• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

১১ এপ্ৰিলৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দানকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 17, 2025 5:18 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ এটা সিদ্ধান্তক লৈ প্ৰত্যক্ষভাৱে ন্যায়পালিকাক সমালোচনা উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ। তেওঁৰ মতে, উচ্চতম ন্যায়ালয়ে ভাৰতৰ ৰাষ্ট্ৰপতিৰ বাবে বিধায়িনী দলৰ গৃহীত বিধেয়কৰ সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ সময়সীমা নিৰ্ধাৰণ কৰাৰ কোনো অধিকাৰ নাই। ধনখৰে কয় যে এনে পদক্ষেপ গণতান্ত্ৰিক মূল্যবোধৰ বিৰোধী আৰু ন্যায়াধীশসকলে ছুপাৰ পাৰ্লিয়ামেণ্টৰ দৰে কাম কৰিছে।

১১ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দানত কৈছিল যে ৰাষ্ট্ৰপতিয়ে বিধায়িনী দলে গৃহীত বিধেয়কৰ ওপৰত অনিৰ্দিষ্টকাললৈ সিদ্ধান্ত স্থগিত ৰাখিব নোৱাৰে। ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু আৰ মহাদেৱানৰ বিচাৰপীঠে নিৰ্দেশ দিছিল যে ৰাজ্যপালৰ দ্বাৰা প্ৰেৰিত বিধেয়কৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে তিনি মাহৰ ভিতৰত নিজৰ মতামত প্ৰকাশ কৰিব লাগিব। যদি তিনি মাহৰ ভিতৰত সিদ্ধান্ত লোৱা সম্ভৱ নহয়, তেন্তে পলমৰ কাৰণ সংশ্লিষ্ট ৰাজ্যক জনাব লাগিব। একে নিৰ্দেশ ৰাজ্যপালসকলৰ বাবেও জাৰি কৰা হৈছিল।

Apply Now

উপ-ৰাষ্ট্ৰপতি ধনখৰে এই নিৰ্দেশক অগ্ৰহণযোগ্য বুলি অভিহিত কৰিছে। তেওঁ এই নিৰ্দেশনাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কয়, দেশ কোন দিশলৈ আগবাঢ়িছে? আমি গণতন্ত্ৰৰ সৈতে কেতিয়াও আপোচ কৰা নাই। এতিয়া ভাৰতৰ ৰাষ্ট্ৰপতিকো বিধেয়কৰ ওপৰত সিদ্ধান্ত ল’বলৈ সময়সীমা দিয়া হৈছে। যদি সময়মতে সিদ্ধান্ত লোৱা নহয়, তেন্তে বিধেয়কখন আইনত পৰিণত হ’ব বুলি কোৱা হৈছে। এয়া কেনেকৈ গ্ৰহণযোগ্য বুলি মত প্ৰকাশ কৰিছে।

ধনখৰে ন্যায়পালিকাৰ ভূমিকাৰ ওপৰতো তীব্ৰ সমালোচনা কৰি কয়, ন্যায়াধীশসকলে আইন প্ৰণয়ন আৰু কাৰ্যকৰী নিৰ্দেশনা জাৰি কৰি ছুপাৰ পাৰ্লিয়ামেণ্টৰ দৰে কাম কৰি আছে। কিন্তু তেওঁলোকক কোনো ধৰণে জবাবদিহি কৰিব নোৱাৰে, কাৰণ আইনত তেনে কোনো ব্যৱস্থা নাই। তেওঁ লগতে কয়, ন্যায়পালিকাই সংবিধানৰ ১৪২ নং ধাৰাক ক্ষেপণাস্ত্ৰৰ দৰে ব্যৱহাৰ কৰিছে। এই ধাৰা আনুসৰি উচ্চতম ন্যায়ালয়ে সম্পূৰ্ণ ন্যায় প্ৰতিষ্ঠাৰ বাবে আইনৰ পৰিসৰৰ বাহিৰত নিৰ্দেশ জাৰি কৰিব পাৰে।

ধনখৰে উল্লেখ কৰিছে যে কিছুদিন পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ হৈছিল, কিন্তু তেওঁৰ বিৰুদ্ধে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। তেওঁৰ মতে, এনে পৰিস্থিতিত ন্যায়পালিকাৰ জবাবদিহিতাৰ অভাৱ চিন্তনীয়। তেওঁ প্ৰশ্ন কৰে, ভাৰতৰ ৰাষ্ট্ৰপতিক কি ভিত্তিত নিৰ্দেশনা দিয়া হৈছে? ন্যায়পালিকাৰ এনে পদক্ষেপ গণতন্ত্ৰৰ মূল স্তম্ভসমূহৰ মাজত ভাৰসাম্য নষ্ট কৰিব পাৰে বুলি মত প্ৰকাশ কৰিছে উপৰাষ্ট্ৰপতিগৰাকীয়ে।

অৱশ্যে ন্যায়পালিকাই এই সমালোচনাৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, সেয়া  লক্ষণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd