আজি ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। দিনৰ ১০-৩০ বজাত প্ৰকাশ কৰা হ’ব পৰীক্ষাৰ ফলাফল।
অসম মাধ্যমিক শিক্ষা ব’ৰ্ডে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে আজি অৰ্থাৎ ১১ এপ্ৰিল, ২০২৫ তাৰিখে পুৱা ১০:৩০ বজাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব।
২০২৫ চনৰ ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চৰ ভিতৰত অনুষ্ঠিত হোৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ লগইন প্ৰমাণপত্ৰ প্ৰৱেশ কৰি অফিচিয়েল ৱেবছাইট: resultsassam.nic.in বা site.sebaonline.org ত নিজৰ ফলাফল লাভ কৰিব পাৰিব।
উল্লেখ্য যে অনলাইন মাৰ্ক শ্বীটসমূহ প্ৰভিজনেল হ’ব। ছাত্র-ছাত্রীসকলক তেওঁলোকৰ অৰিজিনেল মাৰ্কশ্বীট আৰু পাছ চাৰ্টিফিকেট নিজ নিজ বিদ্যালয়ৰ পৰা সংগ্ৰহ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
কেনেকৈ চাব পৰীক্ষাৰ ফলাফল :
অফিচিয়েল ৱেবছাইটত চাওক: resultsassam.nic.in বা site.sebaonline.org.
হোমপেজত প্ৰদৰ্শিত SEBA HSLC Result 2025 ৰ লিংকত ক্লিক কৰক।
আপোনাৰ ৰোল নম্বৰ আৰু কেপচা ক’ড দিয়ক।
আপোনাৰ HSLC Result 2025 পৰ্দাত ওলাব।
আপোনাৰ ৰেফাৰেন্সৰ বাবে মাৰ্ক শ্বীটৰ পিডিএফ ডাউনলোড কৰক।