• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেৰালাৰ সৰু লীগত খেলিছিল; মুম্বাই হাৰিলেও দৃষ্টি কাঢ়িলে অটো চালকৰ পুত্ৰ ২৪ বছৰীয়া ভিগনেশে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 24, 2025 9:26 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহুতে আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলি ভাৰতীয় ক্ৰিকেটত নিজৰ পৰিচয় গঢ়ি তুলিছে। যশপ্ৰীত বুমৰাহ, হাৰ্দিক পাণ্ডিয়া, সূৰ্য্যকুমাৰ যাদৱ, তিলক ভাৰ্মা এতিয়া ভাৰতীয় ক্ৰিকেটত চিনাকি মুখ। সেই তালিকাত নতুনকৈ সংযোজন হ’ব নেকি ভিগনেশ পুথুৰ? দেওবাৰে চেন্নাইৰ বিৰুদ্ধে তেওঁক নমাই মুম্বাইয়ে যি চমক দিলে, তাৰ পিছত এই প্ৰশ্ন উত্থাপন হোৱাটোৱে স্বাভাৱিক। মুম্বাই পৰাস্ত হ’লেও ভিগনেশে তিনিটা উইকেট দখল কৰি দৃষ্টি আকৰ্ষণ কৰে।

২৪ বছৰীয়া ভিগনেশে নিজৰ ৰাজ্য কেৰালাৰ হৈ কোনো ধৰণৰ ফৰ্মেটত এখনো মেচ খেলা নাই। কেৰালা ক্ৰিকেট লীগৰ এটা দলৰ হৈ তেওঁ ভাল খেলিছিল। তাতেই তেওঁৰ ওপৰত চকু পৰিল মুম্বাইৰ কৰ্তৃপক্ষৰ। তেতিয়াৰ পৰাই তেওঁক শিকাই বুজাই সাজু কৰি ৰখা হৈছিল। দেওবাৰে সেই আস্থাৰ দাম পালে মুম্বাইয়ে।

Apply Now

চেন্নাইৰ ইনিংছৰ অষ্টম অভাৰত বলিং কৰিবলৈ আহিছিল ভিগনেশ। সেই অভাৰত তেওঁ চেন্নাইৰ অধিনায়ক ৰুতুৰাজ গাইকোৱাডক আউট কৰে। পৰৱৰ্তী অভাৰত তেওঁ শিৱম ডুবেক ঘূৰাই পঠিয়ায়। দুয়োজনেই উঠাই মাৰিবলৈ গৈ বাউণ্ডেৰীৰ কাষত ধৰা পৰে। ভিগনেশে একেদৰেই প্ৰলোভিত কৰি দীপক হুদাক উভতাই পঠিয়ায়। ডিপ স্কোৱাৰ লেগত কেচ দি আউট হয় হুদা।

২০০১ চনৰ ২ মাৰ্চত কেৰালাৰ মালাপ্পুৰমৰ পেৰিন্থালমন্নাত জন্মগ্ৰহণ কৰিছিল ভিগনেশে। পিতৃ সুনীল কুমাৰ এজন অটো চালক। মা কে পি বিন্দু এগৰাকী গৃহিণী। আৰ্থিক দুৰ্দশাৰ মাজতো পিতৃ-মাতৃ দুয়োজনে ভিগনেশক ক্ৰিকেট খেলিবলৈ উৎসাহিত কৰি আহিছে। বৰ্তমান তেওঁ পিটিএম কলেজত সাহিত্য বিষয়ত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰি আছে।

কেৰালাৰ হৈ ১৪ বছৰ অনুৰ্ধ আৰু ১৯ বছৰ অনুৰ্ধ পৰ্যায়ত ক্ৰিকেট খেলিছে ভিগনেশে। সৰুতে ক্ৰিকেট খেলি থাকোঁতে ভিগনেশে মিডিয়াম পেচ আৰু কিছু স্পিন বলিং কৰিছিল। পিছত স্থানীয় প্ৰশিক্ষক মহম্মদ শ্বেৰিফৰ পৰামৰ্শ মতে তেওঁ স্পিন বলিং আৰম্ভ কৰে। সেই সময়ত ভিগনেশে ‘চায়নাম্যান’ বলিং কি তাকো গম পোৱা নাছিল। কিন্তু সেই বলিং নিখুঁত কৰিবলৈ তেওঁ বহুত কষ্ট কৰিছে।

ইয়াৰ পিছত ক্ৰিকেট খেলৰ উন্নতিৰ বাবে তেওঁ থ্ৰিছুৰলৈ গুচি যায়। চেণ্ট থমাছ কলেজৰ হৈ কেৰালা কলেজ প্ৰিমিয়াৰ টি-২০ লীগত কেইবাটাও উইকেট দখল কৰি তেওঁ দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁৰ ধাৰাবাহিক প্ৰদৰ্শনৰ বাবে জলী ৰভাৰ্ছ ক্ৰিকেট ক্লাবে তেওঁক চুক্তিবদ্ধ কৰিছিল। তাৰ পৰাই তেওঁ কেৰালা প্ৰিমিয়াৰ লীগত এল্লেপি ৰিপলছ দলৰ হৈ খেলাৰ সুযোগ লাভ কৰে। সেইটোৱেই তেওঁৰ জীৱনৰ গতি সলাই দিলে।

এল্লেপিৰ হৈ খেলি থকাৰ সময়ত তেওঁ দুখন মেচত তিনিটা উইকেট দখল কৰে। সেই সময়ত তেওঁৰ ‘চায়নাম্যান’ বলিঙে দৃষ্টি আকৰ্ষণ কৰে। সেই প্ৰতিযোগিতাত মুম্বাইৰ ‘স্কাউট’ সকল উপস্থিত আছিল। ভিগনেশক ট্ৰায়েলৰ বাবে মাতিলে। তাত তেওঁ মুম্বাই ইণ্ডিয়ানছৰ একাংশ তাৰকা ক্ৰিকেটাৰক বলিং কৰে। নিৰ্বাচকসকলো সুখী। ইয়াৰ পিছত মুম্বাইয়ে তেওঁক গ্ৰেণ্ড নিলামত নূন্যতম ৩০ লাখ টকাত ক্ৰয় কৰে।

ভিগনেশৰ আই পি এল বা কোনো ডাঙৰ ক্ৰিকেট মেচ খেলাৰ অভিজ্ঞতা নাছিল। সেয়ে মুম্বাইয়ে তেওঁক লৈ খৰখেদা কৰিব বিচৰা নাছিল। দক্ষিণ আফ্ৰিকাৰ টি-২০ লীগৰ সময়ত তেওঁক এম আই কেপ টাউনৰ হৈ নেট বলাৰ হিচাপে নিৰ্বাচিত কৰা হৈছিল। গোটেই সময়খিনি তেওঁ কেপ টাউনৰ দলৰ সৈতে আছিল। মুম্বাইয়ে সমগ্ৰ খৰচ বহন কৰিছিল।

ভিগনেশে হাতৰ গাঁঠিটো ঘুৰাই দি বল কৰিবলৈ বৰ ভাল পায়। কুলদীপ যাদৱ পছন্দৰ স্পিনাৰ কাৰণ তেওঁ ‘চায়নাম্যান’ বলিং কৰে। অৱশ্যে তেওঁ নিজৰ পছন্দ অনুসৰি বলিং একচন সলনি কৰিছে। তেওঁৰ বলিং একচন দেখি এজন বাওঁহতীয়া হৰভজনৰ কথা মনলৈ অহাটো নিশ্চিত।

মুম্বাই শিবিৰত হাৰ্দিক পাণ্ডিয়া আৰু সূৰ্যকুমাৰ যাদৱক বলিং কৰাৰ পিছতে তেওঁক আই পি এল দলত অন্তৰ্ভুক্ত কৰাৰ চিন্তাচৰ্চা আৰম্ভ হয়। এই ক্ষেত্ৰত জ্যেষ্ঠ ক্ৰিকেটাৰসকলে আগভাগ লয়। দেওবাৰে নিশা চেন্নাইত সেই আস্থাৰ মূল্য দিলে ভিগনেশে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am
বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am
ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

June 14, 2026 10:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd