• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজনিশা দিল্লীৰ পাটিয়ালা কোৰ্টত হাজিৰ কৰোৱা হয় তাহাউৰ ৰানাক; ১৮ দিন থাকিব NIA-ৰ জিম্মাত

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 11, 2025 9:58 am
215
VIEWS
Share on FacebookShare on Twitter

২৬/১১ৰ মুম্বাই আক্ৰমণৰ অভিযুক্ত তাহাউৰ ৰানাক বিমানৰ পৰা নামি অহাৰ লগে লগে গ্ৰেপ্তাৰ কৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই। বৃহস্পতিবাৰে মাজনিশা দিল্লীৰ পাটিয়ালা হাউছ কোৰ্টত NIAৰ বিশেষ আদালতৰ ন্যায়াধীশৰ সন্মুখত ৰানাক হাজিৰ কৰোৱা হয়।

মুম্বাই আক্ৰমণৰ আঁৰৰ ষড়যন্ত্ৰৰ তদন্তৰ বাবে ৰানাক জিম্মাত জেৰাৰ বাবে অনুৰোধ জনাইছিল নিয়াই। আবেদন মঞ্জুৰ কৰি ন্যায়াধীশে ৰাণাক ১৮ দিনৰ বাবে নিয়াৰ জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে। অৱশ্যে নিয়াই ৰাণাক ২০ দিনৰ বাবে নিজৰ জিম্মাত ল’ব বিচাৰিছিল।

ৰাণাই সন্ত্ৰাসবাদী কাৰ্য সংঘটিত কৰাৰ অপৰাধমূলক ষড়যন্ত্ৰ সংঘটিত কৰা বুলি আদালতৰ আগত নিয়াই কয়। আন ষড়যন্ত্ৰকাৰীৰ লগতো আলোচনা কৰিছিল। ন্যায়াধীশে ৰানাক সোধে যে তেওঁ নিজৰ পক্ষ ল’বলৈ অধিবক্তা নিয়োগ কৰিব  নে আদালতে তেওঁক আইনী সহায় আগবঢ়াব?

ৰানা মূলতঃ পাকিস্তানী মূলৰ যদিও বৰ্তমান তেওঁ কানাডাৰ নাগৰিক। ইমান দিনে তেওঁক লছ এঞ্জেলছৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল। অভিযোগ অনুসৰি পাকিস্তানী মূলৰ আন এজন সন্ত্ৰাসবাদী ডেভিদ কলমেন হেডলীৰ সৈতে তেওঁৰ ঘনিষ্ঠ যোগাযোগ আছিল। হেডলীৰ সৈতে ৰাণাই ২৬/১১ৰ মুম্বাই আক্ৰমণৰ ষড়যন্ত্ৰ কৰিছিল। নিষিদ্ধ উগ্ৰপন্থী সংগঠন লস্কৰ-ই-তৈবাৰ সৈতেও তেওঁৰ সম্পৰ্ক আছিল। আন এটা উগ্ৰপন্থী সংগঠন হৰকত-উল-জিহাদী ইছলামী (হুজি)ৰ সৈতেও তেওঁৰ যোগাযোগ আছিল।

বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬:৩০ বজাত ৰাণাৰ সৈতে দিল্লী বিমানবন্দৰত অৱতৰণ কৰে NIAৰ বিষয়াসকলে। বুধবাৰে ৰাণাক ‘জি৫৫০ জেট’ নামৰ বিশেষ বিমানত আমেৰিকাত উঠোৱা হয়। আমেৰিকাৰ পৰা ভাৰত অভিমুখী বিমানখন বুধবাৰে নিশা প্ৰায় ৯:৩০ বজাত ৰোমানিয়াৰ বুখাৰেষ্টত অৱতৰণ কৰে। ১১ ঘণ্টা তাত ৰখোৱাৰ পিছত বৃহস্পতিবাৰে ভাৰতীয় সময় অনুসৰি পুৱা ৮:৪৫ বজাত বিমানখন ভাৰত অভিমুখে ৰাওনা হয়। ৰাণাক কঢ়িয়াই অনা বিমানখন সন্ধিয়া ৬:৩০ বজাত দিল্লী বিমানবন্দৰত অৱতৰণ কৰে।

ৰাণাক ভাৰতলৈ ঘূৰাই অনাৰ পাছত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই এক বিবৃতি প্ৰকাশ কৰি কয় যে ২০০৮ চনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড ৰাণা! নিয়াৰ এক বিবৃতিত কোৱা হৈছে যে, “২৬/১১ৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰ হুছেইন ৰানাক বৃহস্পতিবাৰে ভাৰতলৈ ঘূৰাই অনা হয়। ২০০৮ চনৰ ঘটনাৰ মাষ্টাৰমাইণ্ডক বিচাৰৰ মাজলৈ আনিবলৈ কেইবাবছৰ ধৰি প্ৰচেষ্টা অব্যাহত আছিল।” প্ৰাথমিকভাৱে খবৰ পোৱা গৈছে যে ৰাণাক দিল্লীৰ তিহাৰ কাৰাগাৰত ৰখা হ’ব। সেই কাৰণে তাত নিৰাপত্তা কটকটীয়া কৰা হৈছে।

ইতিমধ্যে নিয়াৰ মুখ্য কাৰ্যালয়ত ৰাণাক জেৰা কৰিবলৈ এটা বিশেষ কক্ষ স্থাপন কৰা হৈছে। প্ৰথমতে সিদ্ধান্ত লোৱা হৈছে যে পাকিস্তানী মূলৰ কানাডাৰ ব্যৱসায়ীজনক ১২ জন বিষয়াই জেৰা কৰিব। এই ১২ জন লোকৰ ভিতৰত আছে নিয়াৰ ডিজি  সদানন্দ ডাটে, আই জি আশীষ বাত্ৰা, ডিআইজি জয়া ৰায়।

ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে আমেৰিকাই। আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ টেমি ব্ৰুছে কয় যে, “আমেৰিকাই দীৰ্ঘদিন ধৰি ভাৰতে এনে আক্ৰমণৰ সৈতে জড়িতসকলক ন্যায়ৰ ওচৰলৈ অনাৰ প্ৰচেষ্টাক সমৰ্থন কৰি আহিছে। এতিয়া তেওঁ (ৰানা) ভাৰতৰ হাতত। আমি সন্তুষ্ট।”

ৰাণাই বাৰে বাৰে আমেৰিকাৰ আদালতত আশংকা প্ৰকাশ কৰিছিল যে ভাৰতীয় কাৰাগাৰত তেওঁক অত্যাচাৰ কৰা হ’ব। অৱশ্যে আমেৰিকাৰ সৈতে প্ৰত্যাৰ্পণ চুক্তিৰ চৰ্তসমূহ উলংঘা নহ’ব বুলি ভাৰতে আশ্বাস দিছে। নতুন দিল্লীয়ে জনাইছে যে কাৰাগাৰতো ৰাণা সুৰক্ষিত থাকিব।

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd