আকৌ এবাৰ দেশৰ আন সকলো জাতীয় ৰাজনৈতিক দলক চেৰ পেলাইছে বিজেপিয়ে। ২০২৩-২৪ বিত্তীয় বৰ্ষত ২০ হাজাৰ বা তাতকৈ অধিক অনুদানৰ ভিত্তিত বিজেপিৰ আয় ২,২৪৩ কোটিতকৈ অধিক আছিল। এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মে ৮৩৫৮ জন লোকৰ অনুদানৰ পৰা এই পৰিমাণৰ অনুদান বিজেপিৰ পুঁজিত জমা হৈছে বুলি জানিবলৈ দিয়ে।
এডিআৰৰ প্ৰতিবেদনত এই কথাও প্ৰকাশ পাইছে যে মুঠ ১২,৫৪৭টা অনুদানৰ পৰা মুঠ ২৫৪৪ কোটি ২৮ লাখ টকা দেশৰ জাতীয় দলসমূহৰ পুঁজিত জমা হৈছে। যিটো যোৱা বিত্তীয় বৰ্ষতকৈ ১৯৯ গুণ বেছি। ইয়াৰে ৮৮ শতাংশ বিজেপিৰ।
নিৰ্বাচন আয়োগৰ ৱেবছাইটৰ পৰা উপলব্ধ পৰিসংখ্যা অনুসৰি ২০২২-২৩ চনত বিজেপিয়ে বিভিন্ন ব্যক্তি, ট্ৰাষ্ট আৰু কৰ্পৰেট সংস্থাৰ পৰা ৭১৯.৮৫৮ কোটি টকাৰ অনুদান লাভ কৰিছিল।
পৰৱৰ্তী বিত্তীয় বৰ্ষত ২,২৪৩.৯২৪ কোটি টকালৈ বৃদ্ধি পায়। যিটো ২১১.৭২ শতাংশ বেছি। অৱশ্যে এই চান্দাৰ দৌৰত কংগ্ৰেছ বহু পিছ পৰি আছে। ২০২৩-২৪ বিত্তীয় বৰ্ষত কংগ্ৰেছৰ পুঁজিত ১৯৯৪ টা অনুদানৰ পৰা ২৮১.৪৮ কোটি টকা জমা হৈছিল। ২০২২-২৩ বিত্তীয় বৰ্ষত কংগ্ৰেছৰ আয় আছিল ৭৯.৯২৪ কোটি টকা।
আম আদমি পাৰ্টি, চিপিএম আৰু নেচনেল পিপলছ পাৰ্টি চান্দাৰ পৰা আয়ৰ ক্ষেত্ৰত বিজেপি আৰু কংগ্ৰেছৰ বহু পিছ পৰি আছে। ইয়াৰে অৱশ্যে বহুজন সমাজ পাৰ্টিয়ে ‘শূন্য’ অনুদানেৰে অভিলেখ গঢ়ি তুলিছে। যোৱা ১৮ বছৰৰ দৰে এইবাৰো তেওঁলোকৰ অনুদান ২০ হাজাৰ টকাতকৈ কম।
সূত্ৰৰ পৰা জানিব পৰা মতে, আয়োগে অনুদানত প্ৰতিটো দলে কিমান টকা লাভ কৰিছে সেই কথা ঘোষণা কৰাৰ দিন নিৰ্ধাৰণ কৰিছিল। কিন্তু নিৰ্দিষ্ট সময় (৩০ ছেপ্টেম্বৰ, ২০২৪)ৰ ভিতৰত আপ আৰু বহুজন সমাজ পাৰ্টিৰ বাহিৰে আন কোনো দলে তথ্য দাখিল কৰা নাছিল। ৪২ দিনৰ পিছত বিজেপিয়ে, ৪৩ দিনৰ পিছত চিপিএম আৰু ২৭ দিনৰ পিছত কংগ্ৰেছে এই প্ৰতিবেদন দাখিল কৰে।