• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভাৰতলৈ প্ৰত্যাৰ্পণ ২৬/১১ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড টাহাউৰ ৰাণাৰ! প্রস্তুত দিল্লী-মুম্বাইৰ জেল

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 9, 2025 2:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুম্বাইৰ ২৬/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড টাহাউৰ হুছেইন ৰাণাক ভাৰতলৈ ঘুৰাই অনা হ’ব। বুধবাৰে এন আই এৰ তদন্তকাৰী দলে বিশেষ বিমানেৰে ভাৰতলৈ  আনিব কুখ্যাত সন্ত্ৰাসবাদীক। এই কুখ্যাত সন্ত্ৰাসবাদীৰ বাবে দিল্লী আৰু মুম্বাইৰ দুখন কাৰাগাৰত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু গৃহ মন্ত্ৰালয়ে এই প্ৰক্ৰিয়া নিৰীক্ষণ কৰি আছে।

ড’নাল্ড ট্ৰাম্পৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচনৰ পিছত ভাৰতে এই কূটনৈতিক জয় লাভ কৰে। আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ভাৰত-আমেৰিকা প্ৰত্যাৰ্পণ চুক্তিৰ অধীনত ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণৰ নিৰ্দেশ দিছিল। ৰাণাই আদালতত  প্ৰত্যাৰ্পণৰ নিৰ্দেশ স্থগিত ৰাখিবলৈ  আবেদন কৰিছিল, কিন্তু ৭ এপ্ৰিলত আমেৰিকাৰ আদালতে এই আবেদন নাকচ কৰে। তাৰ পিছত ভাৰতীয় তদন্ত দল আমেৰিকালৈ গৈ কুখ্যাত সন্ত্ৰাসবাদী ৰাণাক লৈ অহাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে।

Apply Now

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ড’ভাল আৰু গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলে এই প্ৰত্যাৰ্পণ প্ৰক্ৰিয়াৰ দায়িত্বত আছে। সূত্ৰ অনুসৰি NIA-এ প্ৰথমে দিল্লীত ৰাণাক জেৰা কৰিব পাৰে। সেয়ে তিহাৰ কাৰাগাৰত এটা বিশেষ কোঠা প্ৰস্তুত কৰা হৈছে।  উল্লেখ্য যে ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত আক্ৰমণৰ ষড়যন্ত্ৰকাৰী টাহাউৰ হুছেইন ৰাণাৰ সহযোগী নাগৰিক ডেভিল কলমেন হেডলী। প্ৰায় ডেৰ দশক ধৰি ভাৰতে এই অপৰাধীক ধৰিবলৈ চেষ্টা কৰি আহিছে।

২০১৩ চনত আমেৰিকাৰ আদালতে ১৪ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ২০২০ চনত প্ৰশাসনে মুকলি কৰি দিয়াৰ সিদ্ধান্ত লয়  কিন্তু ভাৰতৰ প্ৰত্যাৰ্পণৰ অনুৰোধৰ পিছতে হত্যাৰ গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পিছতে আমেৰিকা প্ৰশাসনে আদালতত আবেদন দাখিল কৰি সন্ত্ৰাসবাদীজনক দিল্লীৰ জিম্মাত গতাই দিবলৈ দাবী জনায়। যোৱা বছৰৰ আগষ্ট মাহত ৱাশ্বিংটনৰ ফেডাৰেল আদালতে ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিব পৰা যাব বুলি ৰায় দিছিল।২৬/১১ৰ আক্ৰমণৰ বিচাৰৰ বাবে ৰানাক দেশলৈ ঘূৰাই অনা হৈছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd