• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ৰ ককৰ্থনা-ৰাইজৰ ৰোষ; তামিলনাডু মন্ত্ৰীসভাৰ পৰা বাদ পৰিল ছেন্থিল বালাজী-পনমুডী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 28, 2025 9:10 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দ্ৰাবিড়া মুনেত্ৰ কাঝাগাম (ডিএমকে) নেতৃত্বাধীন তামিলনাডু চৰকাৰে ২০২১ চনৰ মে’ মাহত ক্ষমতালৈ অহাৰ পিছত দেওবাৰে (২৭ এপ্ৰিল) ষষ্ঠবাৰৰ বাবে কেবিনেট সালসলনিৰ কথা ঘোষণা কৰে।

ক্ৰমে আইনী প্ৰতিক্ৰিয়া আৰু জনসাধাৰণৰ সমালোচনাৰ সন্মুখীন হোৱা মন্ত্ৰী ভি ছেন্থিল বালাজী আৰু কে পনমুডীয়ে মন্ত্ৰীপদৰ পৰা পদত্যাগ কৰাৰ ফলত এই সালসলনিৰ কৰা হৈছে।

Apply Now

মন্ত্ৰীসভাত নতুন মুখ অন্তৰ্ভুক্ত হ’ব পাৰে বুলি জল্পনা-কল্পনা চলিছিল যদিও  এটা ব্যতিক্ৰম বাদ দি বৰ্তমানৰ মন্ত্ৰীসকলৰ পৰ্টফলিঅ’ সালসলনি কৰা হৈছে।

পূৰ্বৰ সংশোধনৰ সময়ত অপসাৰণ কৰা প্ৰাক্তন মন্ত্ৰী পদ্মনাভন মনো থাংগৰাজক পুনৰ নিযুক্তি দিয়া হৈছে যদিও সদ্যহতে কোনো পৰ্টফলিঅ’ প্ৰদান কৰা নাই।

সোমবাৰে (২৮ এপ্ৰিল) সন্ধিয়া ৬ বজাত ৰাজভৱনত অনুষ্ঠিত হ’ব লগা শপতগ্ৰহণ অনুষ্ঠানত নতুন নিযুক্তি সম্পৰ্কে আনুষ্ঠানিক ঘোষণা কৰা হ’ব।

দৰাচলতে, মন্ত্ৰীসভাৰ এই সালসলনিত উচ্চতম ন্যায়ালয়ৰ ককৰ্থনা আৰু জনতাৰ ৰোষৰ প্ৰতিফলন ঘটিছে।

জামিনত বাহিৰত থকা অৱস্থাত কাৰ্যভাৰ অব্যাহত ৰখাক লৈ উচ্চতম ন্যায়ালয়ৰ তীব্ৰ সমালোচনাৰ পিছতে ছেন্থিল বালাজীয়ে পদ ত্যাগ কৰে।

যোৱা ২৩ এপ্ৰিলত ন্যায়াধীশ অভয় এছ ওকা আৰু আগাষ্টাইন জৰ্জ মাছিহক লৈ গঠিত দুজনীয়া বিচাৰপীঠে বালাজীক মন্ত্ৰী হিচাপে পদ অব্যাহত ৰখা বা চাকৰিৰ বিনিময়ত নগদ ধন কেলেংকাৰীৰ গোচৰত দিয়া জামিন অটুট ৰখাৰ ভিতৰত এটা বাছি ল’বলৈ চূড়ান্ত সকীয়নি দিয়ে।

বিচাৰপীঠে উল্লেখ কৰে যে তেওঁ আৰু মন্ত্ৰী পদ ধৰি নাৰাখিব বুলি বিশ্বাস ৰাখিয়েই জামিন প্ৰদান কৰা হৈছিল।

উল্লেখ্য যে ২০১১ চনৰ পৰা ২০১৫ চনৰ ভিতৰত এ আই এ ডি এম কে চৰকাৰত পৰিবহণ মন্ত্ৰী হিচাপে থকা সময়ছোৱাত উৎকোচ গ্ৰহণ কৰাৰ অভিযোগত ২০২৩ চনৰ জুন মাহত বলবৎকাৰী সঞ্চালকালয়ে (ইডি) তেওঁক গ্ৰেপ্তাৰ কৰিছিল। ২০১৮ চনত ডি এম কেত যোগদান কৰাৰ পিছত তেওঁক বিদ্যুৎ তথা নিবাৰণ আৰু আবকাৰী মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল।

গ্ৰেপ্তাৰৰ পিছত যদিও তেওঁ পদত্যাগ কৰিছিল, ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত জামিনত মুকলি হোৱাৰ পিছত তেওঁক পুনৰ নিযুক্তি দিয়া হৈছিল। এই পদক্ষেপৰ বাবে উচ্চতম ন্যায়ালয়ৰ সমালোচনাৰ সন্মুখীন হৈছিল। আদালতে উদ্বেগ প্ৰকাশ কৰে যে বালাজীৰ পদমৰ্যাদাই তেওঁক সাক্ষীক প্ৰভাৱিত কৰিবলৈ সক্ষম কৰিব পাৰে।

একেদৰে ৰাজহুৱা অনুষ্ঠানত কৰা মন্তব্যক লৈ ধাৰাবাহিক সমালোচনাৰ পিছত কে পনমুডীক অপসাৰণ কৰা হৈছে য’ত তেওঁ শৈৱ আৰু বৈষ্ণৱ ধৰ্মক সমালোচনা কৰিবলৈ গৈ যৌনকৰ্মীসকলৰ প্ৰসংগ উল্লেখ কৰিছিল।

ইয়াৰ পিছতে চলিত মাহৰ আৰম্ভণিতে পনমুডীক উপ-সাধাৰণ সম্পাদকৰ পদৰ পৰা অপসাৰণ কৰা হৈছিল।

কিন্তু ধাৰাবাহিক সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত তেওঁক কেবিনেটৰ পৰা অপসাৰণ কৰিবলৈ বাধ্য হয়।

২০২১ চনত মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা তামিলনাডুৰ মন্ত্ৰীসভাত একাধিক সালসলনি ঘটিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd