• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগ্ৰেছৰ দৰে বিজেপিকো দলীয় অন্তঃকলহে পালে নেকি?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
March 25, 2025 10:00 pm
741
VIEWS
Share on FacebookShare on Twitter

অসম কংগ্ৰেছৰ মাজত থকা দলিয়াদলি একো নতুন কথা নহয়। তৰুণ গগৈৰ মৃত‍্যুৰ পিছত, অসমত এতিয়া সকলোৱে সন্মান কৰা আৰু মানি চলা দ্বিতীয় এজন কংগ্ৰেছী নেতা নাই।ক্ষমতাত নথকা দল এটাৰ বাবে সকলোকে এক কৰি ৰখাটোও ইমান সহজ কথা নহয়। কংগ্ৰেছৰ তুলনাত বিজেপিক সকলোৱে এটা সুসংহত দল বুলি কয়।

তাতে, তেওঁলোক যিহেতু এতিয়া ক্ষমতাত আছে, মুখ‍্যমন্ত্ৰী বা ৰাজ‍্যিক সভাপতিক কোনো এজন নেতাই মন গ’লেই অমান‍্য কৰাটোও ইমান সহজ কথা নহয়।কিন্তু কি বিজেপিত কোনো বাদ, বিবাদ বা বিসম্বাদ নাই নেকি? কথাটো তেনে নহয়। কালি, সংঘ পৰিয়ালৰ  ঘনিষ্ঠ ‘স্বৰাজ‍্য’ আলোচনীত প্ৰকাশিত ‘When Party Looks Like A Coalition: Assam BJP’s Divided House’ শীৰ্ষক প্ৰতিবেদনত অসম বিজেপিৰ ভিতৰ চ’ৰাৰ কেতবোৰ গুৰুত্বপূৰ্ণ বিসংগতি আৰু বিভাজনৰ বিষয়ে উল্লেখ কৰা হৈছে। অৱশ‍্যে, ইয়াৰ আগতেও তাৰ কিছুমান ইংগিত আমি স্পষ্টকৈ দেখিছিলোঁ।এই প্ৰতিবেদনখনত কি কোৱা হৈছে? তাৰ আগতে উল্লেখ কৰা উচিত হ’ব যে  অসম বিজেপিৰ নৱনিৰ্বাচিত সভাপতিজন হ’ল আগৰে পৰা আৰ এচ এচৰ লগত জড়িত ব‍্যক্তি।তেওঁ সভাপতি নিৰ্বাচিত হোৱাৰ পিছতে কোৱা এটা কথা আমাৰ সকলোৰে মনত আছে।তেওঁ কৈছিল যে নেতাৰ পিছে ঘূৰি ফুৰাটো বিজেপিৰ সংস্কৃতি নহয়।অসম বিজেপিত পুৰণি বিজেপি আৰু নতুন বিজেপিৰ মাজৰ সংঘাতটোও একো নতুন কথা নহয়।বিজেপি ক্ষমতালৈ অহাৰ বহু বছৰ আগতে দীৰ্ঘদিন ধৰি দলৰ প্ৰতি নিষ্ঠাবান লোকে এচামে বিজেপিৰ সাংগঠনিক ভেটি মজবুত কৰিবলৈ ৰাজ‍্যখনত অহোপুৰুষাৰ্থ কৰি আছিল।কিন্তু কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পিছত কংগ্ৰেছৰ পৰা পদত‍্যাগ কৰি এক বুজন সংখ‍্যক লোক বিজেপিত যোগদান কৰিছিল।

কংগ্ৰেছৰ পৰা ওলাই আহি বিজেপিত যোগদান কৰা এই লোকসকলৰ নেতৃত্ব দিছিল বৰ্তমানৰ অসমৰ মুখ‍্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই।এই সন্দৰ্ভত নিজৰ নাম প্ৰকাশত অনিচ্ছুক বিজেপি নেতা এজনৰ বক্তব‍্য লক্ষ‍্য কৰিবলগীয়া।তেওঁ কৈছেঃ “অসমত যেতিয়া কোনেও বিজেপিৰ কথা শুনিব বিচৰা নাছিল তেতিয়া আমি সংগঠনটি ধৰি ৰাখছিলোঁ।অথচ, যিসকলে এসময়ত আমাৰ বিৰোধিতা কৰিছিল এতিয়া তেওঁলোকে ক্ষমতা ভোগ কৰি আছে আৰু আমি দলৰ ভিতৰতে এলাগী হৈ পৰিছোঁ” (We built this party from the ground up when no one gave BJP a chance in Assam. Now those who once opposed us are enjoying the power while we are sidelined.)আজি কেইদিনমান আগতে, পুৰণি বিজেপিৰ নেতা ৰাজেন গোহাঁই আৰু মৃণাল শইকীয়াই মুখ‍্যমন্ত্ৰী শৰ্মাৰ অতি ঘনিষ্ঠ বুলি পৰিচিত পিয়ুজ হাজৰিকা আৰু জয়ন্তমল্ল বৰুৱাক মুকলিকৈ সমালোচনা কৰিছিল।নলবাৰী সমষ্টিৰ পূৰ্বৰ এম এল এ অশোক শৰ্মাই বিজেপি ত‍্যাগ কৰি কংগ্ৰেছত যোগদান কৰা কথাটো আমি সকলোৱে জানো।

কিন্তু নবিজেপিৰ কথাৰ সুৰেই বেলেগ। তেওঁলোকৰ মাজৰ এজনে কৈছেঃ “ৰাজনীতিত নিৰ্বাচন জিকাটোৱে হ’ল আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। পুৰণি বিজেপি নেতা সকলে বুজিপোৱা উচিত যে এতিয়া সময় সলনি হৈছে।নিৰ্বাচন জিকাত পাকৈত অভিজ্ঞ ৰাজনীতিক অবিহনে আজি য’ত আছে সেই ঠাই বিজেপিয়ে কেতিয়াও নাপালেহেঁতেন” (Politics is about winning. The old BJP leaders need to understand that times have changed. Without experienced politicians who know how to win elections, the party wouldn’t be where it is today.)

বিজেপিৰ মাজত দেখা দিয়া মতবিৰোধৰ বৰ্হিপ্ৰকাশ ভাৰতীয় যুৱ জনতা মৰ্চাৰ মাজতো দেখা গৈছে। বিজেপিৰ পূৰ্বৰ সভাপতি ভবেশ কলিতাই এসময়ৰ অখিল ভাৰতীয় বিদ‍্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সভাপতি ৰাকেশ দাসক ২০২৪ চনৰ জুলাই মাহত ভাৰতীয় যুৱ জনতা মৰ্চাৰ অসম শাখাৰ সভাপতি হিচাপে নিযুক্তি দিছিল।তাৰ প্ৰধান কাৰণ আছিল এন এচ ইউ আইৰপৰা অহা কৰ্মী আৰু সংঘৰ লগত পূৰ্বৰে পৰা থকা কৰ্মী সকলৰ মাজৰ সংঘাতৰ অৱসান ঘটোৱা। কিন্তু এতিয়াও সেই সংঘাতৰ অৱসান ঘটা নাই।আনকি দাসে এতিয়ালৈকে স্থায়ী কমিটি এখনেই গঠন কৰিব পৰা নাই।একেই কথা লক্ষ‍্য কৰা হৈছে ৰাজ‍্যিক বিজেপিৰ সভাপতিৰ ক্ষেত্ৰতো। আজি কিছুদিন আগতে ভবেশ কলিতাক আঁতৰাই সংঘ পৰিয়ালৰ দীৰ্ঘদিনীয়া কৰ্মী লোক সভাৰ সদস‍্য দিলীপ শইকীয়াক অসম বিজেপিৰ সভাপতি পতা হৈছিল।কিন্তু  দলৰ মাজত থকা  খামখেয়ালিৰ বাবে আজি পৰ্যন্ত শইকীয়াই ৰাজ‍্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক কমিটিখনেই গঠন কৰিব পৰা নাই।আজি দুদিন আগতে ৰূপজ‍্যোতি কুৰ্মীয়ে বিধানসভাত দেখুৱা অভব‍্য আচৰণৰ ক্ষেত্ৰতো অসম বিজেপিৰ সভাপতি আৰু মুখ‍্যমন্ত্ৰীৰ অৱস্থান একে নহয়।

সভাপতিয়ে ৰূপজ‍্যোতি কুৰ্মীক তেওঁৰ ব‍্যৱহাৰৰ বাবে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দিছে।কিন্তু মুখ‍্যমন্ত্ৰীয়ে এজন চাহ জনগোষ্ঠীৰ প্ৰতিনিধিৰ হোৱা বাবেহে ৰূপজ‍্যোতি কুৰ্মী ইমান আক্ৰমণৰ বলি হোৱা বুলি খেদ প্ৰকাশ কৰিছে।অসমত বিধানসভা নিৰ্বাচনলৈ মাত্ৰ এবছৰ থকাৰ সময়ত বিজেপিৰ শীৰ্ষনেতৃত্বৰ এই সংঘাতে ভৱিষ‍্যতলৈ কি ৰূপ লয় সেইটো সঁচাই লক্ষণীয় হ’ব। প্ৰতিবেদনটো ‘স্বৰাজ‍্য’ৰ দৰে আলোচনী এখনত প্ৰকাশ  পোৱা কথাটোৱে ঘটনাটো আৰু অধিক তাৎপৰ্যপূৰ্ণ কৰি তুলিছে।

Recent News

“ভাৰতত আইফোন নবনাব…” এপলৰ চিইঅ’ টিম কুকলৈ ড’নাল্ড ট্ৰাম্পৰ বিশেষ অনুৰোধ, কিন্তু কিয়?

“ভাৰতত আইফোন নবনাব…” এপলৰ চিইঅ’ টিম কুকলৈ ড’নাল্ড ট্ৰাম্পৰ বিশেষ অনুৰোধ, কিন্তু কিয়?

বিজেপি চৰকাৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধীঃ ৰাহুল গান্ধী

বিজেপি চৰকাৰ গণতন্ত্ৰ আৰু সংবিধান বিৰোধীঃ ৰাহুল গান্ধী

অসমত বিলুপ্ত হ’ল ৯৪৪টা নিম্ন স্নাতক শিক্ষকৰ পদ! শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসমত বিলুপ্ত হ’ল ৯৪৪টা নিম্ন স্নাতক শিক্ষকৰ পদ! শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

কোনো নথকাৰ সুযোগত দিন দোপৰতে চুৰি কাণ্ড গুৱাহাটীত! পবিত্ৰ মাৰ্ঘেৰিটাৰ বাসগৃহৰ পৰা কেবা লাখ টকাৰ সামগ্ৰী লৈ উধাও চুৰ

কোনো নথকাৰ সুযোগত দিন দোপৰতে চুৰি কাণ্ড গুৱাহাটীত! পবিত্ৰ মাৰ্ঘেৰিটাৰ বাসগৃহৰ পৰা কেবা লাখ টকাৰ সামগ্ৰী লৈ উধাও চুৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd