পঞ্জাৱৰ কৃষক নেতা জগজিৎ সিং ডাল্লেৱালে ১৩১ দিনৰ অন্তত ‘আমৰণ অনশন’ ভংগ কৰিলে। অহা ৪ মে’ত পুনৰ বৈঠকত মিলিত হ’ব কেন্দ্ৰ আৰু কৃষকসকল। কেন্দ্ৰৰ পৰা মৌখিক আশ্বাস লাভ কৰি অনশন ভংগ কৰে কৃষক নেতাজনে। অৱশ্যে তেওঁ উল্লেখ কৰে যে সাময়িকভাৱে অনশন উঠাই লোৱা হ’লেও কৃষকৰ আন্দোলন অব্যাহত থাকিব।
শস্যৰ নূন্যতম সমৰ্থন মূল্যৰ আইনী নিশ্চয়তাকে ধৰি একাধিক দাবীৰে যোৱা বছৰৰ ২৬ নৱেম্বৰত অনশনত বহিছিল ডাল্লেৱালে। শনিবাৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰবনীত সিং বিট্টুৱে আমৰণ অনশন প্ৰত্যাহাৰ কৰিবলৈ দলেৱালক আবেদন জনায়।
একে সময়তে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৪ মে’ত কৃষকৰ সৈতে আন এক আলোচনাৰ প্ৰস্তাৱো আগবঢ়ায়। এই প্ৰস্তাৱে কাম কৰিলে। ১৩১ দিনৰ অন্তত অনশন ভংগ কৰিলে কৃষক নেতাজনে।
পঞ্জাৱৰ ফাতেহগড় চাহিব জিলাৰ ছিৰহিন্দত আয়োজিত কিষাণ পঞ্চায়তৰ মঞ্চৰ পৰাই সংযুক্ত কিষাণ মৰ্চা (অৰাজনৈতিক) আৰু কিষাণ মজদুৰ মৰ্চাৰ যুটীয়া মঞ্চৰ জ্যেষ্ঠ নেতা ডাল্লেৱালে অনশন বিৰতিৰ কথা ঘোষণা কৰে।
তেওঁ কয়, “আপোনালোকে মোক মোৰ অনশন তুলি লবলৈ অনুৰোধ কৰিছিল। আন্দোলন অব্যাহত ৰখাৰ বাবে মই আপোনালোকৰ ওচৰত ঋণী। আপোনালোকৰ আৱেগক মই সন্মান কৰো। আপোনালোকৰ আদেশ গ্ৰহণ কৰিছো।”
তেওঁ লগতে কয় যে মই অনশন উঠাই লৈছো যদিও দাবী পূৰণ নোহোৱালৈকে আন্দোলন বন্ধ নহ’ব।
উল্লেখ্য যে শস্যৰ এম এছ পিৰ উপৰিও প্ৰতিবাদকাৰী কৃষকসকলৰ কেইবাটাও দাবী আছে, যেনে কৃষি ঋণ ৰেহাই, পেঞ্চনৰ ব্যৱস্থা, বিদ্যুতৰ বিল বৃদ্ধি নকৰা আদি। সেইবোৰ আদায় কৰিবলৈ যোৱা বছৰৰ ১৩ ফেব্ৰুৱাৰীৰ পৰা দিল্লীৰ গাতে লাগি থকা পঞ্জাৱ আৰু হাৰিয়ানাৰ শম্ভু আৰু খানৌৰী সীমান্তত কৃষকসকলে অৱস্থান কৰি আহিছে।