• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সন্ত্ৰাসবাদীৰ বাবে শূন্য সহনশীল ভাৰত! কাশ্মীৰত ভাঙি গুৰি কৰি দিলে আৰু ৩ লস্কৰ উগ্ৰপন্থীৰ ঘৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 26, 2025 9:36 am
সন্ত্ৰাসবাদীৰ বাবে শূন্য সহনশীল ভাৰত! কাশ্মীৰত ভাঙি গুৰি কৰি দিলে আৰু ৩ লস্কৰ উগ্ৰপন্থীৰ ঘৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাশ্মীৰৰ পেহেলগামত নিৰীহ পৰ্যটকক হত্যা কৰাৰ মূল অভিযুক্ত লস্কৰ-ই-তৈবা উগ্ৰপন্থী আছিফ শ্বেখ আৰু আদিল হুছেইন থোকাৰৰ ঘৰ বৃহস্পতিবাৰে নিশাই ভাঙি গুৰি কৰি দিছিল সেনাই। এইবাৰ আৰু তিনিজন লস্কৰ উগ্ৰপন্থীৰ ঘৰ ভাঙি পেলোৱা হৈছে।

সেনাৰ সূত্ৰ অনুসৰি পুলৱাম, কুলগাম আৰু শ্বোপিয়ানত থকা তিনিজন উগ্ৰপন্থী জাকিৰ আহমেদ, এহছান উল শ্বেখ আৰু আদিল গুৰিৰ ঘৰ ভাঙি পেলোৱা হৈছে।

সেনাৰ সূত্ৰ অনুসৰি লস্কৰ উগ্ৰপন্থী এহছান শ্বেখৰ ঘৰ জম্মু-কাশ্মীৰৰ মুৰাণত আছিল। শুকুৰবাৰে নিশা ভাঙি পেলোৱা হয় ঘৰ। পিছত আৰু দুজন উগ্ৰপন্থীৰ ঘৰ ভাঙি পেলোৱা হয়। সেনাৰ সূত্ৰই জনোৱা মতে, পেহেলগামত পৰ্যটকৰ হত্যাকাণ্ডতো তেওঁলোক জড়িত হৈ আছিল।

এই সন্দৰ্ভত সেনাই উল্লেখ কৰিছে যে মূল উদ্দেশ্য কেৱল সন্ত্ৰাসবাদীৰ ঘৰ ধ্বংস কৰাই নহয়, তেওঁলোকক গ্ৰেপ্তাৰ কৰাও। সেই উদ্দেশ্যে অভিযান অব্যাহত আছে।

যোৱা মঙলবাৰে কাশ্মীৰৰ পেহেলগামত উগ্ৰপন্থীয়ে ২৬জন পৰ্যটকক হত্যা কৰিছিল। তেতিয়াৰ পৰাই সেনাই উপত্যকাটো জুৰি নিশ্চিদ্ৰ তালাচী চলাই আহিছে। বৃহস্পতিবাৰৰ পিছত শুকুৰবাৰে নিশাও এলঅ’চিত অব্যাহত আছে গুলীয়াগুলি। সামগ্ৰিকভাৱে সমগ্ৰ উপত্যকাটোত উত্তেজনা বৃদ্ধি পাইছে।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে সেনাই আছিফ শ্বেখ আৰু আদিল হুছেইন নামৰ দুজন উগ্ৰপন্থীৰ ঘৰ ভাঙি পেলায়। জানিব পৰা মতে আদিল হুছেইন থোকাৰ অনন্তনাগ জিলাৰ বিজবেহাৰা ব্লকৰ বাসিন্দা। পেহেলগাম আক্ৰমণৰ অন্যতম মূল অভিযুক্ত হিচাপেও তেওঁৰ নাম উচ্চাৰিত হৈছে। এই আক্ৰমণৰ সন্দৰ্ভত আৰক্ষীয়ে তেওঁক ‘মষ্ট ৱাণ্টেড’ তালিকাত স্থান দিছে আৰু তেওঁক বিচাৰি পালে ২০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।

জনা যায় যে আদিল থোকাৰে ২০১৮ চনত পাকিস্তানলৈ গৈ তাত উগ্ৰপন্থী প্ৰশিক্ষণ লৈছিল। ইয়াৰ পিছত যোৱা বছৰ জম্মু-কাশ্মীৰলৈ উভতি আহি পাকিস্তানী উগ্ৰপন্থীৰ বাবে স্থানীয় গাইড হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। আৰক্ষীয়ে জনোৱা মতে, সেইদিনা পেহেলগামত আক্ৰমণ কৰা উগ্ৰপন্থীসকল সু-প্ৰশিক্ষিত আৰু যুদ্ধৰ বাবে সাজু আছিল। থোকাৰে কাশ্মীৰত গাইড হিচাপে তেওঁলোকক সহায় কৰি আছিল।

আছিফ আৰু আদিলৰ বাহিৰেও তদন্তকাৰী সংস্থাটোৱে এই গোচৰত আৰু দুজন পাকিস্তানী উগ্ৰপন্থীক মষ্ট ৱাণ্টেড বুলি ঘোষণা কৰিছে। তেওঁলোক হ’ল হাছিম মুছা আৰু চুলেমান। যদিও তেওঁ পাকিস্তানী নাগৰিক, তথাপিও যোৱা এবছৰ ধৰি তেওঁ কাশ্মীৰত সক্ৰিয় হৈ আছে। তদন্তকাৰীৰ মতে, মুছা কাশ্মীৰত পূৰ্বৰ কমেও তিনিটা আক্ৰমণৰ সৈতে জড়িত আছিল। ইয়াৰ উপৰি আলী তালহাৰ নামো আছে। জানিব পৰা মতে প্ৰায় দুবছৰ ধৰি তেওঁ কাশ্মীৰ উপত্যকাত সক্ৰিয় হৈ আছে। মুছাৰ পিছত কাশ্মীৰলৈ আহি তেওঁ শ্ৰীনগৰৰ উপকণ্ঠ অঞ্চলৰ ডাচিগাম বনাঞ্চলত লুকাই থাকি অভিযান চলাইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ মন্ত্ৰী হ’ব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক? চৰ্চাত মহম্মদ আজহাৰুদ্দিন

এইবাৰ মন্ত্ৰী হ’ব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক? চৰ্চাত মহম্মদ আজহাৰুদ্দিন

September 2, 2025 9:32 am
কৰ্মৰত শিক্ষক সকল টেট উত্তীৰ্ণ নহ’লে হেৰুৱাব চাকৰি: উচ্চতম ন্যয়ালয়

কৰ্মৰত শিক্ষক সকল টেট উত্তীৰ্ণ নহ’লে হেৰুৱাব চাকৰি: উচ্চতম ন্যয়ালয়

September 2, 2025 9:31 am
খালি আছে প্ৰায় ২৩০টা পদ! অক্টোবৰত নিযুক্তি পত্ৰ প্ৰদানৰ পূৰ্বে  পিজিটি দ্বিতীয় আৰু তৃতীয়খন তলিকা প্ৰকাশৰ দাবি প্ৰাৰ্থীসকলৰ

খালি আছে প্ৰায় ২৩০টা পদ! অক্টোবৰত নিযুক্তি পত্ৰ প্ৰদানৰ পূৰ্বে  পিজিটি দ্বিতীয় আৰু তৃতীয়খন তলিকা প্ৰকাশৰ দাবি প্ৰাৰ্থীসকলৰ

September 2, 2025 8:33 am
যিয়ে মানুহক মুৰ্খ সজাব পাৰে তেওঁৱেই শ্ৰেষ্ঠ নেতা; অকপট মন্তব্য নীতিন গাডকাৰীৰ  

যিয়ে মানুহক মুৰ্খ সজাব পাৰে তেওঁৱেই শ্ৰেষ্ঠ নেতা; অকপট মন্তব্য নীতিন গাডকাৰীৰ  

September 2, 2025 8:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ মন্ত্ৰী হ’ব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক? চৰ্চাত মহম্মদ আজহাৰুদ্দিন

এইবাৰ মন্ত্ৰী হ’ব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক? চৰ্চাত মহম্মদ আজহাৰুদ্দিন

September 2, 2025 9:32 am
কৰ্মৰত শিক্ষক সকল টেট উত্তীৰ্ণ নহ’লে হেৰুৱাব চাকৰি: উচ্চতম ন্যয়ালয়

কৰ্মৰত শিক্ষক সকল টেট উত্তীৰ্ণ নহ’লে হেৰুৱাব চাকৰি: উচ্চতম ন্যয়ালয়

September 2, 2025 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd