• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কমেণ্টৰী বক্সৰ পৰা জোফ্ৰা আৰ্চাৰক লৈ বৰ্ণবিদ্বেষী মন্তব্য কৰি বিপদত পৰিছে হৰভজন সিং

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 24, 2025 3:22 pm
কমেণ্টৰী বক্সৰ পৰা জোফ্ৰা আৰ্চাৰক লৈ বৰ্ণবিদ্বেষী মন্তব্য কৰি বিপদত পৰিছে হৰভজন সিং
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কুখ্যাত ‘মংকিগেট’ৰ স্মৃতি ঘূৰি আহিল। বিতৰ্কৰ কেন্দ্ৰবিন্দু সেই হৰভজন সিং। বিষয়টোও একেই— বৰ্ণবিদ্বেষী মন্তব্য। সেই সময়ত অষ্ট্ৰেলিয়াৰ খেলপথাৰত হৰভজন আৰু প্ৰয়াত অষ্ট্ৰেলিয়াৰ অল-ৰাউণ্ডাৰ এণ্ড্ৰু চাইমণ্ডছৰ মাজত সংঘাত হৈছিল। আৰু এতিয়া তেওঁ কমেণ্টৰী বক্সৰ পৰা ৰাজস্থান ৰয়েলছৰ ইংৰাজ বলাৰ জোফ্ৰা আৰ্চাৰৰ ওপৰত বৰ্ণবিদ্বেষী মন্তব্য নিক্ষেপ কৰিলে।

দেওবাৰে আই পি এলত ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ মুখামুখি হয়। আৰ্চাৰ বলিং কৰিবলৈ আহি একেবাৰেই ছন্দত নাছিল। তেওঁ ৪ অভাৰত ৭৬ ৰান দিয়ে। কোনো উইকেটো নাপালে। আই পি এলৰ ইতিহাসত ইমান ৰান দিয়া নাই কোনো বলাৰে।

প্ৰথমে বেটিং কৰি হায়দৰাবাদে অভিলেখ সৃষ্টি কৰি ২৮৬ ৰান সংগ্ৰহ কৰে। চেজিং কৰিবলৈ নামি ২৪২ ৰানতে সমাপ্ত হয় ৰাজস্থানৰ ইনিংছ। মেচখনৰ মেন অৱ দ্য মেচ হয় ঈশান কিষাণ। ৰাষ্ট্ৰীয় দলৰ এইগৰাকী উপেক্ষিত ক্ৰিকেটাৰে মাত্ৰ ৪৬টা বলতে বিস্ফোৰক শতক অৰ্জন কৰে।

অৱশ্যে ৰানৰ বৰষুণ হোৱা মেচখনৰ বিতৰ্কিত অংশটো খেলপথাৰৰ বাহিৰত সংঘটিত হৈছিল। আৰ্চাৰ যেতিয়া বলিং কৰিবলৈ আহিছিল, তেতিয়া হৰভজন সিঙে হাতত মাইক্ৰ’ফোনটো লৈ কমেণ্টৰী বক্সত বহি আছিল। হিন্দীত মন্তব্য দি থাকোঁতে হঠাতে ইংৰাজ বলাৰজনক উদ্দেশ্যি কয়, “লণ্ডনৰ ক’লা টেক্সিৰ মিটাৰ অতি সোনকালে বাঢ়ে। আৰ্চাৰৰ মিটাৰো তেনেদৰে হোহোৱাই বৃদ্ধি পাইছে।” তেওঁৰ ইকোনমি হাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে সেইটো বুজাবলৈ ভাজীয়ে এনে এটা স্থুল ৰুচিৰ কৌতুক বাছি লৈছিল।

London me kaali taxi ka meter tez bhaagta hai, Aur yaha pe Archer sahab ka meter bhi tez bhaaga hai – Harbhajan on air

— Rinku (@SahalFan) March 23, 2025

কোৱা বাহুল্য যে বিষয়টো ছ’চিয়েল মিডিয়াৰ দৃষ্টিগোচৰ হ’বলৈ বেছি সময় নালাগিল। হৰভজনৰ এই বক্তব্যৰ আঁৰত লুকাই থকা বৰ্ণবাদ পোহৰলৈ আনি প্ৰাক্তন স্পিনাৰগৰাকীক ক্ষমা খুজিবলৈ বহুতে আহ্বান জনাইছে। হিন্দী ধাৰাভাষ্যৰ গুণগত মান আৰু মূল্যবোধ কিমান হ্ৰাস পাইছে সেই কথাও বহুতে আঙুলিয়াই দিয়ে। আনকি এজনে তেওঁৰ এক্স-হেণ্ডলত অনুৰোধ জনাইছে যে হৰভজন সিঙক কমেন্টৰীৰ জগতখনৰ পৰা অপসাৰণ কৰা হওক।

Harbhajan Singh has called Jofra Archer a black taxi driver with a high meter value just now in the Hindi commentary. This is vile and disgusting. Please ban him.

— ` (@FourOverthrows) March 23, 2025

ভাৰতীয় দলটোৱে ইয়াৰ পূৰ্বে ২০০৮ চনত অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছিল। সেই দলৰ সদস্য আছিল হৰভজন সিং। ছিডনী টেষ্টৰ সময়ত এণ্ড্ৰু চাইমণ্ডছৰ প্ৰতি বৰ্ণবাদী ভাষা ব্যৱহাৰ কৰা বুলি উত্থাপিত অভিযোগৰ সমৰ্থনত ওলাই আহিছিল অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰসকলে। সেই সময়ত শচীনৰ দৰে একাংশই ভাজীৰ কাষত থিয় দিছিল যদিও বিষয়টোত কম বিতৰ্ক হোৱা নাছিল। তিনিখন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল যদিও পিছলৈ সেই শাস্তি উঠাই লোৱা হয় ।

𝗛𝗮𝗿𝗯𝗵𝗮𝗷𝗮𝗻 𝗠𝗨𝗦𝗧 𝗔𝗽𝗼𝗹𝗼𝗴𝗶𝘇𝗲:
He called Jofra Archer a "black London taxi" during live commentary During IPL.
Shame Shame Shame#HarbhajanSingh #JofraArcher #IPL2025 #RRvsSRH #CSKvsMI pic.twitter.com/zNPlVeBfgN

— Pakistan Cricket Team USA FC (@DoctorofCricket) March 23, 2025

আনহাতে, বৰ্তমানৰ আই পি এলৰ ধাৰাভাষ্যক লৈও বিতৰ্কৰ সৃষ্টি হৈছে। পেনেলত থকাৰ পিছতো প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বেই হঠাতে তালিকাৰ পৰা বাদ পৰিছে ইৰফান পাঠান। জানিব পৰা মতে, প্ৰাক্তন ভাৰতীয় পেচাৰগৰাকীয়ে বৰ্তমানৰ কেইবাগৰাকীও ক্ৰিকেটাৰক সমালোচনা কৰিছিল, সেয়েহে খেলুৱৈসকলৰ আপত্তি আৰু অসন্তুষ্টিৰ ভিত্তিত তেওঁক আঁতৰাই দিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm
‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

August 27, 2025 7:15 pm
মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

August 27, 2025 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd