প্ৰয়াগৰাজত বুলডজাৰ নীতিৰে ঘৰ ভঙাৰ কাণ্ডক উত্তৰ প্ৰদেশ চৰকাৰ আৰু প্ৰয়াগৰাজ প্ৰশাসনৰ কটোৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ে এই কাৰ্যক ‘অসাংবিধানিক’ আৰু ‘অমানৱীয়’ বুলি উল্লেখ কৰি ক্ষতিগ্ৰস্ত লোকসকলক আৰ্থিক ক্ষতিপূৰণ দিয়াৰো নিৰ্দেশ দিছে। বিচাৰপতি এ এছ ওকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে ক’য় যে এনেকৈ কাৰো ঘৰ ভাঙিলে আমাৰ বিবেকত আঘাত লাগে। বাসস্থানৰ অধিকাৰ সংবিধান প্ৰদত্ত অধিকাৰ এই ক্ষেত্ৰত তাক মানি চলা হোৱা নাই। যি চৰকাৰ খনৰ সংবেদনশীলতাৰ অভাৱক প্ৰদৰ্শন কৰিছে।
এই বিতৰ্কৰ আৰম্ভ হৈছিল প্ৰয়াগৰাজত কেইজনমানলোকৰ ঘৰ ভঙাৰ পৰা। এই ঘৰবোৰৰ ভিতৰত আছিল এজন আইনজীৱী আৰু এজন অধ্যাপকৰো ঘৰ। যথাযথ প্ৰক্ৰিয়া নামানি এই ঘৰবোৰ ভাঙি পেলোৱা হৈছিল বুলি অভিযোগ উত্থাপন কৰিছে।
ন্যায়ালয়ে আৰু কয় যে যিসকলৰ ঘৰ ভঙা হৈছে, তেওঁলোকক জাননিৰ উত্তৰ দিয়াৰ সুযোগ দিয়া হোৱা নাই। উচ্চতম ন্যালয়ে লগতে প্ৰশাসনে ঘৰ ভঙাৰ আগতে সংবিধানৰ ২১ নং অনুচ্ছেদত থকা বাসস্থানৰ অধিকাৰৰ কথা মনত ৰাখিব লাগিব উল্লেখ কৰে।
ভুক্তভোগীসকলে প্ৰথমে এলাহাবাদ উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল কিন্তু তাত তেওঁলোকৰ আবেদন খাৰিজ হয়। তাৰ পিছত তেওঁলোক উচ্চতম ন্যালয়ৰ কাষ চাপে। বিচাৰপতি ভূঞাৰ বেঞ্চে চৰকাৰৰ এই কামৰ সমালোচনা কৰি জাননি প্ৰেৰণ কৰা প্ৰক্ৰিয়াৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে। বিচাৰপতি ওকাই কয় যে “ঘৰ ভঙাৰ ফলত ভুক্তভোগীসকলে বাসস্থান হেৰুৱাইছে। তেওঁলোকৰ ক্ষতি পূৰণৰ বাবে প্ৰত্যেকক ১০ লাখ টকা দিব লাগিব বুলি ৰায় দান দি প্ৰশাসনে সদায় সঠিক প্ৰক্ৰিয়া মানি চলিব লাগে বুলি মত প্ৰকাশ কৰে।