• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমষ্টি পুনৰ্নিদ্ধাৰণত বিজেপিৰ ষড়যন্ত্ৰ! ৭ গৰাকী মুখ্যমন্ত্ৰীক একেলগে যুঁজ দিয়াৰ বাৰ্তা ষ্টেলিনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2025 8:59 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিয়ে লোকসভাৰ আসনৰ সালসলনিৰ জৰিয়তে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ অধিকাৰ কৰ্তন কৰিব পাৰে। দক্ষিণ ভাৰতৰ ৰাজনৈতিক দলসমূহে দীৰ্ঘদিন ধৰি এই আশংকা প্ৰকাশ কৰি আহিছে। এতিয়া তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা ডি এম কেৰ মুৰব্বী এম কে ষ্টেলিনে সেই বিষয়টোক লৈ কেন্দ্ৰৰ বিৰুদ্ধে এক প্ৰকাৰৰ ‘যুদ্ধ’ ঘোষণা কৰিছে।

অৱশ্যে তেওঁ অকলে নহয়, ষ্টেলিনে এই যুঁজত আন কমেও ৭ গৰাকী মুখ্যমন্ত্ৰীৰ সমৰ্থন বিচাৰিছে। ইয়াৰ ভিতৰত বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্রীও আছে৷ ষ্টেলিনে সাতগৰাকী মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখি কেন্দ্ৰৰ সম্ভাৱ্য সমষ্টি পুনৰ্নিদ্ধাৰণ নীতিৰ বিৰোধিতা কৰি একত্ৰিত হ’বলৈ আহ্বান জনাইছে।

Apply Now

যদি সকলো ঠিকে থাকে তেন্তে অতি শীঘ্ৰে লোকসভাৰ আসন পুনৰ্নিদ্ধাৰণ কৰিব কেন্দ্ৰই। নতুন সংসদ ভৱন উদ্বোধনৰ দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই ইংগিত দিছিল। কংগ্ৰেছৰ লগতে আন বিৰোধী দলসমূহে বিজেপিয়ে নিজৰ সুবিধাৰ অনুকূলে আসন পুনৰ্নিদ্ধাৰণ কৰিবলৈ নিজৰ ক্ষমতা ব্যৱহাৰ কৰিব বুলি আশংকা কৰিছে।

দৰাচলতে জনসংখ্যাৰ ওপৰত ভিত্তি কৰি যদি নতুন আসন বন্টন কৰা হয়, তেন্তে দক্ষিণ ভাৰত বা পশ্চিম বংগৰ দৰে ৰাজ্যৰ তুলনাত গোবলয়ৰ ৰাজ্যত আসনৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব। কাৰণ এই অঞ্চলটোৰ ৰাজ্যসমূহৰ জনসংখ্যা তেওঁলোকৰ এলেকাতকৈ বেছি। বিৰোধীয়ে বিশ্বাস কৰে যে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত আসনৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব, য’ত বিজেপি অতি শক্তিশালী। পশ্চিমবংগ, মহাৰাষ্ট্ৰ, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, কেৰালাৰ দৰে ৰাজ্যত তুলনামূলকভাৱে লোকসভাৰ আসনৰ সংখ্যা বহু কম বৃদ্ধি পাব।

এই ভয়ৰ বাবেই ষ্টেলিনে অ-বিজেপি ৰাজ্যসমূহক একত্ৰিত কৰিবলৈ চেষ্টা কৰিছে। তেওঁ ৭খন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি লোকসভাৰ আসন পুনৰ্নিদ্ধাৰণৰ বিৰুদ্ধে থিয় দিয়াৰ আহ্বান জনাইছে। এই তালিকাত আছে পশ্চিবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া, তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ লগতে এন ডি এৰ মিত্ৰজোঁটৰ অংশ অন্ধ্ৰৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু বিজেপি শাসিত ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি।

ষ্টেলিনে এই ৰাজ্যসমূহৰ বিভিন্ন দলৰ মুৰব্বীসকললৈও পত্ৰ লিখিছে। তেওঁৰ এই পত্ৰ কেইবাজনো প্ৰাক্তন মুখ্যমন্ত্ৰীলৈ পঠিয়াইছে। দৰাচলতে ষ্টেলিনে বিচাৰে যে সকলোৱে, দল যিয়েই নহওক কিয়, ৰাজ্যৰ স্বাৰ্থৰ বাবে যুঁজিবলৈ আগবাঢ়ি আহিব লাগে। সেয়ে তেওঁ সম্ভাৱ্য বঞ্চিত ৰাজ্যৰ তালিকাত থাকিব পৰা ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলকো যুঁজিবলৈ আহ্বান জনাইছে। তেওঁ স্পষ্ট কৰি দিছে যে যদি যিকোনো ৰাজ্যৰ বিজেপি নেতাই ৰাজ্য আৰু ফেডাৰেল গাঁথনি ৰক্ষাৰ যুঁজত আগবাঢ়ি আহিব বিচাৰে তেন্তে তেওঁলোকক লগত লৈ যোৱাত তেওঁৰ কোনো আপত্তি নাই।

The Union Govt's plan for #Delimitation is a blatant assault on federalism, punishing States that ensured population control & good governance by stripping away our rightful voice in Parliament. We will not allow this democratic injustice!

I have written to Hon'ble Chief… pic.twitter.com/1PQ1c5sU2V

— M.K.Stalin (@mkstalin) March 7, 2025

ষ্টেলিনে পত্ৰখনত লিখিছে যে যদি লোকপিয়ল অনুসৰি আসনসমূহ পুনৰ্নিদ্ধাৰণ কৰা হয়, তেন্তে জন্মৰ হাৰ অতি ভালদৰে নিয়ন্ত্ৰণ কৰা ৰাজ্যসমূহে এক ক্ষতিৰ সন্মুখীন হ’ব। সমষ্টিৰ প্ৰতিনিধিত্ব হ্ৰাস পাব। সেইটো ৰোধ কৰিবলৈ তেওঁ যৌথ কাৰ্য্য সমিতি গঠন কৰিব বিচাৰে।

তেওঁ মুখ্যমন্ত্ৰীসকলক অনুৰোধ জনাইছে যে, “আপুনি আনুষ্ঠানিকভাৱে যৌথ কাৰ্য্য সমিতিত যোগদান কৰক আৰু এই সমিতিলৈ এজন জ্যেষ্ঠ নেতাক পঠিয়াই একত্ৰিত কৌশল গ্ৰহণ কৰাত সহায়ৰ হাত আগবঢ়াওক।” তেওঁ ২২ মাৰ্চত চেন্নাইত যৌথ কাৰ্য্য সমিতিৰ প্ৰথমখন বৈঠকৰো আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd