• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চোৰাংচোৱাগিৰিৰ অভিযোগ! দুজন ব্ৰিটিছ কূটনীতিবিদক ৰাছিয়া এৰি যাবলৈ নিৰ্দেশ পুটিন চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2025 5:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুজন ব্ৰিটিছ কূটনীতিবিদৰ বিৰুদ্ধে চোৰাংচোৱাগিৰিৰ অভিযোগ উত্থাপন কৰিছে ৰাছিয়াই। সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা তথ্য অনুসৰি মস্কোৱে কূটনৈতিক বিষয়া দুজনক দুসপ্তাহৰ ভিতৰত ৰাছিয়া এৰি যাবলৈ নিৰ্দেশ দিছে। বৰ্তমান ভ্লাদিমিৰ পুটিনৰ প্ৰশাসনে আমেৰিকাৰ সৈতে কূটনৈতিক সম্পৰ্ক উন্নীতকৰণৰ চেষ্টা চলাই আছে। কিন্তু ইউৰোপীয় দেশসমূহৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আপাত দৃষ্টিত নিম্নগামী সৰ্পিল গতিৰ দিশে আগবাঢ়িছে। সোমবাৰে ৰাছিয়াই পুনৰ একেটা ভাবমূৰ্তি উত্থাপন কৰি দুজন ব্ৰিটিছ কূটনীতিবিদক গুচি যাবলৈ নিৰ্দেশ দিলে।

মস্কোৰ অভিযোগৰ পাছতে ব্ৰিটিছ দূতাবাসৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল ৰয়টাৰে। অৱশ্যে দূতাবাসৰ পৰা এই পৰ্যন্ত কোনো সঁহাৰি পোৱা নাই। ইয়াৰ পূৰ্বেও কেইবাবাৰো একেধৰণৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে ব্ৰিটিছ দূতাবাসে এই অভিযোগ অস্বীকাৰ কৰে। আমেৰিকাত দ্বিতীয়বাৰৰ বাবে ড’নাল্ড ট্ৰাম্প ক্ষমতালৈ অহাৰ পাছত ৰাছিয়াৰ সৈতে সেই দেশখনৰ কূটনৈতিক সম্পৰ্ক সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে। আগতে আমেৰিকা আৰু ৰাছিয়াই ইজনে সিজনৰ কূটনীতিবিদক ‘ইটাৰ বিপৰীতে ইটা’ৰ নীতিৰে বহিষ্কাৰ কৰিছিল। ফলত দুয়োখন দেশৰ দূতাবাসত কৰ্মচাৰীৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিলে। ট্ৰাম্প ক্ষমতালৈ অহাৰ পাছত এই সমস্যা সমাধানৰ বাবে আমেৰিকা আৰু ৰাছিয়াৰ মাজত আলোচনা আৰম্ভ হয়। ৱাশ্বিংটন-মস্কোৰ আলোচনা আৰম্ভ হোৱাৰ পাছত সম্ভৱতঃ ৰাছিয়াই পশ্চিমীয়া দেশৰ পৰা কূটনীতিবিদক বহিষ্কাৰ কৰাটো প্ৰথমবাৰৰ বাবে দেখা গৈছে।

ৰাছিয়াৰ ফেডাৰেল ছিকিউৰিটি চাৰ্ভিচে জনোৱা মতে, ব্ৰিটিছ কূটনীতিবিদ দুজনে ৰাছিয়াত প্ৰৱেশ কৰাৰ সময়ত ভুৱা তথ্য প্ৰদান কৰিছিল। মস্কোৱে দাবী কৰে যে তেওঁলোকে চোৰাংচোৱাগিৰি আৰু বিধ্বংসী কাৰ্যকলাপৰ লক্ষণ দেখুৱাইছে, যিবোৰ ৰাছিয়াৰ বাবে ক্ষতিকাৰক। সংবাদ সংস্থা ৰয়টাৰ্ছৰ মতে, ইতিমধ্যে এই ঘটনাক লৈ ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে মস্কোত থকা ব্ৰিটিছ দূতাবাসৰ এজন বিষয়াক মাতি আনিছে।

দৰাচলতে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়ত ব্ৰিটেইনে কিয়েভৰ কাষত বাৰে বাৰে থিয় দি আহিছে। ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰেও ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ সমৰ্থনত কেইবাটাও মন্তব্য আগবঢ়াইছে। আমেৰিকাৰ সৈতে পুনৰ আলোচনা আৰম্ভ কৰিলে ষ্টাৰমাৰে জেলেনস্কিৰ লগত যাব বিচাৰে। ট্ৰাম্পৰ সৈতে হোৱাইট হাউছৰ বৈঠক ভাঙি পৰাৰ পাছত জেলেনস্কিয়ে ব্ৰিটেইন ভ্ৰমণ কৰি ষ্টাৰমাৰৰ সৈতে সাক্ষাৎ কৰে। ইয়াৰ পাছত ব্ৰিটেইনে ইউক্ৰেইনক ২.৮ বিলিয়ন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ২৪,৪০০ কোটি টকাতকৈও অধিক ঋণ দিয়াৰ সিদ্ধান্ত লয়। ব্ৰিটেইনে কয় যে এইটো ইউক্ৰেইনৰ প্ৰতিৰক্ষা খণ্ডৰ বাবে আৰ্থিক সাহায্য। পাছত জেলেনস্কিয়ে কয় যে এই ধন তেওঁলোকে অস্ত্ৰ নিৰ্মাণত ব্যৱহাৰ কৰিব। এই কূটনৈতিক উত্তেজনাৰ মাজতে মস্কোৱে দুজন ব্ৰিটিছ কূটনীতিবিদক ৰাছিয়া এৰি যাবলৈ নিৰ্দেশ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd