• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰ চি বিৰ বিৰুদ্ধে দুৰ্দান্ত বেটিং ৰাহুলৰ! কোহলী বাহিনীক অনায়াসে পৰাস্ত কৰিলে দিল্লীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 11, 2025 7:47 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰম্ভণিতে ধুমুহাৰ সৃষ্টি কৰাৰ পিছতো বৃহত ৰান কৰিবলৈ সক্ষম নোহোৱা। তাৰ পিছত, তেওঁলোকে সেই ৰান লৈ যুঁজিবলৈ নামি আৰম্ভণিতে সাফল্য। কিন্তু সেই সফলতা ধৰি ৰাখিব নোৱাৰা। যদি বৃহস্পতিবাৰে সন্ধিয়া দিল্লী কেপিটেলছৰ হাতত আৰচিবিৰ ঘৰুৱা খেলপথাৰত লজ্জাজনক পৰাজয়ৰ বিশ্লেষণ কৰা হয়, তেন্তে এই কেইটামান বাক্যই হয়তো ইয়াৰ সাৰাংশ হ’ব। কে এল ৰাহুলৰ দুৰ্দান্ত বেটিং আৰু বেংগালুৰুৰ নিস্প্ৰভ পৰাজয়ৰ সাক্ষী হৈ ৰ’ল চিন্নাস্বামী ষ্টেডিয়াম।

দিল্লী কেপিটেলে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। কিন্তু তেতিয়া যেন ধাৰণা হৈছিল সেই সিদ্ধান্ত ঠিক নহয়। কাৰণ ফিল ছল্টে আৰম্ভণিতে ধুমুহাৰ সৃষ্টি কৰিছিল। তেওঁ আউট হোৱাৰ সময়ত দলীয় স্ক’ৰ আছিল ৬১। কিন্তু খেলা হৈছিল মাত্ৰ ৩.৫ অভাৰ।

Apply Now

বিৰাট কোহলীৰ সৈতে হোৱা ভুল বুজাবুজিৰ বাবে ৰান আউট নহ’লে হয়তো স্ক’ৰ আৰু বেছি দ্ৰুতগতিত আগবাঢ়িলহেঁতেন৷ কিন্তু ১৭টা বলত তেওঁৰ ৩৭ ৰানৰ (৪x৪, ৩x৬) ইনিংছ হঠাতে স্তব্ধ হৈ পৰে আৰু আৰচিবিৰ দুৰন্ত বেটিং এক্সপ্ৰেছ থমকি ৰয়। দেৱদত্ত পাডিক্কাল (১), বিৰাট কোহলি (২২), লিয়াম লিভিংষ্টোন (৪), জিতেশ শৰ্মা (৩) ক্ষীপ্ৰতাৰে পেভিলিয়নলৈ উভতি যায়।

যদিও শেষৰ ফালে অধিনায়ক ৰজত পাটিদাৰে যুঁজ দিয়ে। কিন্তু ২৩ বলত ২৫ ৰান টি-২০ত একেবাৰেই ডাঙৰ কথা নহয়। অষ্টম স্থানত নমা টিম ডেভিদে ২০টা বলত ৩৭ ৰানৰ আক্ৰমণাত্মক ইনিংছ নেখেলা হ’লে আৰচিবিয়ে আনকি ১৫০ ৰানো কৰিব পাৰিললেহেঁতেন নে সেয়া সন্দেহ আছিল। শেষত ৭ উইকেটৰ হেৰুৱাই ১৬৩ ৰানত ইনিংছ স্তব্ধ হয় বিৰাট বাহিনীৰ।

শেষত ভবা হৈছিল যে আৰ চি বিয়ে ডাঙৰ স্ক’ৰ গঢ়ি তুলিব নোৱাৰাৰ বাবে দিল্লীয়ে হয়তো সহজেই মেচখন জয়ী হ’ব পাৰে। কিন্তু বেংগালুৰুৰ বলাৰসকলে আৰম্ভণিতে একেৰাহে আঘাত হানিছিল। মাত্ৰ ৩০ ৰানতে ৩ টা উইকেট হেৰুৱায়। আউট হয় ফেফ ডু প্লেছিছ (২), মেকগাৰ্ক (৭) আৰু অভিষেক প’ড়েল (৭)। অক্ষৰ পেটেলে চেষ্টা কৰিছিল যদিও তেওঁৱো মাত্ৰ ১৫ ৰানত উভতি যায়।

কে এল ৰাহুলে খোপনি পুতি যুঁজ আৰম্ভ কৰে। কিন্তু লাহে লাহে টান হৈ অহা লক্ষ্যটো যেন শিথিল হৈ আহিল। ট্ৰিষ্টান ষ্টাবছৰ সৈতে যুটী বান্ধি লাহে লাহে খেল ঘূৰাই দিয়াৰ খেল আৰম্ভ হ’ল। যিহেতু লক্ষ্য বৰ বেছি নহয়, সেয়ে আৰ চি বিয়ে ক্ৰমান্বয়ে মেচত পৰাস্ত হ’বলৈ আৰম্ভ কৰে। কে এল ৰাহুলেও ক্ৰমান্বয়ে ইনিংছৰ গতি বৃদ্ধি কৰে। খেলখন চুটি হৈ অহাৰ লগে লগে ট্ৰিষ্টানে হাত খোলে। তাতেই স্পষ্ট হৈ পৰে যে কামটো বিৰাট বাহিনীৰ বাবে অধিক কঠিন হৈ পৰিছে।

কিন্তু বেংগালুৰুৱে ৰাহুলক ৰখোৱাৰ কোনো ‘ঔষধ’ বিচাৰি নাপালে। আৰু ৰাহুলেও অনায়াসে চাৰি আৰু ছয় মাৰি দলটোৰ বাবে সহজ জয় কঢ়িয়াই আনিলে। ৫৩টা বলৰ তেওঁৰ অপৰাজিত ৯৩ ৰাণৰ ইনিংছটোত ছয়টাকৈ ছয় আৰু ৭টা চাৰি মাৰিছিল। আনহাতে, আনটো দিশত ট্ৰিষ্টানৰ ২৩টা বলত ৩৮ ৰানৰ অপৰাজিত ইনিংছটোকো ক্ৰেডিট দিব লাগিব। এই দুয়োৰে বেটিঙৰ বাবেই দিল্লীয়ে ইমান সহজে জয়ী হ’বলৈ সক্ষম হয়। তেৰটা বল খেলিবলৈ বাকী থকা অৱস্থাতে দিল্লীয়ে জয়ৰ লক্ষ্যত উপনীত হয়।

সংক্ষিপ্ত স্কোৰঃ

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুঃ ১৬৩-৭ (ফিল ছল্ট ৩৭, টিম ডেভিদ ৩৭, নিগাম ১৮-২)

দিল্লী কেপিটেলছঃ ১৬৯-৪ (ৰাহুল ৯৩ নট আউট, ত্ৰিষ্টান ৩৮ নট আউট, ভুৱনেশ্বৰ ২৬-২)

দিল্লী কেপিটেলছে ৬ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd