জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ২৪ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া দুদিনীয়া অসম ভ্ৰমণ স্থগিত ৰাখিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।
দুটা চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ২৪ এপ্ৰিলৰ সন্ধিয়া মুৰ্মু গুৱাহাটী উপস্থিত হোৱাৰ কথা আছিল।
অসম ৰাজ্যপাল সচিবালয়ৰ এগৰাকী বিষয়াই জনায়, “জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে এই ভ্ৰমণ স্থগিত ৰখাৰ কথা আমাক জনাই ৰাষ্ট্রপতি ভৱনৰ পৰা বাৰ্তা লাভ কৰিছো। পৰৱৰ্তী সময়ত পুনৰ তাৰিখ নিৰ্ধাৰণ কৰা হ’ব।”
শুকুৰবাৰে ৰাজ্য চৰকাৰৰ এক অনুষ্ঠানত নৃত্য পটিয়সী সোনাল মানসিঙক শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰাৰ কথা আছিল মুৰ্মুৱে।
সেইদৰে শুকুৰবাৰে বিয়লি অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৩২ সংখ্যক সমাৱৰ্তনৰ বাবেও তেওঁক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল।
ইপিনে, ২৩ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপনৰ বাবে কানপুৰ ভ্ৰমণৰ কাৰ্যসূচীও বাতিল কৰিছে।
২৪ এপ্ৰিলত মোডীয়ে কানপুৰ ভ্ৰমণ কৰি ২০ হাজাৰ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন কৰাৰ কথা আছিল।
কিন্তু মঙলবাৰে কানপুৰৰ সাহসী কণমানি সন্তান শুভমকে ধৰি বহু লোকৰ প্ৰাণ কাঢ়ি নিয়া সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি আৰু ৰাইজৰ শোক তথা আৱেগক মনত ৰাখি অনুষ্ঠানটো বাতিল কৰা হৈছে বুলি বিষয়াসকলে জনায়।
মঙলবাৰে দক্ষিণ কাশ্মীৰৰ পহলগামৰ সমীপৰ বৈছাৰণৰ পৰ্যটকস্থলীত সন্ত্ৰাসবাদীয়ে নৃশংস আক্ৰমণ চলাই ২৮ জন লোকক হত্যা কৰে।