• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

খগেশ সেন ডেকাঃ এক গণতান্ত্ৰিক সত্ত্বা, ৰসগ্ৰাহী বিদ্বান

ৰাজেন কলিতা by ৰাজেন কলিতা
March 20, 2025 1:29 pm
খগেশ সেন ডেকাঃ এক গণতান্ত্ৰিক সত্ত্বা, ৰসগ্ৰাহী বিদ্বান
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰয়াত খগেশ সেন ডেকাক মই প্ৰথম লগ পাওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত ১৯৭৫ চনত। তেওঁ অসমীয়া বিভাগৰ আৰু মই ইংৰাজীৰ ছাত্ৰ আছিলোঁ।আমাৰ আদৰ্শগত মিল আছিল। তদুপৰি খগেশৰ শান্ত,ভদ্ৰ আৰু শালীন কথা-বাৰ্তা, ব্যৱহাৰে মোক তেওঁৰ ওচৰ চপাই নিছিল। জৰুৰীকালীন অৱস্থাৰ সময়ত যেতিয়া বাক্-স্বাধীনতা ৰুদ্ধ হৈ গৈছিল তেতিয়া বিশ্ববিদ্যালয়ৰ চৌহদে দিয়া আপেক্ষিক নিৰাপত্তাৰ সুযোগ লৈ আমি প্ৰকাশ কৰা ‘কণ্ঠস্বৰত কণ্ঠ মিলাই’ বোলা প্ৰাচীৰ পত্ৰিকাত গণতন্ত্ৰৰ সপক্ষে  প্ৰবন্ধ-পাতি, গল্প,কবিতা প্ৰকাশ কৰা হৈছিল। হাতে লিখি পত্ৰিকাখন প্ৰস্তুত কৰি উলিওৱাত খগেশৰ অৱদান আছিল প্ৰচূৰ।কেতিয়াবা ৰাতিটোৰ ভিতৰতে সুন্দৰ হাতৰ আখৰেৰে খগেশে সেইখন লিখি উলিয়াইছিল।সেইবোৰ কথা মনত পৰে। বিশ্ববিদ্যালয়ৰ পৰা ওলোৱাৰ পাছত, খগেশ সেন ডেকাই ছয়গাওঁ মহাবিদ্যালয়, বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত কিছু দিন অধ্যাপনা কৰাৰ পাছত স্থায়াকৈ বাইহাটা চাৰিআলিৰ পূৱ-কামৰূপ মহাবিদ্যালয় যোগদান কৰে আৰু কেইবছৰমান আগতে তাৰ পৰা অৱসৰ লয়। ইতিমধ্যে খগেশসেন ডেকাই ‘অসমীয়া ব্যাকৰণৰ ক্ৰমবিকাশঃ এটি বিশ্লেষণাত্মক অধ্যয়ণ’ শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। ড০ ডেকাৰ তত্বাৱধানত দহ গৰাকী গৱেষকে ডক্টৰেট ডিগ্ৰী পাইছে।ভাষাতাত্বিক বিষয়ৰ কেইবাখন গ্ৰন্থ ড০ ডেকাই ৰচনা কৰাৰ উপৰিও আন ধৰণৰো দুখনমান গ্ৰন্থ ৰচনা আৰু অনুবাদ কৰিছে।

এনে বিদ্যায়তনিক কাম-কাজবোৰৰ উপৰিও ড০ খগেশ সেন ডেকাই জনগণৰ সপক্ষে লোৱা উদ্যোগবোৰত সদায় সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। মানৱীয় মূল্যবোধেৰে সঞ্জীবিত এই সুন্দৰ মনৰ মানুহজন আৰু আমাৰ মাজত  নাই।এই কঠোৰ সত্যই অন্তৰত বৰ কষ্ট দিছে। কিডনীৰ ৰোগত আক্ৰান্ত হৈয়ো মনৰ জোৰ নেহেৰুৱাই বৃক্কসংৰোপণৰ দৰে জটিল আৰু কষ্টকৰ প্ৰক্ৰিয়াৰ মাজতেই তেওঁ গৌতম বুদ্ধৰ বিষয়ে  এখন কিতাপ অনুবাদ কৰি উলিয়ায়। বৃক্কসংৰোপণ হোৱাৰ পাছত মাজে-সময়ে তেওঁ অসুস্থ হৈ পৰিছিল। কিন্তু তেওঁ এনেকৈ কালি হঠাৎ আমাৰ মাজৰ পৰা গুছি যাব বুলি ভবা নাছিলোঁ। তেওঁৰ মৃত্যুত আমি এক গণতান্ত্ৰিক সত্ত্বা আৰু  ৰসগ্ৰাহী বিদ্বানক হেৰুৱালোঁ।

ৰাজেন কলিতা

ৰাজেন কলিতা

Stay Connected

  • 117k Fans

Recent News

গাগৰিণ নহয়, হনুমানজী আছিল বিশ্বৰ প্ৰথম মহাকাশচাৰী : স্কুলীয়া শিক্ষাৰ্থীক এই কথা বুজালে বিজেপিৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে

গাগৰিণ নহয়, হনুমানজী আছিল বিশ্বৰ প্ৰথম মহাকাশচাৰী : স্কুলীয়া শিক্ষাৰ্থীক এই কথা বুজালে বিজেপিৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে

August 25, 2025 9:44 am
পাঁচ মহীয়া গৰ্ভৱতী মহিলাক ডি*ঙি চে*পি হ*ত্যা ; পাঁচ টুকুৰাকৈ কাটি নদীত উটুৱালে স্বামীয়ে

পাঁচ মহীয়া গৰ্ভৱতী মহিলাক ডি*ঙি চে*পি হ*ত্যা ; পাঁচ টুকুৰাকৈ কাটি নদীত উটুৱালে স্বামীয়ে

August 25, 2025 8:40 am
বীৰ লাচিত সেনাৰ নেতাৰ দুই নেতাক বহিষ্কাৰ : শ্বপিং মলত ৫ লাখ টকা দাবীৰ অভিযোগ

বীৰ লাচিত সেনাৰ নেতাৰ দুই নেতাক বহিষ্কাৰ : শ্বপিং মলত ৫ লাখ টকা দাবীৰ অভিযোগ

August 25, 2025 8:09 am
গ্রীণ টিৰ উপকাৰিতা জানো আহক

গ্রীণ টিৰ উপকাৰিতা জানো আহক

August 25, 2025 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গাগৰিণ নহয়, হনুমানজী আছিল বিশ্বৰ প্ৰথম মহাকাশচাৰী : স্কুলীয়া শিক্ষাৰ্থীক এই কথা বুজালে বিজেপিৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে

গাগৰিণ নহয়, হনুমানজী আছিল বিশ্বৰ প্ৰথম মহাকাশচাৰী : স্কুলীয়া শিক্ষাৰ্থীক এই কথা বুজালে বিজেপিৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে

August 25, 2025 9:44 am
পাঁচ মহীয়া গৰ্ভৱতী মহিলাক ডি*ঙি চে*পি হ*ত্যা ; পাঁচ টুকুৰাকৈ কাটি নদীত উটুৱালে স্বামীয়ে

পাঁচ মহীয়া গৰ্ভৱতী মহিলাক ডি*ঙি চে*পি হ*ত্যা ; পাঁচ টুকুৰাকৈ কাটি নদীত উটুৱালে স্বামীয়ে

August 25, 2025 8:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd