প্ৰদ্যুৎ বৰদলৈ আৰু শিৱমণি বৰাৰ আক্ৰমণক গৰিহণা দিছে অসম নাগৰিক সমাজে।
এক বিবৃত্তিত অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু সম্পাদক পৰেশ মালাকাৰে কয় যে, ‘পঞ্চায়ত নিৰ্বাচনত শাসকীয় বিজেপিয়ে যে নিৰ্লজ্জভাবে ভয়- ভাবুকিৰ আশ্ৰয় লৈছে তাৰ শেহতীয়া উদাহৰণ কালি সন্ধিয়া নগাওৰ ধিঙত লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক শিৱামণি বৰাৰ কনভয়ৰ ওপৰত হোৱা আক্ৰমণ। অসমত এতিয়া আইন-শৃংখলা বোলা কিবা আছেনে? আমি ক’লৈ গৈ আছো? নিৰ্বাচন আয়োগ ক’ত? বিজেপিয়ে নিজকে অসমৰ আটাইতকৈ জনপ্ৰিয় দল বুলি দাবী কৰে। তেওঁলোক যদি ইমানেই জনপ্ৰিয় তেন্তে তেওঁলোকে কিয় কেৱল ভয়-ভাবুকি আৰু হিংসাৰ জৰিয়তে জনসাধাৰণৰ পৰা ভোট আদায়ৰ চেষ্টা কৰিছে? এই ঘটনাটো অতি লজ্জাজনক। শাসকীয় দলৰ গুণ্ডা আৰু সমৰ্থকৰ এনে হিংসাক আমি গৰিহণা দিওঁ আৰু এই আক্ৰমণৰ লগত জড়িত দোষীক চিনাক্ত কৰি শীঘ্ৰেই উপযুক্ত শাস্তি বিহিবলৈ দাবী জনাওঁ। চৰকাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত জড়িত সকলো বিৰোধী নেতাক পৰ্যাপ্ত নিৰাপত্তা প্ৰদান কৰক যাতে এনে ঘটনাৰ পুনাৰাবৃত্তি নহয়। অসমৰ সকলো আইন-অনুগত নাগৰিকক এই আইন-শৃংখলাহীনতা আৰু অৰাজকতাৰ প্ৰতিবাদ কৰিবলৈও আমি আহ্বান জনাওঁ।’