পুনৰ ৰাণৰ মাজলৈ উভতিছে ৰোহিত শৰ্মা। মুম্বাই ইণ্ডিয়ানছেও তেওঁৰ দুৰ্দান্ত বেটিঙৰ ওপৰত নিৰ্ভৰ কৰি আগবাঢ়িছে। আই পি এলৰ আৰম্ভণিতে পইণ্ট টেবুলৰ তলত ৰৈ থকা দলটোৱে এতিয়া প্লে অফৰ দৌৰত নামি পৰিছে।
একেৰাহে চাৰিখন মেচত জয়লাভ কৰি পুনৰ উজ্জ্বল হৈ পৰিছে হাৰ্দিক পাণ্ডিয়াৰ দলৰ ট্ৰফী জয়ৰ সপোন। আনহাতে, নিজৰ শক্তিশালী বেটিঙেৰে ডাঙৰ ৰান সংগ্ৰহৰ চমক হেৰুৱাই ছানৰাইজাৰ্ছ হায়দৰাবাদ শিবিৰত সূৰ্যাস্ত নামি আহিছে।
আই পি এলৰ আৰম্ভণিতে মুম্বাই শিবিৰৰ বাবে আটাইতকৈ ডাঙৰ সমস্যাৰ নাম আছিল ৰোহিত শৰ্মা। প্ৰাক্তন অধিনায়কৰ বেটত ৰান নহাৰ বাবে সমগ্ৰ দলটো বিপদত পৰিছিল। কিন্তু কোৱাৰ দৰে ‘ফৰ্ম অস্থায়ী, কিন্তু ক্লাছ স্থায়ী’। হিটমেনে এই বাক্যাংশটো বাৰে বাৰে সঠিক বুলি প্ৰমাণ কৰি আহিছে।
চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অন্তিমখন খেলত তেওঁৰ বেটৰ পৰা আহিছিল ৭৬ ৰান। বুধবাৰেও হিটমেনৰ বেটত ডাঙৰ শ্বট দেখা গ’ল। হায়দৰাবাদত দেখা গ’ল ভিনটেজ ৰোহিতৰ চমক। তেওঁ ৭০ ৰানত আউট হোৱাৰ সময়লৈকে মেচখন তেওঁৰ হাতলৈ আহি গৈছিল। প্ৰাক্তন অধিনায়কগৰাকীৰ দুৰ্দান্ত ইনিংছৰ ওপৰত নিৰ্ভৰ কৰি মুম্বাইয়ে অনায়াসে জয়লাভ কৰে।
অৱশ্যে এই দিনটোতে বলাৰসকলে মুম্বাইৰ জয়ৰ ভেটি স্থাপন কৰে। অধিনায়ক হাৰ্দিকে টছত জয়লাভ কৰি বলিং কৰাৰ সিদ্ধান্ত লয়। দ্বিতীয় অভাৰত ট্ৰেভিছ হেডক ঘূৰাই পঠিয়ায় ট্ৰেণ্ট ব’ল্টে। তৃতীয় অভাৰত ঈশান কিষান, চতুৰ্থ অভাৰত অভিষেক শৰ্মা আৰু পঞ্চম অভাৰত নীতিশ ৰেড্ডী আউট হোৱাৰ পিছত একেৰাহে উইকেট হেৰুৱাই হায়দৰাবাদে মেচখন তাতেই হেৰুৱাই পেলায়।
অৱশ্যে তাৰ পৰাই হেনৰিক ক্লাচেনে দুৰন্ত যুঁজ দিলে। দক্ষিণ আফ্ৰিকাৰ তাৰকাগৰাকীয়ে ৪৪টা বলত ৭১ ৰান সংগ্ৰহ কৰে। অভিনৱ মনোহৰৰ বেটৰ পৰাও আহে ৪৩ ৰান। এই দুজন বেটছমেনৰ শক্তিৰ বাবেই পেট কামিন্সৰ দলটোৱে কেনেবাকৈ ১৪৩ ৰান সংগ্ৰহ কৰে। মাত্ৰ ২৬ ৰানত ৪টা উইকেট দখল কৰে ব’ল্টে। দীপক চাহাৰে দুটা উইকেট দখল কৰে।
অৱশ্যে সহজ লক্ষ্য খেদি মুম্বাইয়ে প্ৰথমে ৰিয়ান ৰিকলটনৰ উইকেট হেৰুৱাইছিল। তাৰ পিছৰে পৰা গোটেই ৰাজীৱ গান্ধী ষ্টেডিয়ামত কেৱল হিটমেন আৰু তেওঁৰ ছবিৰ দৰে ধুনীয়া শ্বটবোৰ। তেওঁ তিনিটা ছয় আৰু আঠটা বাউণ্ডেৰী মাৰিছিল। সূৰ্যকুমাৰ যাদৱেও ১৯টা বলত ৪০ ৰান সংগ্ৰহ কৰে। ২৬টা বল বাকী থকা অৱস্থাত মুম্বাইয়ে জয়লাভ কৰি পইণ্ট তালিকাৰ তৃতীয় স্থানলৈ উন্নীত হয়।
সংক্ষিপ্ত স্কোৰঃ
ছানৰাইজাৰ্ছ হায়দৰাবাদঃ ১৪৩/৮ (ক্লাচেন ৭১, অভিনৱ ৪৩, ব’ল্ট ৪/২৬)
মুম্বাই ইণ্ডিয়ানছঃ ১৪৬/৩ (ৰোহিত ৭০, সূৰ্য্যকুমাৰ ৪০)
মুম্বাই ইণ্ডিয়ানছে ৭ উইকেটত জয়লাভ কৰে।