• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ ভয়-ভাবুকি-প্ৰলোভন আৰু আৰক্ষীক অপব্যৱহাৰেৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰহসন : চিপিআই(এম)

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 18, 2025 9:00 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি-শাসিত অসমত পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত তৃণমূল পৰ্য্যায়ৰ গণতন্ত্ৰ ভুলুণ্ঠিত হৈছে আৰু নিৰ্বাচনটো পৰিণত হৈছে এক প্ৰকাৰৰ প্ৰহসনত। ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ আগে আগে যি কোনো প্ৰকাৰে পঞ্চায়তবোৰ দখল কৰাটো হৈ পৰিছে শাসক বিজেপিৰ একমাত্ৰ লক্ষ্য। সেয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপি-বিৰোধী দলসমূহৰ প্ৰাৰ্থীক মনোনয়ন-পত্ৰ দাখিল পৰ্ব আৰম্ভ হোৱাৰ পৰা মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম মুহূৰ্তলৈকে বিভিন্ন প্ৰকাৰৰ ভয়-ভাবুকি-প্ৰলোভন, আনকি শাসক দলৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰি হ’লেও বিৰোধী প্ৰাৰ্থীক নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ তথা প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি থাকিবলৈ হেঁচা প্ৰয়োগ কৰাৰ বাতৰি প্ৰকাশ হোৱাত চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

প্ৰাপ্ত সংবাদ মতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পঞ্চায়ত নিৰ্বাচনতো প্ৰশাসন যন্ত্ৰৰ অপব্যৱহাৰ কৰাৰ উপৰি আনকি ৰাজ্যৰ আৰক্ষী প্ৰশাসনকো ব্যৱহাৰ কৰি আৰু ঠায়ে ঠায়ে পুলিচ বাহিনী নমাই বিৰোধী দলৰ প্ৰাৰ্থীক ভীতি প্ৰদৰ্শন তথা গাওঁ অঞ্চলত বিৰোধী দলসমূহৰ সভ্য-সমৰ্থকৰ মাজত এক প্ৰকাৰৰ ত্ৰাসৰ সৃষ্টি কৰিছে। পাৰ্টিৰ ৰাজ্যিক কমিটিয়ে অতি উদ্বেগেৰে লক্ষ্য কৰিছে যে সংবাদ মাধ্যমৰ খবৰ অনুযায়ী ঢেকিয়াজুলি অঞ্চলত মন্ত্ৰী অশোক সিংহালৰ ভেৰোণিয়া বাহিনীয়ে বিৰোধী প্ৰাৰ্থীৰ বিৰুদ্ধে জঘন্য আচৰণ তথা ভীতি প্ৰদৰ্শন কৰিছে। মাজ ৰৌমাৰি পঞ্চায়তৰ এগৰাকী মহিলা প্ৰাৰ্থীৰ নাম চৰকাৰী হিতাধিকাৰী আঁচনিৰ পৰা কৰ্তন কৰাই নহয়, চৰকাৰী পুঁজিৰে নিৰ্মাণ কৰিব লগা গাওঁখনৰ পথটোৰ নিৰ্মাণ বন্ধ হ’ব বুলিও ভাবুকি দিছে। ডিগবৈৰ বৰহাপজানতো অসম জাতীয় পৰিষদৰ এগৰাকী মহিলা প্ৰাৰ্থীক ভাবুকি দিয়া হয়। নগাঁও আৰু মৰিগাঁও জিলাৰ কঠীয়াতলী, যমুনামুখ, বঢ়মপুৰ, নেলী, জাগীৰোড, ধৰমতুল আদি ঠাইত পুলিচ আৰু বিজেপিৰ গুণ্ডা বাহিনীয়ে সন্ত্ৰাস সৃষ্টি কৰাৰ বাতৰি সংবাদ মাধ্যমতে প্ৰকাশিত হৈছে। কঠীয়াতলীত কংগ্ৰেছৰ জিলা পৰিষদৰ প্ৰাৰ্থীক ভয়-ভাবুকি দিয়াৰ উপৰি নিশা আৰক্ষীয়ে আটক কৰি অনাৰো অভিযোগ উত্থাপন হৈছে। ভয়-ভাবুকি তথা মনোনয়ন প্ৰত্যাহাৰৰ বাবে হেঁচা প্ৰয়োগৰ অভিযোগ ডিগবৈ, লিডু, দুধনৈ, বিশ্বনাথ চাৰিআলি, নলবাৰী আদি অঞ্চলৰ উপৰি বৰাক উপত্যকাৰ বিভিন্ন ঠাইত উত্থাপিত হৈছে। ৰাজ্যৰ কেইবাঠাইতো মহিলা প্ৰাৰ্থীৰ স্বামীক পুলিচে গ্ৰেপ্তাৰ আৰু পৰিয়ালৰ অন্যান্য সদস্যক ভাবুকি দিয়াৰ বাতৰি পোৱা গৈছে।

Apply Now

অতিকৈ উদ্বেগৰ বিষয় যে, মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনটোত ৰাজ্যত কেইবাশ প্ৰাৰ্থীয়ে বিজেপি আৰু আৰক্ষীৰ ভয়-ভাবুকি-হেঁচাত মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হোৱাৰ বাতৰি পোৱা গৈছে। আনহাতে শাসক দলৰ বহু প্ৰাৰ্থী তথাকথিত ‘বিনা প্ৰতিদ্বন্দ্বিতা’ৰে নিৰ্বাচিত হৈছে। বিশ্বনাথ চাৰিআলিৰ চতিয়াৰ বিজেপি বিধায়ক পদ্ম হাজৰিকাৰ সমষ্টিত কংগ্ৰেছৰ সকলো প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ বাতৰি সংবাদ মাধ্যমৰ যোগে প্ৰকাশ হৈছে।

আচলতে ৰাজ্যত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ শাসন কালত গণতন্ত্ৰক হত্যা আৰু সুস্থ গণতান্ত্ৰিক নিৰ্বাচন প্ৰক্ৰিয়াক নিঃশেষ কৰাৰ নিৰ্লজ্জ কৰ্মকাণ্ড চলিছে। পঞ্চায়ত নিৰ্বাচনৰ বাবে সমষ্টি পুনৰ্গঠন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ মুহূৰ্তৰ পৰাই ৰাজ্য চৰকাৰে নিজৰ সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থত সকলো পৰিকল্পনা কৰে। বৈষম্যমূলকভাৱে পঞ্চায়ত তথা ৱাৰ্ডবোৰৰ সীমা নিৰ্ধাৰণ আৰু শাসক দলৰ সুবিধামতে যথেষ্ট পলমকৈ, ব’হাগ বিহুৰ মাজতে নিৰ্বাচন অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যিক নিৰ্বাচন আয়োগেও নিজৰ স্বতন্ত্ৰ ভূমিকা বিসৰ্জন দি চৰকাৰৰ নিৰ্দেশত ৰাজনৈতিক পক্ষপাতিত্ব অৱলম্বন কৰি নিৰ্বাচনী কাম কাজ পৰিচালনা কৰি আছে। ক্ৰমাৎ জনবিচ্ছিন্ন হোৱা ৰাজ্যৰ শাসক দলে ধনবল-বাহুবলৰ উপৰি প্ৰশাসন যন্ত্ৰৰ অপব্যৱহাৰ কৰি এতিয়া পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱাৰ বাবে উঠি-পৰি লাগিছে। চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে পঞ্চায়ত নিৰ্বাচনটোক ৰাজ্য চৰকাৰে প্রসহনত পৰিণত কৰিব বিচৰা কৰ্মকাণ্ড তথা নিৰ্বাচনটোত দলীয় স্বাৰ্থত আৰক্ষীৰ ব্যৱহাৰৰ তীব্ৰ প্ৰতিবাদ জনাইছে আৰু সুস্থ তথা নিকা নিৰ্বাচন নিশ্চিত কৰি তৃণমূল পৰ্যায়ৰ গণতন্ত্ৰ সুনিশ্চিত কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগৰ ওচৰত দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd