খিলঞ্জীয়াৰ অস্তিত্ব বিপদাপন্ন কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত আজি পুৱা গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত আছু আৰু ২৮টা জনগোষ্ঠীয় সংগঠনে আৰম্ভ কৰিছে গণ অনশন কাৰ্যসূচী।
পুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা এই গণ অনশন কাৰ্যসূচীত বহু সংখ্যক ৰাইজৰ লগতে অসম সাহিত্য সভা, সদৌ অসম কৰ্মচাৰী পৰিষদ, ৮টা জনগোষ্ঠীয় সাহিত্য সভাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি জাতিধ্বসী বিধেয়কখন বাতিল কৰাৰ দাবী উত্থাপন কৰিছে।
আজিৰ এই গণ অনশন কাৰ্যসূচীত অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ অসম চুক্তি উলংঘা কৰি কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ লগতে অসম চুক্তি নিৰ্ধাৰিত কাৰ্যসূচীৰে ৰূপায়ণ কৰা, অসম চুক্তিৰ আধাৰত অসমৰ খিলঞ্জীয়াক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰা, ভাৰত-বাংলাদেশ সীমান্ত শীঘ্ৰেই ছীল কৰা, অসম চুক্তিৰ আধাৰত অবৈধ বাংলাদেশীক বহিষ্কাৰ কৰিবলৈ ভাৰত চৰকাৰ আৰু বাংলাদেশ চৰকাৰৰ মাজত দ্বিপাক্ষিক চুক্তি সম্পাদন কৰাৰ দাবীত উত্তাল হৈ পৰে সদৌ অসম ছাত্ৰ সন্থা আৰু ৰাজ্যখনৰ ২৮টা জনগোষ্ঠীয় সংগঠন।
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক কঠোৰ সকীয়নি দি বিতৰ্কিত বিধেয়কখন যিকোনো মূল্যৰ বিনিময়ত বাতিল কৰিবই লাগিব বুলি প্ৰকাশ কৰে।
উল্লেখযোগ্য যে আজিৰ এই গণ অনশন কাৰ্যসূচীত শিল্প, সাহিত্য, সমাজ জীৱনৰ লগত জড়িত ভালেসংখ্যক ব্যক্তিয়ে অংশগ্ৰহণ কৰি বিধেয়কখন বাতিল কৰাৰ দাবী জনায়।