও ২০৮ ৰানত জয়লাভ কৰিবলগীয়া আছিল। অৱশ্যে ইংৰাজ দলটোৱে প্ৰথম ইনিংছত মাত্ৰ ১৭৯ ৰানহে সংগ্ৰহ কৰে। ইয়াৰ পিছত নিশ্চিত হয় যে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাই গ্ৰুপ ২ৰ পৰা ছেমি ফাইনেলত প্ৰৱেশ কৰিব।

ইংলেণ্ডক পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাই গ্ৰুপৰ শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়াই দ্বিতীয় স্থান লাভ কৰে। দেওবাৰে যদি ভাৰতে নিউজিলেণ্ডক পৰাস্ত কৰে তেন্তে গ্ৰুপত শীৰ্ষস্থান দখল কৰিব ভাৰতে। তেনে ক্ষেত্ৰত ছেমি ফাইনেলত প্ৰতিদ্বন্দ্বী দল হ’ব অষ্ট্ৰেলিয়া। আৰু দেওবাৰে যদি ৰোহিত বাহিনী পৰাস্ত হয় তেন্তে দ্বিতীয় স্থানত থাকিব টিম ইণ্ডিয়া। তেনে ক্ষেত্ৰত ছেমি ফাইনেলৰ প্ৰতিদ্বন্দ্বী হ’ব দক্ষিণ আফ্ৰিকা।

সংক্ষিপ্ত স্কোৰঃ

ইংলেণ্ড: ১৭৯ (ৰুট ৩৭, আৰ্চাৰ ২৫)

দক্ষিণ আফ্ৰিকা: ১৮১-৩ (ভান ডেৰ ডুচেন ৭২, ক্লাচেন ৬৪)

দক্ষিণ আফ্ৰিকাই ৭ উইকেটত জয়লাভ কৰে।

Recent News

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd