মঙলবাৰে পেহেলগামত সংঘটিত ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণৰ কিছু ঘণ্টাৰ ভিতৰতে জম্মু-কাশ্মীৰৰ কুলগামত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ সংঘটিত হয়। ইফালে, উধমপুৰ জিলাৰ বসন্তগড় অঞ্চলতো বৃহস্পতিবাৰৰ পুৱাৰে পৰা এনকাউণ্টাৰ আৰম্ভ হৈছে।
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, দুধু-বসন্তগড় অঞ্চলত অব্যাহত আছে সংঘৰ্ষ। সূত্ৰ অনুসৰি গুলীয়াগুলিত এজন জোৱান শ্বহীদ হয়। তেওঁৰ সৱিশেষ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
জনপ্ৰিয় পৰ্যটনস্থলী পেহেলগামৰ বৈছৰণ উপত্যকাত সংঘটিত গুলীচালনাত লস্কৰ সমৰ্থিত উগ্ৰপন্থীয়ে ২৬ জন পৰ্যটকক হত্যা কৰিছে। নিহতসকলৰ ভিতৰত ২৫ জন ভাৰতীয় আৰু এজন নেপালী নাগৰিক। এই আক্ৰমণত আন বহু লোক আহত হয়। তেতিয়াৰ পৰাই উপত্যকাৰ চুকে-কোণে তালাচী অভিযান আৰম্ভ হয়, চলিছে এনকাউন্টাৰ। তাতেই সৈনিকজনে প্ৰাণ হেৰুৱালে। জানিব পৰা মতে ভাৰতীয় সেনাই প্ৰত্যুত্তৰত তীব্ৰ গুলীচালনা আৰম্ভ কৰিছে।
ভাৰতৰ ‘মিনি ছুইজাৰলেণ্ড’ পেহেলগাম কেৱল এক গুৰুত্বপূৰ্ণ পৰ্যটনস্থলীয়ে নহয়, ই সমগ্ৰ কাশ্মীৰৰ অন্যতম জনপ্ৰিয় স্থান। ইয়াৰ পৰাই অমৰনাথ যাত্ৰা পথো আৰম্ভ হয়। গতিকে এনে জনবহুল এলেকাত আক্ৰমণ কৰি আতংক বিয়পোৱাই সন্ত্ৰাসবাদীৰ উদ্দেশ্য আছিল বুলি অনুমান কৰা হৈছে।
পেহেলগামত আক্ৰমণৰ মাত্ৰ ২৪ ঘণ্টাৰ পিছত বুধবাৰে বিয়লি দক্ষিণ কাশ্মীৰৰ কুলগামত গুলীয়াগুলি সংঘটিত হয়। উগ্ৰপন্থীয়ে লুকাই থকাৰ তথ্য লাভ কৰি কুলগামৰ টাংমাৰ্গ অঞ্চলত নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰে।