আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে শুল্ক বিবাদৰ মাজতে আমেৰিকাৰ দুটা প্ৰধান প্ৰযুক্তি কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে ইউৰোপীয় ইউনিয়নে।
ডিজিটেল আইন উলংঘা কৰাৰ বাবে ইউৰোপীয় ইউনিয়নে আমেৰিকাৰ দুটা প্ৰযুক্তিৰ জায়েন্ট এপল আৰু মেটাক ৭০০ মিলিয়ন ইউৰো জৰিমনা বিহিছে। ইয়াৰে এপলক ৫০ৰ মিলিয়ন ইউৰো আৰু ফেচবুকৰ মূল কোম্পানী মেটাক ২০০ মিলিয়ন ইউৰো জৰিমনা বিহা হৈছে।
ব্ৰাছেলছৰ ইউৰোপীয় কমিছনে এক বিবৃতিত কয় যে দুয়োটা কোম্পানীয়ে ডিজিটেল মাৰ্কেটছ এক্ট (ডিএমএ) উলংঘা কৰিছে। ২০২২ চনত প্ৰণয়ন হোৱা এই আইনখনৰ লক্ষ্য হৈছে বৃহৎ টেক কোম্পানীসমূহক প্ৰতিদ্বন্দ্বী প্লেটফৰ্মৰ বাবে মুকলি কৰি ৰখা আৰু ব্যৱহাৰকাৰীৰ স্বাধীনতা সুৰক্ষিত কৰা।
ডি এম এ আইন উলংঘা কৰাৰ বাবে এইবাৰ প্ৰথমবাৰৰ বাবে জৰিমনা ভৰিবলগীয়া হৈছে কোনো সংস্থাই। যদিও এই আইনত বাৰ্ষিক আয়ৰ ১০ শতাংশ পৰ্যন্ত সৰ্বোচ্চ জৰিমনা বিহাৰ অনুমতি দিয়া হৈছে, এইবাৰ জৰিমনা তুলনামূলকভাৱে কম হৈছে। এই জৰিমনা কিয় হ্ৰাস কৰা হ’ল ইউৰোপীয় ইউনিয়নে সেয়া এতিয়াও স্পষ্ট কৰা নাই।
এই সিদ্ধান্তৰ ব্যাখ্যা দিবলৈ ইউৰোপীয় ইউনিয়নৰ আয়ুক্তসকল অনুপস্থিত আছিল। বিশ্লেষকসকলৰ মতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে চলি থকা শুল্ক বিবাদৰ পৰা হাত সাৰিবলৈ এই কৌশল গ্ৰহণ কৰা হৈছে। ইয়াৰ পূৰ্বে ট্ৰাম্পে ইউৰোপীয় ইউনিয়নৰ ডিজিটেল আইনক “অনায্য” বুলি অভিহিত কৰিছিল।
ইউৰোপীয় কমিছনৰ এগৰাকী মুখপাত্ৰই কয় যে এই জৰিমনা কেৱল প্ৰতিযোগিতা আৰু ইউৰোপীয় গ্ৰাহকৰ স্বাৰ্থ ৰক্ষাৰ বাবেহে আৰোপ কৰা হৈছে। এপ ষ্ট’ৰত কঠোৰ আৰু একচেটিয়া নীতিৰ বাবে এপলে শাস্তি লাভ কৰাৰ বিপৰীতে মেটাক ডাটা সুৰক্ষা আৰু ব্যৱহাৰকাৰীৰ স্বাধীনতা উলংঘা কৰাৰ বাবে দায়ী কৰা হৈছে কাৰণ তেওঁলোকে ফেচবুক আৰু ইনষ্টাগ্ৰামত চাবস্ক্ৰিপচন মডেল প্ৰৱৰ্তন কৰিছে।
এপলে তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰি ইউৰোপীয় ইউনিয়নৰ সিদ্ধান্তৰ বিৰুদ্ধে আপীল কৰিব বুলি কয়। তেওঁলোকে দাবী কৰে যে এই আইনখনে ব্যৱহাৰকাৰীৰ তথ্য সুৰক্ষাৰ ক্ষতি কৰিব পাৰে। মেটাই অভিযোগ কৰে যে ইউৰোপীয় ইউনিয়নে তেওঁলোকৰ প্ৰতি অন্যায় কৰি তেওঁলোকৰ ব্যৱসায়িক মডেল সলনি কৰিবলৈ বাধ্য কৰাইছে।
অৱশ্যে ইউৰোপীয় ইউনিয়নৰ গ্ৰাহক অধিকাৰ আৰু চফটৱেৰ বিশ্লেষকসকলে এই সিদ্ধান্তক শলাগ লৈছে। ভিডিঅ’ গেম নিৰ্মাতা এপিক গেমছৰ মুৰব্বী টিম ছুইনীয়ে এই জৰিমনাক “বিশ্বজুৰি ডেভেলপাৰসকলৰ বাবে ইতিবাচক বাৰ্তা” বুলি অভিহিত কৰিছে।
জাৰ্মান সংবাদ মাধ্যম তাজ-য়ে প্ৰকাশ কৰা অনুসৰি এই জৰিমনা কাৰ্যকৰী হ’বলৈ সময় লাগিব পাৰে, কিয়নো এপল আৰু মেটাই আবেদন কৰি তাক বিলম্ব কৰাব পাৰে।