• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হায়দৰাবাদতো হিটমেনৰ তাণ্ডৱ! বলাৰৰ দমনীয় প্ৰদৰ্শন, ৰোহিত-সূৰ্যৰ বেটিং; একেৰাহে ৪খনত জয় মুম্বাইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 24, 2025 7:58 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ ৰাণৰ মাজলৈ উভতিছে ৰোহিত শৰ্মা। মুম্বাই ইণ্ডিয়ানছেও তেওঁৰ দুৰ্দান্ত বেটিঙৰ ওপৰত নিৰ্ভৰ কৰি আগবাঢ়িছে। আই পি এলৰ আৰম্ভণিতে পইণ্ট টেবুলৰ তলত ৰৈ থকা দলটোৱে এতিয়া প্লে অফৰ দৌৰত নামি পৰিছে।

একেৰাহে চাৰিখন মেচত জয়লাভ কৰি পুনৰ উজ্জ্বল হৈ পৰিছে হাৰ্দিক পাণ্ডিয়াৰ দলৰ ট্ৰফী জয়ৰ সপোন। আনহাতে, নিজৰ শক্তিশালী বেটিঙেৰে ডাঙৰ ৰান সংগ্ৰহৰ চমক হেৰুৱাই ছানৰাইজাৰ্ছ হায়দৰাবাদ শিবিৰত সূৰ্যাস্ত নামি আহিছে।

Apply Now

আই পি এলৰ আৰম্ভণিতে মুম্বাই শিবিৰৰ বাবে আটাইতকৈ ডাঙৰ সমস্যাৰ নাম আছিল ৰোহিত শৰ্মা। প্ৰাক্তন অধিনায়কৰ বেটত ৰান নহাৰ বাবে সমগ্ৰ দলটো বিপদত পৰিছিল। কিন্তু কোৱাৰ দৰে ‘ফৰ্ম অস্থায়ী, কিন্তু ক্লাছ স্থায়ী’। হিটমেনে এই বাক্যাংশটো বাৰে বাৰে সঠিক বুলি প্ৰমাণ কৰি আহিছে।

চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অন্তিমখন খেলত তেওঁৰ বেটৰ পৰা আহিছিল ৭৬ ৰান। বুধবাৰেও হিটমেনৰ বেটত ডাঙৰ শ্বট দেখা গ’ল। হায়দৰাবাদত দেখা গ’ল ভিনটেজ ৰোহিতৰ চমক। তেওঁ ৭০ ৰানত আউট হোৱাৰ সময়লৈকে মেচখন তেওঁৰ হাতলৈ আহি গৈছিল। প্ৰাক্তন অধিনায়কগৰাকীৰ দুৰ্দান্ত ইনিংছৰ ওপৰত নিৰ্ভৰ কৰি মুম্বাইয়ে অনায়াসে জয়লাভ কৰে।

অৱশ্যে এই দিনটোতে বলাৰসকলে মুম্বাইৰ জয়ৰ ভেটি স্থাপন কৰে। অধিনায়ক হাৰ্দিকে টছত জয়লাভ কৰি বলিং কৰাৰ সিদ্ধান্ত লয়। দ্বিতীয় অভাৰত ট্ৰেভিছ হেডক ঘূৰাই পঠিয়ায় ট্ৰেণ্ট ব’ল্টে। তৃতীয় অভাৰত ঈশান কিষান, চতুৰ্থ অভাৰত অভিষেক শৰ্মা আৰু পঞ্চম অভাৰত নীতিশ ৰেড্ডী আউট হোৱাৰ পিছত একেৰাহে উইকেট হেৰুৱাই হায়দৰাবাদে মেচখন তাতেই হেৰুৱাই পেলায়।

অৱশ্যে তাৰ পৰাই হেনৰিক ক্লাচেনে দুৰন্ত যুঁজ দিলে। দক্ষিণ আফ্ৰিকাৰ তাৰকাগৰাকীয়ে ৪৪টা বলত ৭১ ৰান সংগ্ৰহ কৰে। অভিনৱ মনোহৰৰ বেটৰ পৰাও আহে ৪৩ ৰান। এই দুজন বেটছমেনৰ শক্তিৰ বাবেই পেট কামিন্সৰ দলটোৱে কেনেবাকৈ ১৪৩ ৰান সংগ্ৰহ কৰে। মাত্ৰ ২৬ ৰানত ৪টা উইকেট দখল কৰে ব’ল্টে। দীপক চাহাৰে দুটা উইকেট দখল কৰে।

অৱশ্যে সহজ লক্ষ্য খেদি মুম্বাইয়ে প্ৰথমে ৰিয়ান ৰিকলটনৰ উইকেট হেৰুৱাইছিল। তাৰ পিছৰে পৰা গোটেই ৰাজীৱ গান্ধী ষ্টেডিয়ামত কেৱল হিটমেন আৰু তেওঁৰ ছবিৰ দৰে ধুনীয়া শ্বটবোৰ। তেওঁ তিনিটা ছয় আৰু আঠটা বাউণ্ডেৰী মাৰিছিল। সূৰ্যকুমাৰ যাদৱেও ১৯টা বলত ৪০ ৰান সংগ্ৰহ কৰে। ২৬টা বল বাকী থকা অৱস্থাত মুম্বাইয়ে জয়লাভ কৰি পইণ্ট তালিকাৰ তৃতীয় স্থানলৈ উন্নীত হয়।

সংক্ষিপ্ত স্কোৰঃ

ছানৰাইজাৰ্ছ হায়দৰাবাদঃ ১৪৩/৮ (ক্লাচেন ৭১, অভিনৱ ৪৩, ব’ল্ট ৪/২৬)

মুম্বাই ইণ্ডিয়ানছঃ ১৪৬/৩ (ৰোহিত ৭০, সূৰ্য্যকুমাৰ ৪০)

মুম্বাই ইণ্ডিয়ানছে ৭ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm
“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

July 29, 2026 5:48 pm
লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

July 29, 2026 4:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm
“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

July 29, 2026 5:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd