• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিটমেনৰ ৰূপত প্ৰত্যাৱৰ্তন ৰোহিতৰ, সূৰ্যৰ বেটিঙতো উত্তাপ; মুম্বাইয়ে হৰুৱালে ধোনীৰ চেন্নাইক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 21, 2025 7:35 am
358
VIEWS
Share on FacebookShare on Twitter

“ফৰ্ম ইজ টেম্পোৰাৰি, বাট ক্লাছ ইজ পাৰ্মানেন্ট।” বহুলভাৱে ব্যৱহৃত এই বাক্যাংশই যেন ৰোহিত শৰ্মাক প্ৰতিনিধিত্ব কৰে। ফৰ্ম নাই, ফৰ্ম নথকাৰ বাবে ইমান সমালোচনা। হিটমেনে ‘ক্লাছ’টো সাচি ৰাখিছিল ডাঙৰ যুঁজৰ বাবে। যেনেদৰে চেম্পিয়নছ ট্ৰফীৰ ফাইনেল, ৱানখেড়েত ধোনিৰ দলৰ বিৰুদ্ধে বিৰাট যুঁজৰ বাবে।

ৰোহিতৰ বিধ্বংসী ইনিংছৰ জৰিয়তে মুম্বাইয়ে চেন্নাইক ৯ উইকেটত পৰাস্ত কৰে। সূৰ্য্যকুমাৰ যাদৱে যোগ্য সংগ দিয়ে। ইপিনে, যি সময়ত হাৰ্দিক পাণ্ডিয়াৰ দলটোৱে বিজয়ৰ হেট্ৰিকেৰে প্লে অফৰ দিশে এখোজ দুখোজকৈ আগবাঢ়িছে, সেই সময়ত ধোনীৰ চেন্নাই আৰু অধিক অন্ধকাৰলৈ গতি কৰিছে।

দেওবাৰে নিশা টছত জয়লাভ কৰি মুম্বাইৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰায় প্ৰতিখন মেচৰ দৰেই এইবাৰো চেন্নাইৰ বেটিঙৰ আৰম্ভণি ভাল নহ’ল। ৰাচিন ৰবিন্দ্ৰই মাত্ৰ ৫ ৰান সংগ্ৰহ কৰি উভতি যায়। ছাইক ৰছিদৰ সংগ্ৰহ মাত্ৰ ১৯।

কিন্তু এই দিনটোতে ১৭ বছৰীয়া আয়ুষে অভিষেকতে নিজৰ স্থিতি দেখুৱাই দিলে। ৰাজস্থানৰ যদি ১৪ বছৰীয়া বৈভৱ আছে, তেন্তে ৰুতুৰাজৰ সলনি হিচাপে অহা আয়ুষেও ডাঙৰ মঞ্চত নিজৰ উপস্থিতি জনাই দিলে। তেওঁ মাত্ৰ ১৫টা বলত ৩২ ৰান সংগ্ৰহ কৰে।

ইয়াৰ পৰাই ৰবীন্দ্ৰ জাদেজা আৰু শিৱম ডুবেই চেন্নাইৰ ইনিংছ আগুৱাই লৈ যায়। দুয়োজনে অৰ্ধশতক অৰ্জন কৰে যদিও ৰাণৰ গতি ক্ষিপ্ৰতাৰে আগবাঢ়িব পৰা নাছিল। ধোনীয়ে ৬টা বলত মাত্ৰ ৪ ৰান সংগ্ৰহ কৰে। বুমৰাহ আৰু ছান্টনাৰৰ আধিপত্যৰ বাবে ৫ উইকেট হেৰুৱাই চেন্নাইৰ ইনিংছ ১৭৬ ৰানতে সমাপ্ত হয়।

তাৰ পিছত আৰম্ভ হ’ল হিটমেনৰ বিস্ফোৰণ। ৰিয়ান ৰিকেলটনে আৰম্ভণিৰ স্থিতি গঢ়ি তোলে। ৰোহিতে সেই সুযোগ নেহেৰুৱালে। আৰু যেতিয়া তেওঁ ছন্দত থাকে তেতিয়া বিপক্ষৰ বলাৰৰ কি অৱস্থা হয় তাক দোহাৰাৰ প্ৰয়োজন নাই।

আৰম্ভণিটো অলপ লাহে লাহে কৰিলে৷ তাৰপিছতে সূৰ্যক লগত লৈ ৰোহিতে তাণ্ডৱ আৰম্ভ কৰিলে। ৰবীন্দ্ৰ জাদেজাক আক্ৰমণ কৰি মেচখনৰ ‘মুড’ স্থিৰ কৰি দিলে সূৰ্য্যই। তুলনামূলকভাৱে অশ্বিনে অলপ সন্তুলন লক্ষা কৰে। অৱশ্যে ৰোহিত-সূৰ্যক ৰখাবলৈ সেয়া যথেষ্ট নাছিল।

ৰোহিতে ৪৫টা বলত ৭৬ ৰান সংগ্ৰহ কৰে। তেওঁৰ ইনিংছটোত আছিল ৪টা চাৰি আৰু ৬টা ছয়। আনহাতে, সূৰ্য্যই ৩০টা বলত ৬৮ ৰান সংগ্ৰহ কৰে। মুম্বাইয়ে ৯ উইকেটত জয়লাভ কৰে।

টছৰ সময়ত ৱানখেড়েত ধোনিৰ নাম লৈ শ্লোগান শুনা গৈছিল। ইয়াৰ অন্ত পৰিল ৰোহিতৰ নামত জয়ধ্বনিৰে। ৮খন খেলৰ পৰা ৮ পইণ্ট লাভ কৰি লীগ তালিকাৰ ষষ্ঠ স্থানলৈ উন্নীত হয় মুম্বাই। ইয়াৰ পূৰ্বেও এক বিধ্বস্ত পৰিস্থিতিৰ পৰা উভতি আহিছিল মুম্বাই। সেইটো এইবাৰ আকৌ দেখা যাবনে?

আনহাতে, ৮খন খেলৰ পৰা ৪ পইণ্ট লাভ কৰি চেন্নাই তালিকাৰ তলত আছে। ধোনীয়েও একপ্ৰকাৰ মানি লৈছে যে চেন্নাইৰ প্লে অফলৈ যোৱাৰ আশা ক্ৰমান্বয়ে কমি আহিছে।

সংক্ষিপ্ত স্কোৰঃ

চেন্নাই ছুপাৰ কিংছঃ ১৭৬/৫ (জাদেজা ৫৩, শিৱম ৫০, বুমৰাহ ২৫/২)

মুম্বাই ইণ্ডিয়ানছঃ ১৭৭/১ (ৰোহিত ৭৬, সূৰ্য্য ৬৮, জাদেজা ৩৮/১)

মুম্বাই ইণ্ডিয়ানছে ৯ উইকেটত জয়লাভ কৰে।

Recent News

ক্ষিপ্ৰ ন্যায় আৰু সৌহাৰ্দ্যপূৰ্ণ গোচৰ নিষ্পত্তিৰ সুযোগ! শিলচৰত ১৪ জুনত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত

ক্ষিপ্ৰ ন্যায় আৰু সৌহাৰ্দ্যপূৰ্ণ গোচৰ নিষ্পত্তিৰ সুযোগ! শিলচৰত ১৪ জুনত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত

আজি ঈদৰ দিনটোত কিয় কুৰবানী দিয়া হয় জানেনে? হজৰত ইব্ৰাহিমে নিজ পুত্ৰক কুৰবানী দিবলৈ কিয় বিচাৰিছিল?

আজি ঈদৰ দিনটোত কিয় কুৰবানী দিয়া হয় জানেনে? হজৰত ইব্ৰাহিমে নিজ পুত্ৰক কুৰবানী দিবলৈ কিয় বিচাৰিছিল?

নাড্ডাৰ পিছত কোন? বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে চৰ্চাত তিনিগৰাকী জ্যেষ্ঠ নেতাৰ নাম

নাড্ডাৰ পিছত কোন? বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে চৰ্চাত তিনিগৰাকী জ্যেষ্ঠ নেতাৰ নাম

শুই থকাৰ পৰা তুলি নি ধৰ্ষণ তিনি বছৰীয়া শিশুক : আৰক্ষীৰ এনকাউণ্টাৰত নিহত অভিযুক্ত

শুই থকাৰ পৰা তুলি নি ধৰ্ষণ তিনি বছৰীয়া শিশুক : আৰক্ষীৰ এনকাউণ্টাৰত নিহত অভিযুক্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd