• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আৰক্ষীৰ চকুত ধূলি দি আন্দামানৰ নৰ্থ চেন্টিনেল দ্বীপত ভৰি দিলে মাৰ্কিন পৰ্যটকে : তাৰপিছত কি হ’ল জানিবলৈ পঢ়ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 3, 2025 2:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ কেন্দ্ৰীয়শাসিত অঞ্চল আন্দামানৰ অংশ হৈছে নৰ্থ চেন্টিনেল দ্বীপ। এই দ্বীপত বাস কৰে আদিবাসী সম্প্ৰদায়ৰ লোকে। প্ৰযুক্তি-বিদ্যা বা আধুনিক সভ্যতাৰ পোহৰ পৰা নাই এই দ্বীপটোত। এতিয়াও আদিম মানুহৰ দৰে চিকাৰ কৰি, গছপাত বা জন্তুৰ ছাল পৰিধান কৰি জীৱন নিৰ্বাহ কৰে নৰ্থ চেন্টিনেলত বাস কৰা আদিবাসী লোকসকলে।

এই দ্বীপটোত পৰ্যটকৰ ভ্ৰমণ নিষিদ্ধ। এই দ্বীপত যাতে কোনেও প্ৰৱেশ কৰিব নোৱাৰে, তাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখে ভাৰত চৰকাৰে। কিন্তু ভাৰত চৰকাৰ আৰক্ষী-প্ৰশাসনৰ চকুত ধূলি দি শেহতীয়াকৈ এই দ্বীপত প্ৰৱেশ কৰিলে এগৰাকী মাৰ্কিন যুৱকে।

Apply Now

আমেৰিকাৰ এই ২৪ বছৰীয়া যুৱকজনৰ নাম মিখাইলো পলিয়াকোভ। যোৱা ৩১ মাৰ্চত চি আই ডিয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

অভিযোগ অনুসৰি, মিখাইলোৱে এখন নাও লৈ আদিবাসী সকলৰ বাবে সংৰক্ষিত তথা নিষিদ্ধ অঞ্চল নৰ্থ চেণ্টিনেল দ্বীপলৈ গৈছিল। তেওঁৰ হাতত নাছিল কোনো বৈধ অনুমতি পত্ৰ।

জানিব পৰা মতে, ২৬ মাৰ্চত প’ৰ্ট ব্লেয়াৰত উপস্থিত হোৱা আমেৰিকান যুৱকজনে ২৯ মাৰ্চৰ পুৱা ১ বজাত কুৰ্মা ডেৰা বিচৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। চেন্টিনেলত বাস কৰা আদিবাসী সকলক খুৱাবলৈ তেওঁ নাৰিকল আৰু শীতল পানীয়ও লৈ গৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

৩০ মাৰ্চৰ পুৱা ১০ বজাত নৰ্থ চেণ্টিনেল দ্বীপত উপস্থিত হয় যুৱকজন। আৰক্ষীয়ে জনোৱা মতে, তেওঁ বাইনোকুলাৰেৰে সমগ্ৰ অঞ্চলটো চাইছিল। কিন্তু তেওঁ দ্বীপটোত কাকো দেখা পোৱা নাছিল। আমেৰিকান যুৱকজনে সাগৰৰ পাৰত এঘণ্টা ধৰি অপেক্ষা কৰিছিল।

আৰক্ষীয়ে জনোৱা মতে, তেওঁ ৫ মিনিটৰ বাবে দ্বীপটোলৈ গৈছিল। তেওঁ সাগৰৰ বালিৰ নমুনা সংগ্ৰহ কৰা লগতে লগত লৈ যোৱা খাদ্যখিনি তাত থৈ আহিছিল আৰু তাৰ পিছত নাওখনলৈ উভতি অহাৰ আগতে এটা ভিডিঅ’ বনাইছিল।

৩০ মাৰ্চৰ সন্ধিয়া প্ৰায় ৭ বজাত যুৱকজনে কুৰ্মা ডেৰা বিললৈ উভতি আহিছিল। তেতিয়াই তেওঁক স্থানীয় মাছমৰীয়াই প্ৰত্যক্ষ কৰিছিল। মাছমৰীয়া সকলৰ পৰাই কথাটো আৰক্ষীয়ে জানিবলৈ পাৰিছিল।

ইতিমধ্যে যুৱকজনক গ্ৰেপ্তাৰ কৰি তেওঁ কিয় দ্বীপটোলৈ গৈছিল সেই কথা জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে। তদন্তকাৰীয়ে যুৱকজনৰ কোনো নিৰ্দিষ্ট উদ্দেশ্য আছিল নেকি সেইটো নিৰ্ণয় কৰিবলৈ জেৰা কৰি আছে।  অৱশ্যে আৰক্ষী নিশ্চিত যে আমেৰিকান যুৱকজনে নিজৰ ভ্ৰমণৰ পৰিকল্পনা ভালদৰে কৰিছিল। গোটেই যাত্ৰাত তেওঁ জিপিএছ প্ৰযুক্তি ব্যৱহাৰ কৰিছিল।আৰক্ষীয়ে জনোৱা মতে, যোৱা অক্টোবৰ মাহতো এবাৰ আন্দামানলৈ গৈছিল যুৱকজন। আৰক্ষীয়ে যুৱকজনৰ পৰা কেমেৰা আৰু অন্যান্য সামগ্ৰী জব্দ কৰিছে। বৰ্তমান যুৱকজন আৰক্ষীৰ জিম্মাতে আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd