• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাৰোত নিৰাপত্তা বাহিনীৰ সৈতে সংঘৰ্ষত নিহত ৮ জন মাওবাদী; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 21, 2025 1:14 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে পুৱা ঝাৰখণ্ডৰ বোকাৰো জিলাৰ লুগু পাহাৰত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ কোব্ৰা কমাণ্ডো আৰু স্থানীয় আৰক্ষীৰ সৈতে হোৱা তীব্ৰ সংঘৰ্ষত ৮ জন মাওবাদী নিহত হয়। কৰ্তৃপক্ষৰ মতে, অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী উদ্ধাৰ কৰা হৈছে।

বোকাৰো জিলাৰ লালপানিয়া অঞ্চলৰ লুগু পাহাৰত মাওবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সোমবাৰে পুৱা ৫:৩০ বজাত নিৰাপত্তা বাহিনীয়ে অভিযান আৰম্ভ কৰে।

Apply Now

জংঘল যুদ্ধৰ বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত চি আৰ পি এফৰ ২০৯ কমাণ্ডো বেটেলিয়ন ফৰ ৰিজ’লিউট একচন (কোব্ৰা)ই এই অভিযানৰ নেতৃত্ব দিয়ে। ঝাৰখণ্ড আৰক্ষীৰ সহায়ত চলোৱা এই অভিযানত নিহত হয় ৮ জন মাওবাদী। সংঘৰ্ষৰ সময়ত কোনো নিৰাপত্তাৰক্ষীৰ সদস্য আহত হোৱা নাই।

অভিযানৰ অন্তত নিৰাপত্তাৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা এ কে ছিৰিজ ৰাইফল, তিনিটা ইনছাছ ৰাইফল, এটা ছেল্ফ লোডিং ৰাইফল (এছ এল আৰ), আঠটা দেশত নিৰ্মিত বন্দুক আৰু এটা পিষ্টল উদ্ধাৰ কৰে। তদুপৰি নক্সালবাদীৰ পৰা গোলাবাৰুদ আৰু অন্যান্য সা-সামগ্ৰীও উদ্ধাৰ কৰা হয়।

ঝাৰখণ্ডৰ ডিজিপিয়ে জনোৱা মতে, নিহতসকলৰ ভিতৰত এজন মাওবাদী নেতা বিবেকো আছে যাৰ মূৰৰ মূল্য ১ কোটি টকা ঘোষণা কৰা হৈছিল।

এই অভিযান কেন্দ্ৰীয় চৰকাৰে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত দেশৰ পৰা নক্সাল আৰু মাওবাদীক নিৰ্মূল কৰাৰ পৰিকল্পনাৰ অংশ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ কৈছিল, “মোডী চৰকাৰে নক্সালৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছে। আত্মসমৰ্পণ নকৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।” শেহতীয়াকৈ চুবুৰীয়া ৰাজ্য ছত্তীশগড়তো তীব্ৰতৰ হৈ পৰিছে অভিযান। ঝাৰখণ্ডত নক্সালসকলৰ বিৰুদ্ধে চলি থকা অভিযানো তাৰেই অংশ।

লুগু পাহাৰ (বোকাৰো) অঞ্চলটো দীৰ্ঘদিন ধৰি নক্সালবাদীৰ দুৰ্গ হিচাপে পৰিচিত হৈ আহিছে। চোৰাংচোৱা তথ্যৰ ভিত্তিত চলোৱা এই অভিযানত চোৰাংচোৱা ব্যুৰো আৰু স্থানীয় আৰক্ষীৰ তথ্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অভিযান শেষ হোৱাৰ পিছতো অঞ্চলটোত তালাচী অব্যাহত আছে।  ঝাৰখণ্ড আৰক্ষীৰ মুখপাত্ৰ অমল হোমকাৰে কয় যে, “আমি অহৰহ তথ্য লাভ কৰি আছো। চূড়ান্ত হতাহতৰ পৰিসংখ্যা নিশ্চিত কৰিবলৈ অধিক সময় লাগিব।”

শেহতীয়াকৈ ছত্তীশগড়ৰ চুকমা জিলাত ১৭ জন নক্সালক হত্যা কৰা হৈছে। চত্তীশগড়ত চলিত বৰ্ষত মুঠ ১৩২ জন নক্সালক হত্যা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ নীতি আৰু নিৰাপত্তা বাহিনীৰ সমন্বিত প্ৰচেষ্টাৰ বাবে নক্সালবাদীৰ ওপৰত হেঁচা বাঢ়িছে। নক্সালবাদীয়ে আত্মসমৰ্পণ নকৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰিছে অমিত শ্বাহে।

নক্সালৰ বিৰুদ্ধে যুঁজত এই অভিযানক এক বৃহৎ সফলতা বুলি গণ্য কৰা হ’লেও ইয়াৰ প্ৰভাৱ স্থানীয় জনগোষ্ঠীৰ ওপৰত পৰিব পাৰে। নক্সালবাদীয়ে প্ৰায়ে গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ জনগোষ্ঠীৰ পৰা সমৰ্থন লাভ কৰিবলৈ চেষ্টা কৰে। কিন্তু চৰকাৰৰ আত্মসমৰ্পণ নীতি আৰু পুনৰ্বাসন প্ৰকল্পৰ জৰিয়তে বহু নক্সাল মূলসুঁতিলৈ ঘূৰি আহিছে। এই অভিযানে অঞ্চলটোত শান্তি ঘূৰাই অনাৰ সম্ভাৱনা থাকিলেও দীৰ্ঘম্যাদী সমাধানৰ বাবে স্থানীয় উন্নয়ন আৰু জনসাধাৰণৰ আস্থা লাভ কৰাটো অতি গুৰুত্বপূৰ্ণ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd