বহু কোটি টকীয়া অনলাইন ট্ৰেড কেলেংকাৰীৰ অভিযুক্ত দীপাংকৰ বৰ্মনক ১৫ দিনৰ বাবে পশ্চিম বংগৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে চিবিআইৰ আদালতে।
উল্লেখ্য যে পশ্চিম বংগত তেওঁৰ বিৰুদ্ধে একাধিক জালিয়াতিৰ গোচৰ চলি আছে, যাৰ ফলত বৰ্মনৰ সৈতে জড়িত আৰ্থিক কেলেংকাৰীৰ তদন্ত তীব্ৰতৰ হৈ পৰিছে।
ডি বি ষ্টক ব্ৰকিংৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনে আনুমানিক প্ৰায় ৭ হাজাৰ কোটি টকাৰ কেলেংকাৰীৰ লগত জড়িত হৈ আছে। যাৰ ফলত সমগ্ৰ অসমৰ লগতে অন্যান্য ৰাজ্যৰ অসংখ্য বিনিয়োগকাৰী ক্ষতিগ্ৰস্ত হৈছে।
উল্লেখ্য যে দুমাহৰো অধিক সময় পলায়ন কৰি থকাৰ পিছত ২০২৪ চনৰ অক্টোবৰৰ শেষৰ ফালে গুৱাহাটী আৰক্ষীৰ এটা দলে গোৱা অপৰাধ শাখাৰ সহায়ত গোৱাত গ্ৰেপ্তাৰ কৰে দীপাংকৰ বৰ্মনক। গ্ৰেপ্তাৰৰ সময়ত তেওঁৰ হাতৰ পৰা ২৭ লাখৰো অধিক নগদ ধন, পাছপ‘ৰ্ট, আৰু সোণৰ গহনা জব্দ কৰা হয়।
গ্ৰেপ্তাৰৰ পিছতে বৰ্মনক প্ৰথমে তিনিদিনীয়া ট্ৰেনজিট ৰিমাণ্ডত অসমলৈ ৰখা হয় আৰু তাৰ পিছতে তেওঁক কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিবিআই)ই ছয় দিনৰ বাবে জেৰা কৰে।
এই কেলেংকাৰীত ৬৫ জনতকৈ অধিক ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে অনিয়ন্ত্ৰিত জমা আঁচনি নিষিদ্ধকৰণ আইনৰ অধীনত ১৪টা বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে।
শেহতীয়া আদালতৰ নিৰ্দেশৰ লগে লগে বৰ্মনক এতিয়া ৰাজ্যত পঞ্জীয়ন হোৱা জালিয়াতিৰ গোচৰ সন্দৰ্ভত পশ্চিম বংগ আৰক্ষীয়ে জেৰা কৰিব।