অসমৰ সৈতে চুবুৰীয়া ৰাজ্যৰ সীমা বিবাদক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে আম আদমী পাৰ্টিয়ে। নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত চুবুৰীয়া ৰাজ্য নাগালেণ্ড, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ সৈতে থকা অসমৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ সমাধানৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সাংগঠিনক ) ৰাজীৱ শইকীয়াই ৷
২০১৪ চনত কেন্দ্ৰত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ আৰু ২০১৬ ত বিজেপি, অগপ আৰু অন্যান্য দলৰ মিত্ৰজোঁটে আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠন কৰিছিল ৷ কিন্তু ক্ষমতালৈ অহাৰ পাছত তেওঁলোকে প্ৰতিশ্ৰুতি পূৰণ নকৰিলে ৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এই অভিযোগ আপৰ সাধাৰণ সম্পাদক শইকীয়াৰ ৷
আজি গুৱাহাটীত প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত আপৰ নেতাগৰাকীয়ে কয়, “বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দুখন সংসদ আৰু বিধানসভাত তথ্য দাখিলতেই সীমাবদ্ধ, সমস্যা সমাধানৰ কোনোধৰণৰ ফলপ্ৰসু পদক্ষেপ তেওঁলোকৰ নাই ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অৱহেলাৰ বাবেই সীমান্তৰ ৰাইজ অশান্তিত দিন কটাবলগীয়া হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চুবুৰীয়া ৰাজ্যকেইখনলৈ ভয় কৰে ৷ কেন্দ্ৰীয় চৰকাৰে ৰহস্যজনক কাৰণত সীমা সমস্যা জীয়াই ৰাখিব বিচাৰে ৷ ইয়াৰ ফলস্বৰূপে অসম- নাগালেণ্ড সীমান্তত নিতৌ ন ন অঞ্চল নগাৰ দখললৈ গৈছে। ” এই অভিযোগ আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক ( সংগঠন ) ৰাজীব শইকীয়াৰ ।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত ৰাজীৱ শইকীয়াই কয়, ” শেহতীয়াকৈ অসম নগালেণ্ড সীমান্তত নগালেণ্ড চৰকাৰে অ’ এন জি চি ৰ খাৰুৱা তেলৰ ৰীগ ভয় ভাবুকিৰে উঠাই পঠিয়াইছে ৷ অসমৰ মাটিত নগাই নিৰ্মাণ কাৰ্য চলাইছে ৷ ইয়াৰ পিছতো কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে চকু মুদা কুলিৰ ভাও ধৰিছে। অসমৰ স্বাৰ্থ ৰক্ষাৰ বিপৰীতে চৰকাৰৰ এনে দুৰ্বল স্থিতি কোনো পধ্যেই মানি ল’ব পৰা নাযায়। “