• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কণ্ঠৰোধৰ চেষ্টা! তথ্য জনাৰ অধিকাৰৰ ওপৰত আঘাত মোডী চৰকাৰৰ; প্ৰতিবাদত বিৰোধী

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 11, 2025 12:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৱাকফ বিলৰ পিছত ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকচন এক্টক লৈ মোডী চৰকাৰ আৰু ইণ্ডিয়া জোঁটৰ মাজত নতুন সংঘাত আৰম্ভ হ’বলৈ আগবাঢ়িছে।

বৃহস্পতিবাৰে ইণ্ডিয়া জোঁটে অভিযোগ কৰে যে যুটীয়া সংসদীয় সমিতিখনক সম্পূৰ্ণৰূপে অন্ধকাৰত ৰাখি ডিজিটেল ডাটা প্ৰটেকচন এক্টৰ সংশোধনী অনা হৈছে। এনেকুৱা এটা পদক্ষেপ গ্ৰহণ কৰা হৈছে য’ত তথ্যৰ অধিকাৰ আইনখনৰ অন্যতম গুৰুত্বপূৰ্ণ এটা নাগৰিক অধিকাৰ বিলুপ্ত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Apply Now

বৃহস্পতিবাৰে দিল্লীত ইণ্ডিয়া মিত্ৰজোঁটে বিৰোধী নেতাসকলৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ চৰকাৰক দিয়া হ’ব বুলি প্ৰকাশ কৰে। তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ ওচৰত তথ্যৰ অধিকাৰ আইনখন যাতে এনেদৰে ধ্বংস কৰা নহয় তাৰ বাবে আবেদন জনোৱা হ’ব।

বিৰোধীৰ হৈ কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে তথ্য জনাৰ অধিকাৰ আইনৰ ৪৪(৩) ধাৰা বাতিল কৰিব লাগে বুলি মন্তব্য কৰে। এই দফাটো ডিজিটেল ডাটা প্ৰটেকচন বিলত অন্তৰ্ভুক্ত কৰা হৈছে। এই ধাৰাটোৰ জৰিয়তে তথ্যৰ অধিকাৰ আইনৰ ধাৰা ৮(১) পৰোক্ষভাৱে অৱজ্ঞা তথা খাৰিজ কৰা হৈছে।

তথ্যৰ অধিকাৰ আইনত উল্লেখ আছে যে যদি কোনো ব্যক্তিগত তথ্যই বৃহত্তৰ প্ৰেক্ষাপটত জনস্বাৰ্থৰ ওপৰত কোনো বিৰূপ প্ৰভাৱ পেলায়, তেন্তে সেই তথ্য প্ৰকাশ কৰিব লাগিব। কিন্তু ডিজিটেল ডাটা প্ৰটেকচন এক্টৰ সেই ধাৰাটো সলনি কৰি কোৱা হৈছে যে কোনো ব্যক্তিগত তথ্য প্ৰকাশ কৰিব নোৱাৰিব। অৰ্থাৎ জনস্বাৰ্থৰ ক্ষতি হ’লেও তথ্য প্ৰকাশ কৰিব নোৱাৰি।

গগৈয়ে কয় যে বিহাৰত প্ৰতিদিনে এখন দলং ভাঙি যোৱাৰ অৰ্থ হ’ল এই বিধেয়কখন গৃহীত হ’লে, কোনোবাই যদি তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কোনজন ঠিকাদাৰে দলং নিৰ্মাণৰ নিবিদা বা ঠিকা লাভ কৰিছে বা কিমান চুক্তি লাভ কৰিছে সেই কথা জানিব বিচাৰে তেন্তে এই তথ্য প্ৰদান কৰা নহ’ব? কাৰণ ঠিকাদাৰৰ ব্যক্তিগত তথ্য? অৰ্থাৎ এই তথ্য সুৰক্ষা বিধেয়কখন দুৰ্নীতি লুকুৱাবলৈ এক অস্ত্ৰ হ’বলৈ গৈ আছে।

বিৰোধীসকলৰ কয় যে বৰ্তমানৰ তথ্যৰ অধিকাৰ আইনখনে বিকল্প সাংবাদিকতা আৰু সামাজিক এক্টিভিজমৰ জন্ম দিছে। এনেদৰে বহু দুৰ্নীতি আৰু অনিয়ম উদঙাই দিয়া হৈছে। সেইটো ৰোধ কৰিবলৈ সচেষ্ট হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ।

এই অভিযোগ খণ্ডন কৰিছে তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। জয়ৰাম ৰমেশলৈ লিখা এখন পত্ৰত মন্ত্ৰীগৰাকীয়ে কয় যে ডিজিটেল তথ্য সুৰক্ষা আইনখনে তথ্যৰ অধিকাৰ আইনখনক কোনো ধৰণৰ প্ৰভাৱ পেলোৱা নাই। বৰঞ্চ এই দুখন আইন ইটোৱে সিটোৰ লগত ভাৰসাম্য আৰু সমন্বয়ৰে কাম কৰি যাব।

উচ্চতম ন্যায়ালয়ৰ ৰায়দানত স্পষ্টকৈ উল্লেখ আছে যে ব্যক্তিগত তথ্যৰ সুৰক্ষাৰ অধিকাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। সংবিধানৰ ২১ নং অনুচ্ছেদ অনুসৰি এই অধিকাৰ সুৰক্ষিত হ’ব লাগিব। এই ৰায়দানৰ লগত খাপ খুৱাই তথ্য সুৰক্ষা আইনখন সৃষ্টি কৰা হৈছিল। ইয়াৰ উপৰিও যদি কোনো তথ্য কোনো জনকল্যাণমূলক প্ৰকল্পৰ সৈতে জড়িত, তেন্তে সেই তথ্য প্ৰকাশ কৰিব লাগিব। আগতে যিদৰে আছিল, এতিয়াও সেইদৰে আছে।

অৱশ্যে এই বক্তব্য মানি ল’বলৈ ইচ্ছুক নহয় বিৰোধীয। আনকি আদালতলৈ যোৱাৰ ৰাস্তাও মুকলি আছে, তাৰো ইংগিত দিয়া হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd