৭ এপ্ৰিলত ভাৰতত প্ৰথম বাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত “ইনফেন্টিয়া”ত অনলাইনযোগে অনুষ্ঠিত হয় শিশুৰ ইণ্টাৰনেট অধিকাৰ সন্দৰ্ভত এক বিশেষ আলোচনাচক্ৰ। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ আৰক্ষীসঞ্চালক প্ৰধান হৰমীত সিঙে ভাষণৰ সময়ত অনলাইনত শিশু সুৰক্ষাৰ বাবে সহযোগিতামূলক পন্থা গ্ৰহণৰ আহ্বান জনায়।
তেওঁ লগতে কয় যে এয়া ব্যৱস্থাৰ বিৰুদ্ধে যুঁজ নহয়, ই উন্নত সমাজ গঢ়াৰ বাবে সহযোগিতা কৰা। কেৱল এটা প্ৰতিষ্ঠান বা এটা গোট নহয় আমি সকলোৱে সলনি হোৱাটো প্ৰয়োজন বুলি মত প্ৰকাশ কৰে।
তেওঁ ২০১৭ চনত এজন যুৱ কৰ্মীয়ে আৰক্ষীৰ আচৰণক লৈ উদ্বেগ প্ৰকাশ কৰাৰ পিছত আৰম্ভ হোৱা শিশু মিত্ৰ কাৰ্যসূচীৰ বিষয়ে কয়। শিশুৰ সৈতে জড়িত গোচৰসমূহ আৰক্ষীক চম্ভালিবলৈ সহায় কৰা শিশু মিত্ৰ কেন্দ্ৰ ২০২১ চনত আনুষ্ঠানিকভাৱে গঢ় লৈ উঠিছিল। ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনলাইন সুৰক্ষাৰ প্ৰসাৰৰ বাবে নগৰিক মিত্ৰ নামৰ আন এক পদক্ষেপ আৰম্ভ কৰে।
অসম আৰক্ষী সঞ্চালক প্ৰধান সিঙে অনলাইন প্লেটফৰ্মত শ্বেয়াৰ কৰা সন্দৰ্ভত সকীয়াই দি কয় অভিভাৱকে নিজৰ সন্তানৰ বিষয়ে তথ্য অনলাইনত শ্বেয়াৰ কৰে যিটো বৰ্তমান ডিজিটেল আচৰণৰ “আইনা” হিচাপে পৰিগণিত হৈছে।
তেওঁ ক’ভিড মহামাৰীয়ে কিদৰে প্ৰযুক্তিৰ সৈতে শিশুৰ সম্পৰ্ক সলনি কৰিলে তাৰ ওপৰত আলোকপাত কৰই কয় যে মহামাৰীৰ পাছত প্ৰাপ্তবয়স্কসকল স্বাভাৱিক জীৱনলৈ ঘূৰি আহিছিল যদিও শিশুসকল অনলাইন হৈয়েই থাকিল।
দায়িত্বশীল ইণ্টাৰনেট ব্যৱহাৰৰ পাঠদানৰ পৰিৱৰ্তে ছ’চিয়েল মিডিয়াত নিষেধাজ্ঞা আৰোপ কৰা বিদ্যালয়সমূহক সমালোচনা কৰে। সিঙে যুক্তি দিছিল, মই বিচাৰো যে তেওঁলোকৰ অস্তিত্ব ডিজিটেল জগতত হওক। কাৰণ তাতেই তেওঁলোকৰ প্ৰজন্মটো ডাঙৰ হৈ আহিছে, আপোনাৰ নীতি ইণ্টাৰনেট নিষিদ্ধ কৰাৰ বিষয়ে হ’ব নালাগে। ইয়াক কেনেকৈ দায়িত্বশীলভাৱে ব্যৱহাৰ কৰিব লাগে সেইটোহে আপোনাৰ বিষয়ে হ’ব লাগে।
সিঙে চাইবাৰ গ্ৰুমিং, সমস্যাজনক ইণ্টাৰনেট ব্যৱহাৰ আৰু এণ্ড্ৰু টেটৰ দৰে ক্ষতিকাৰক প্ৰভাৱশালী ব্যক্তিক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ সকীয়াই দিছিল, যদি আপোনাৰ সন্তানে এনে প্ৰভাৱশালী লোকক অনুসৰণ কৰে তেন্তে সাৱধান হওক।
হুইটনী হিউষ্টনৰ “গ্ৰেটেষ্ট লাভ অৱ অল”ৰ উদ্ধৃতি দি কয় যে শিশুৱে আমাৰ ভৱিষ্যতক প্ৰতিনিধিত্ব কৰে সেয়ে ভৌতিক আৰু ডিজিটেল উভয় জগততে শিশু সঠিকভাৱে পৰিচালিত হ’ব লাগে।
অভিভাৱকসকলক সন্তানৰ গোপনীয়তা উলংঘা কৰাৰ পৰিৱৰ্তে সন্তানৰ সৈতে মুকলি যোগাযোগ গঢ়ি তুলিবলৈ উৎসাহিত কৰি কয় যে যদি আপোনাৰ শিশুৰ সৈতে মুকলি যোগাযোগ থাকে, তেন্তে আপোনাৰ সন্তানে নিজে সকলো কথা খুলি কব।