দুবাৰকৈ পৰীক্ষাৰ তাৰিখ পিছুৱালে চিকিৎসা শিক্ষা সঞ্চালকালয়ে। চিকিৎসা মহাবিদ্যালয় সমূহৰ বাবে অনুষ্ঠিত হ’বলগীয়া তৃতীয় বৰ্গৰ অকাৰিপৰী বিভাগৰ পদসমূহৰ পৰীক্ষাক লৈ হেতালি খেলিছে চিকিৎসা শিক্ষা সঞ্চালকালয়ে।
উল্লেখ্য যে ২০২৩ চনতেই হৈছিল এই পদ সমূহৰ প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া। কিন্তু এতিয়ালৈকে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সময় নাপালে শিক্ষা সঞ্চালকালয়ে।
জানিব পৰা মতে, অহা ৩০ মার্চতহে অনুষ্ঠিত হ’ব তৃতীয় বৰ্গৰ (অকাৰিকৰী) পদৰ নিযুক্তিৰ লিখিত পৰীক্ষা। চিকিৎসা শিক্ষা সঞ্চালকালয়ে আজি এখন জাননীযোগে ঘোষণা কৰিছে এই কথা।
উল্লেখ্য যে ২০২৩ চনত প্ৰ-পত্ৰ পূৰণ কৰাৰ পিছত পুনৰ ২০২৪ চনৰ ২৬ জানুৱাৰীত এই পদসমূহৰ বাবে প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া মুকলি কৰা হয়।
এই অনুসৰি যোৱা ৭ জানুৱাৰীত উক্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল বিভাগটোৱে। ৭ জানুৱাৰীত পৰীক্ষা দিবলৈ সাজু হৈছিল পৰীক্ষাৰ্থীসকল। কিন্তু ৭ জানুৱাৰীৰ সলনি পুনৰ ৯ মাৰ্চলৈ পিছুৱাই দিয়া হৈছিল পৰীক্ষাটো। ৯ মাৰ্চত পৰীক্ষা দিবলৈ আকৌ সাজু হৈছিল পৰীক্ষাৰ্থীসকল। কিন্তু ৯ মাৰ্চৰ পূৰ্বে পৰীক্ষাৰ তাৰিখ সলাই ৩০ মাৰ্চত পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিলে চিকিৎসা শিক্ষা সঞ্চালকালয়ে।