• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুই নাৱত দুই ভৰি দি থকা কংগ্ৰেছ নেতাক দলৰ পৰা বহিস্কাৰ কৰি কট্টৰ আৰু নিষ্ঠাৱান কংগ্ৰেছ কৰ্মীক গুৰুত্ব প্ৰদান কৰি আগুৱাই নিব লাগে : গৌৰৱ গগৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 10, 2025 7:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অধিৱেশনত এক উদাক্ত ভাষণ প্ৰদান কৰে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে।

ভাষণৰ আৰম্ভণিতেই সাংসদ গৰাকীয়ে ২০২৫ বৰ্ষতো কংগ্ৰেছ দলৰ “সংগঠন বৰ্ষ”হিচাপে ঘোষণা কৰাৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে, ছোনীয়া গান্ধী, ৰাহল গান্ধীকে ধৰি কেন্দ্ৰীয় নেতৃত্বক দলৰ এজন নিষ্ঠাবান সদস্য হিচাপে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

Apply Now

কেইদিনমানৰ পূৰ্বে সমগ্ৰ দেশৰে ভিন্ন প্ৰান্তৰ জিলা সভাপতি সকলৰ সৈতেও ৰাষ্ট্ৰীয় সভাপতি মাননীয় মল্লিকাৰ্জুন খৰ্গে, ৰাহুল গান্ধীয়ে ৪ দিনকৈ যিধৰণেৰে দলৰ তণমূল পৰ্য্যায়ৰ সাংগঠনিক দিশটোৰ বিষয়ে যি আলোচনা কৰিলে আৰু তেওঁলোকৰ মতামতক বিশেষ গুৰুত্ব প্ৰদান কৰিলে তাৰ বাবেও জিলা সভাপতি সকলৰ হৈ তেওঁ আন্তৰিক ধন্যবাদ জনায়।

ইয়াৰ লগতে দেশৰ বিভিন্ন ঠাইৰ পৰা গৈ আহমেদাবাদত উপস্থিত হোৱা কংগ্ৰেছ দলৰ নেতা কৰ্মী সকলক উদ্দেশ্যি তেওঁ কয় যে – “অলপ দিনৰ পূৰ্বে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই গুজৰাটলৈ আহি কৈছিল যে যিসকলে এটা ভৰি কংগ্ৰেছত আৰু আন এটা ভৰি অন্য দলত থৈ কংগ্ৰেছ দল কৰি আছে সেই সকলক চিনাক্ত কৰি দলৰ পৰা বহিস্কাৰ কৰিব লাগে ।”

ৰাহুল গান্ধীৰ এই মতামতক সমৰ্থন কৰি সাংসদ গগৈয়ে কয় যে – যদি আমি আগন্তুক দিন বোৰত অনুষ্ঠিত হ’ব লগীয়া বিধানসভা নিৰ্বাচন সমূহ জয়ী হ’ব লাগে তেন্তে প্ৰথমেই আমি কট্টৰ আৰু নিষ্ঠাবান কংগ্ৰেছী সকলক চিনাক্ত কৰি আগুবঢ়াই নিব লাগিব। কট্টৰ কংগ্ৰেছ কৰ্মী সেইসকল,যিসকলে পুলিচৰ লাঠিৰ কোব খাইও কংগ্ৰেছ দলৰ নীতি-আদৰ্শ এৰি অন্য দললৈ যোৱা নাই, যিসকলে অহৰহ  ভয়-ভাবুকি লাভ কৰাৰ পিছতো দল এৰি যোৱা নাই, যিসকলে প্ৰচুৰ লোভনীয় প্ৰস্তাৱকো নেওচি নানান বিপদৰ মাজতো কংগ্ৰেছৰ পতাকাখন সাহসেৰে খামুচি ধৰি ৰাখিছে।

সাংসদ গগৈয়ে জোৰ দি কয় যে – মোৰ দৃঢ়বিশ্বাস যে যদি আমি এনেধৰণৰ নিষ্ঠাবান আৰু কট্টৰ কংগ্ৰেছ কৰ্মী সকলক গুৰুত্ব প্ৰদান কৰি আগুৱাই নিওঁ তেন্তে আগন্তুক বিধানসভা নিৰ্বাচন সমূহত নিৰ্বিঘ্নে জয়ী হ’ব পাৰিম। সি লাগিলে আগন্তুক গুজৰাট, উত্তৰাখণ্ড, কেৰালা বা অসমৰ বিধানসভা নিৰ্বাচনেই নহওক কিয়।

সাম্প্ৰতিক কংগ্ৰেছ দল আৰু বিজেপি দলৰ ,সংগঠনৰ মাজত পাৰ্থক্য আঙুলীয়াই সাংসদ গৰাকীয়ে কয় যে বিজেপিৰ সংগঠন এটা Private Limited Company ৰ দৰে চলে আৰু আমাৰ কংগ্ৰেছ দল এটি পৰিয়ালৰ দৰে চলাব বিচাৰো। সেয়েহে আজি দেশৰ বিভিন্ন ঠাইৰ পৰা অহা কংগ্ৰেছ পৰিয়ালৰ নেতা কৰ্মী সকল আৰু সংগঠনৰ দায়িত্বত থকা সকলক এটি বিনম্ৰ অনুৰোধ জনাব বিচাৰো যে – আমি সকলোৱে আমাৰ মাজত এটি পৰিয়ালৰ দৰে সম্পৰ্ক গঢ়ি তুলিব লাগিব। আমাৰ কংগ্ৰেছ পৰিয়ালৰ সদস্য সকলে বিশেষ একো নিবিচাৰে। যদি জ্যেষ্ঠ নেতা এজনে পিঠিত হাতখন থৈ বিশ্বাস দিব পাৰে তেন্তে দলৰ আদৰ্শৰ বাবে জেললৈ যাবলৈও কুন্ঠাবোধ নকৰে। যদি এজন সদস্যক কোনোবা নেতাই ফোন কৰিও কুশল-বাৰ্তা লয় তেতিয়াও সেই কৰ্মীজনে প্ৰখৰ গৰমকো নেওচি কংগ্ৰেছৰ পতাকাখন ধৰি ৰাখি দলৰ কাম কৰি যায়। এইয়াই আমাৰ কংগ্ৰেছ  পৰিয়ালৰ পৰম্পৰা আৰু সম্পৰ্ক ।

কংগ্ৰেছ দলৰ নীতি-আদৰ্শ আৰু সংস্কতিৰ বিষয়ে কবলৈ গৈ সাংসদ গগৈয়ে কয় যে – শতবৰ্ষ গৰকা আমাৰ কংগ্ৰেছ দলৰ নীতি-আদৰ্শ সংস্কৃতিয়ে আমাক কি শিকায় ? কংগ্ৰেছ দলৰ সংস্কৃতিয়ে আমাক শিকায় যে – আমি অতি গৰ্বেৰে “জয় হিন্দ” বুলিও ক’ব পাৰো আৰু তেলেংগানালৈ গৈ “জয় তেলেংগানা” বুলিও ক’ব পাৰো । আমাৰ সংস্কতিয়ে আমাক যেনেদৰে “জয় হিন্দ” বুলি গৌৰবেৰে কবলৈ শিকায়, ঠিক তেনেদৰে পশ্চিম বংগলৈ গৈ “জয় বাংলা” বুলি ক’বলৈও শিকায়। ঠিক তেনেদৰে অসমলৈ আহি “জয় আই অসম” বুলিও গৌৰবেৰে ক’ব পাৰো। এইয়াই হৈছে আমাৰ বিবিধতাৰ মাজত ঐক্যৰ সংস্কৃতি । কংগ্ৰেছ দলৰ সংস্কৃতি হৈছে দেশৰ ভিন্ন প্ৰান্তৰ বাৰেৰহণীয়া সংস্কৃতিক সন্মান কৰা। আমাৰ বাবে আমাৰ ৰাষ্ট্ৰবাদেই হ’ল আমাৰ দেশভক্তি। ইয়াৰ লগতে আমি দেশৰ বিভিন্ন প্ৰান্তৰ আঞ্চলিকতাবাদকো সন্মান কৰো। এইয়াই হৈছে জাতি-বৰ্ণ নিৰ্বিশেষে সৰ্বজনৰ কংগ্ৰেছ দল, দেশভক্তৰ কংগ্ৰেছ দল,সকলো ধৰ্মৰ জনগণৰ কংগ্ৰেছ দল,সকলো ভাষা-ভাষীৰ কংগ্ৰেছ দল,দেশৰ সকলো প্ৰান্তৰ কংগ্ৰেছ দল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd