• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজনিশা দিল্লীৰ পাটিয়ালা কোৰ্টত হাজিৰ কৰোৱা হয় তাহাউৰ ৰানাক; ১৮ দিন থাকিব NIA-ৰ জিম্মাত

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 11, 2025 9:58 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৬/১১ৰ মুম্বাই আক্ৰমণৰ অভিযুক্ত তাহাউৰ ৰানাক বিমানৰ পৰা নামি অহাৰ লগে লগে গ্ৰেপ্তাৰ কৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই। বৃহস্পতিবাৰে মাজনিশা দিল্লীৰ পাটিয়ালা হাউছ কোৰ্টত NIAৰ বিশেষ আদালতৰ ন্যায়াধীশৰ সন্মুখত ৰানাক হাজিৰ কৰোৱা হয়।

মুম্বাই আক্ৰমণৰ আঁৰৰ ষড়যন্ত্ৰৰ তদন্তৰ বাবে ৰানাক জিম্মাত জেৰাৰ বাবে অনুৰোধ জনাইছিল নিয়াই। আবেদন মঞ্জুৰ কৰি ন্যায়াধীশে ৰাণাক ১৮ দিনৰ বাবে নিয়াৰ জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে। অৱশ্যে নিয়াই ৰাণাক ২০ দিনৰ বাবে নিজৰ জিম্মাত ল’ব বিচাৰিছিল।

Apply Now

ৰাণাই সন্ত্ৰাসবাদী কাৰ্য সংঘটিত কৰাৰ অপৰাধমূলক ষড়যন্ত্ৰ সংঘটিত কৰা বুলি আদালতৰ আগত নিয়াই কয়। আন ষড়যন্ত্ৰকাৰীৰ লগতো আলোচনা কৰিছিল। ন্যায়াধীশে ৰানাক সোধে যে তেওঁ নিজৰ পক্ষ ল’বলৈ অধিবক্তা নিয়োগ কৰিব  নে আদালতে তেওঁক আইনী সহায় আগবঢ়াব?

ৰানা মূলতঃ পাকিস্তানী মূলৰ যদিও বৰ্তমান তেওঁ কানাডাৰ নাগৰিক। ইমান দিনে তেওঁক লছ এঞ্জেলছৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল। অভিযোগ অনুসৰি পাকিস্তানী মূলৰ আন এজন সন্ত্ৰাসবাদী ডেভিদ কলমেন হেডলীৰ সৈতে তেওঁৰ ঘনিষ্ঠ যোগাযোগ আছিল। হেডলীৰ সৈতে ৰাণাই ২৬/১১ৰ মুম্বাই আক্ৰমণৰ ষড়যন্ত্ৰ কৰিছিল। নিষিদ্ধ উগ্ৰপন্থী সংগঠন লস্কৰ-ই-তৈবাৰ সৈতেও তেওঁৰ সম্পৰ্ক আছিল। আন এটা উগ্ৰপন্থী সংগঠন হৰকত-উল-জিহাদী ইছলামী (হুজি)ৰ সৈতেও তেওঁৰ যোগাযোগ আছিল।

বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬:৩০ বজাত ৰাণাৰ সৈতে দিল্লী বিমানবন্দৰত অৱতৰণ কৰে NIAৰ বিষয়াসকলে। বুধবাৰে ৰাণাক ‘জি৫৫০ জেট’ নামৰ বিশেষ বিমানত আমেৰিকাত উঠোৱা হয়। আমেৰিকাৰ পৰা ভাৰত অভিমুখী বিমানখন বুধবাৰে নিশা প্ৰায় ৯:৩০ বজাত ৰোমানিয়াৰ বুখাৰেষ্টত অৱতৰণ কৰে। ১১ ঘণ্টা তাত ৰখোৱাৰ পিছত বৃহস্পতিবাৰে ভাৰতীয় সময় অনুসৰি পুৱা ৮:৪৫ বজাত বিমানখন ভাৰত অভিমুখে ৰাওনা হয়। ৰাণাক কঢ়িয়াই অনা বিমানখন সন্ধিয়া ৬:৩০ বজাত দিল্লী বিমানবন্দৰত অৱতৰণ কৰে।

ৰাণাক ভাৰতলৈ ঘূৰাই অনাৰ পাছত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই এক বিবৃতি প্ৰকাশ কৰি কয় যে ২০০৮ চনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড ৰাণা! নিয়াৰ এক বিবৃতিত কোৱা হৈছে যে, “২৬/১১ৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰ হুছেইন ৰানাক বৃহস্পতিবাৰে ভাৰতলৈ ঘূৰাই অনা হয়। ২০০৮ চনৰ ঘটনাৰ মাষ্টাৰমাইণ্ডক বিচাৰৰ মাজলৈ আনিবলৈ কেইবাবছৰ ধৰি প্ৰচেষ্টা অব্যাহত আছিল।” প্ৰাথমিকভাৱে খবৰ পোৱা গৈছে যে ৰাণাক দিল্লীৰ তিহাৰ কাৰাগাৰত ৰখা হ’ব। সেই কাৰণে তাত নিৰাপত্তা কটকটীয়া কৰা হৈছে।

ইতিমধ্যে নিয়াৰ মুখ্য কাৰ্যালয়ত ৰাণাক জেৰা কৰিবলৈ এটা বিশেষ কক্ষ স্থাপন কৰা হৈছে। প্ৰথমতে সিদ্ধান্ত লোৱা হৈছে যে পাকিস্তানী মূলৰ কানাডাৰ ব্যৱসায়ীজনক ১২ জন বিষয়াই জেৰা কৰিব। এই ১২ জন লোকৰ ভিতৰত আছে নিয়াৰ ডিজি  সদানন্দ ডাটে, আই জি আশীষ বাত্ৰা, ডিআইজি জয়া ৰায়।

ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে আমেৰিকাই। আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ টেমি ব্ৰুছে কয় যে, “আমেৰিকাই দীৰ্ঘদিন ধৰি ভাৰতে এনে আক্ৰমণৰ সৈতে জড়িতসকলক ন্যায়ৰ ওচৰলৈ অনাৰ প্ৰচেষ্টাক সমৰ্থন কৰি আহিছে। এতিয়া তেওঁ (ৰানা) ভাৰতৰ হাতত। আমি সন্তুষ্ট।”

ৰাণাই বাৰে বাৰে আমেৰিকাৰ আদালতত আশংকা প্ৰকাশ কৰিছিল যে ভাৰতীয় কাৰাগাৰত তেওঁক অত্যাচাৰ কৰা হ’ব। অৱশ্যে আমেৰিকাৰ সৈতে প্ৰত্যাৰ্পণ চুক্তিৰ চৰ্তসমূহ উলংঘা নহ’ব বুলি ভাৰতে আশ্বাস দিছে। নতুন দিল্লীয়ে জনাইছে যে কাৰাগাৰতো ৰাণা সুৰক্ষিত থাকিব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm
বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

July 14, 2026 9:01 pm
মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

মহাকাশ অভিমুখে ভাৰতীয় মূলৰ মহাকাশচাৰী অনিল মেনন, আৰম্ভ হ’ল আঠ মহীয়া দীঘলীয়া অভিযান

July 14, 2026 8:41 pm
ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

ৰাম মন্দিৰৰ দৰে গুজৰাটৰ অম্বাজী মন্দিৰতো চুৰি : বৰঙণিৰ ধন সৰকোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তিনি কৰ্মচাৰী

July 14, 2026 8:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm
বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

বৈষ্ণোদেৱী মন্দিৰৰ ৫৫০ কোটি টকাৰ ৰূপ চুৰি নে নকল? তদন্তকাৰী সংস্থাৰ পৰা প্ৰতিবেদন বিচাৰিলে আদালতে

July 14, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd