পেহেলগামত সংঘটিত ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত কংগ্ৰেছে ঐক্যৰ বাৰ্তা লৈ চৰকাৰৰ কাষত থিয় দিছে। সূত্ৰই দাবী কৰিছে যে পেহেলগাম সন্দৰ্ভত শীঘ্ৰে কেন্দ্ৰই সৰ্বদলীয় বৈঠক আহ্বান কৰিবলৈ আগবাঢ়িছে।
এই পৰিস্থিতিত কি কৰিব লাগে আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে সেই সন্দৰ্ভত সকলো পক্ষৰ সৈতে আলোচনা কৰা হ’ব বুলি জানিব পৰা গৈছে।
এক্স হেণ্ডেলত এটা পোষ্টত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কয় যে “এই আক্ৰমণত আমি গভীৰভাৱে শোকাহত। এই আক্ৰমণ ভাৰতৰ ঐক্য আৰু সাৰ্বভৌমত্বৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ।”
খাৰ্গেই লিখিছে, ‘মঙলবাৰে নিশাই মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ সৈতে কথা পাতিছো।’
হত্যাকাণ্ডৰ ন্যায্য বিচাৰ দাবীত কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লিখিছে যে, “এয়া দলীয় ৰাজনীতিৰ সময় নহয়। এই সন্ত্ৰাসবাদী আক্ৰমণৰ দোষীক ন্যায়ৰ ওচৰলৈ অনাৰ সময় আহি পৰিছে। প্ৰাণ হেৰুওৱা আৰু শোকত ভাগি পৰা পৰিয়ালৰ ন্যায় নিশ্চিত কৰাৰ বাবে সামূহিক সংকল্প লোৱাৰ সময় আহি পৰিছে।” কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ‘আমি সকলোৱে এক’ কথাটোৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে।
খাৰ্গেৰ ভাষাত, “এই নিষ্ঠুৰ কাণ্ডত সমগ্ৰ দেশ স্তম্ভিত হৈ পৰিছে। এই কাণ্ডৰ বাবে এটা পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনে দায়িত্ব স্বীকাৰ কৰিছে। আমি এই কাণ্ডৰ উপযুক্ত উত্তৰ দিব লাগিব। আমি সকলোৱে একেলগে যুঁজিম।”
সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পেহেলগামৰ পৰিস্থিতি সন্দৰ্ভত জানিবলৈ ৰাহুল গান্ধীয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও ফোনযোগে কথা পাতে। লোকসভাৰ সদস্যগৰাকীয়ে বুধবাৰে পুৱা নিজৰ এক্স হেণ্ডেলত এই সন্দৰ্ভত এটা পোষ্ট কৰে।
লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে লিখিছে, “পেহেলগামত সংঘটিত ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহ, জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ সৈতে কথা পাতিছো। বৰ্তমান পৰিস্থিতিৰ বিষয়ে জানিব পাৰিছো।”





