চেণ্ট্ৰেল বেংকিং লণ্ডনৰ ডিজিটেল ট্ৰেন্সফৰ্মেচন এৱাৰ্ড-২০২৫ৰ বাবে নিৰ্বাচিত হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)। ডিজিটেল ৰূপান্তৰণ আৰু আধুনিকীকৰণৰ ক্ষেত্ৰত আৰ বি আইৰ অগ্ৰণী ভূমিকাৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰা হৈছে।
চেণ্ট্ৰেল বেংকিং লণ্ডনে এক বিবৃতিত উল্লেখ কৰিছে যে, ভাৰতীয় ৰিজাৰ্ভ বেংকে বিগত দুটা বছৰত ডিজিটেল ৰূপান্তৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য অৰিহণা আগবঢ়াইছে। ইয়াৰ জৰিয়তে কাগজভিত্তিক প্ৰক্ৰিয়া হ্ৰাস কৰাৰ লগতে RBI-ৰ কাৰ্যকৰী পদ্ধতি অধিক সুগম আৰু দক্ষ হৈ উঠিছে।
উল্লেখ্য যে ২০২৪ চনৰ মে’ মাহত ডিজিটেল ৰূপান্তৰণ প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায়ত আৰ বি আইয়ে হিন্দী ভাষাত ‘প্ৰৱাহ’ (Pravah) নামৰ এক ডিজিটেল প্লেটফৰ্ম সাফলতাৰে আৰম্ভ কৰিছিল। এই প্লেটফৰ্মৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে RBI-ত নিয়ন্ত্ৰণমূলক আবেদনসমূহ ডিজিটেলভাৱে দাখিল কৰিব পাৰে। ইয়াৰ উপৰিও, প্ৰৱাহ পৰ্টেলৰ জৰিয়তে দাখিল কৰা নথি-পত্ৰসমূহ এটা সৰ্থী ডাটাবেছত সংৰক্ষণ কৰা হয়, যিটো আৰ বি আইৰ কাৰ্যালয়সমূহৰ মাজত ডিজিটেলভাৱে চম্ভালিব পৰা যায়। ইয়াৰ লগতে কেন্দ্ৰীভূত চাইবাৰ সুৰক্ষা ব্যৱস্থা আৰু ডিজিটেল ট্ৰেকিঙৰ সুবিধাও সংযুক্ত কৰা হৈছে।
চেণ্ট্ৰেল বেংকিং লণ্ডনে এই ডিজিটেল পদক্ষেপসমূহক এক উল্লেখযোগ্য সাফল্য হিচাপে অভিহিত কৰিছে। আৰ বি আইৰ এই সাফল্যই ভাৰতৰ বেংকিং খণ্ডক এক নতুন উচ্চতালৈ লৈ যাব বুলি আশা প্ৰকাশ কৰিছে।