• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

তুলিৰাম ৰংহাঙৰ পদূলিৰ পৰাই কিয় উভটি যায় ইডি?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
April 29, 2025 7:40 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এই অট্টালিকাটোৰ ছবিখন দেখিছে! কিমান ধুনীয়া অট্টালিকা। চালে চাই থাকিবৰ মন যোৱা এটা স্থাপত‍্য। আধুনিক আৰু ধ্ৰুপদী আৰ্হিৰ সংমিশ্ৰণেৰে সজা এটা আটক ধুনীয়া অট্টালিকা। এই অট্টালিকাটো নিৰ্মাণ কৰোতে কোনোৱে কৈছে ১৫০ কোটি টকা পৰিছে। কোনোৱে কৈছে ২০০ কোটি টকা পৰিছে। গোটেই চৌহদটো কিমান বিঘা বা মাটি আছে? আমি শুনিছোঁ, এই পাঁচ মহলীয়া অট্টালিকাটোত  আমোদ প্ৰমোদৰ সকলো সুবিধা আছে। আপোনালোকে জানেনে এই অট্টালিকাটোৰ গৰাকী কোন? কাৰ্বি আংলঙৰ মাজ মজিয়াত সজা এই আটক ধুনীয়া অট্টালিকাটোৰ গৰাকী হৈছে তুলিৰাম ৰংহাং।

তুলিৰাম ৰংহাং কোন? কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ‍্য কাৰ্যবাহী বিষয়া। মনত ৰাখিব এইটো তেওঁৰ শেহতীয়া অট্টালিকেহে। তেওঁৰ হেনো আৰু কেইবা ঠাইতো ঘৰ আৰু অন‍্যান‍্য সা-সম্পত্তি আছে। ইয়াৰ পৰাই আমাৰ কাহিনীৰ আৰম্ভণি। তুলিৰাম ৰংহাং কেনেকৈ ইমান সা-সম্পত্তিৰ গৰাকী হ’ল? তেওঁ কিমানদিনৰ পৰা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ‍্য কাৰ্যবাহী সদস‍্য হৈ আছে? তেওঁ ২০১৩ চনৰ পৰা এতিয়ালৈকে তিনিটা কাৰ্যকালৰ বাবে মুখ‍্য কাৰ্যবাহী সদস‍্য হৈ আছে। মানে ক’ব পাৰি যে তেওঁ এফালৰ পৰা আজি বাৰ বছৰে মুখ‍্য কাৰ্যবাহী সদস‍্যৰ  দায়িত্বত আছে। সেই কাৰণেই নেকি  জ‍্যামিতিক হাৰত তেওঁৰ সা- সম্পত্তি বৃদ্ধি হৈ আছে। তেওঁৰ যে এনেকৈ চাৰিওফালে  ঘৰ, মাটি সা-সম্পত্তি বাঢ়ি গৈ আছে সেইটো কেনেকৈ সম্ভৱ হৈছে? তেওঁ কিবা দুৰ্নীতিত লিপ্ত হৈছে নেকি? নে তেওঁ এই সকলোবোৰ বৈধ উপায়ে কৰিছে?  মই কেনেকৈ কওঁ। মোৰ হাতততো তেওঁ দুৰ্নীতি কৰাৰ কোনো প্ৰমাণ নাই । কিন্তু এটা প্ৰশ্ন মই কৰিব পাৰোঁ নিশ্চয়। দুৰ্নীতি নকৰাকৈ কেনেকৈ তেওঁ ইমান ধনী আৰু সম্পদশালী হ’ল? এতিয়া কাৰ্বি সকলৰ অৱস্থা কেনে? সেইদিনা জন ইংটি কাথাৰে কৈছিল যে এতিয়া হেনো ক্ৰমান্বয়ে সাধাৰণ কাৰ্বি ৰাইজ ভূমিহীন হৈ যাব ধৰিছে। তেওঁলোক গৰীৱৰ পৰা গৰীৱ হৈ গৈ আছে। কিন্তু ধনীৰ কাৰণে ক’ৰবাত সম্পদৰ অভাৱ হয়নে?

Apply Now

কাৰ্বি আংলঙত সৌৰ শক্তি প্ৰকল্পৰ বাবে আকৌ সাধাৰণ মানুহৰ হাতৰ পৰা মাটি কাঢ়ি নি ১৮০০০ বিঘা মাটি আদানীক দিয়াৰ কথা ওলাইছে। মোৰ মনত এটা প্ৰশ্ন খেলাইছে। আচলতে এই ষষ্ঠ অনুসূচীয়ে সাধাৰণ কাৰ্বি ৰাইজৰ কিবা উন্নতি কৰিছেনে? কাৰ্বি স্বায়ত্ব পৰিষদত এবাৰ, বছৰৰ পিছত বছৰ ৰাজ কৰিছিল জয়ন্ত ৰংপিয়ে। জয়ন্ত ৰংপিৰ সকলো হ’ল। কিন্তু সাধাৰণ কাৰ্বি ৰাইজৰ হ’লে একো নহ’ল। তেওঁ বা কি বুদ্ধি কৰি  তেনে কৰিব পাৰিছিল? এতিয়া কাৰ্বি আংলঙত তুলিৰামৰ ৰাজ চলিছে। তেওঁ এফালৰ পৰা সম্পত্তিৰ পাহাৰ গঢ়ি গৈ আছে। এই  তুলিৰামৰ   ৰংহাঙক প্ৰায়ে আমি কাৰ লগত দেখা পাওঁ? কিয় মুখ‍্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত? হিমন্ত বিশ্বই অসমত কি কৰি আছ? তেওঁ কংগ্ৰেছৰ দিনত তৰুণ গগৈৰ পিছতে আটাইতকৈ গুৰুত্বপূৰ্ণ মন্ত্ৰীজন আছিল। তেতিয়াৰে পৰা এতিয়ালৈ তেওঁৰ পত্নীৰ নামত হেনো  চাৰিওফালে মাটি সম্পত্তি। হিমন্ত বিশ্বই কিবা দুৰ্নীতি কৰিছেনে? মই কেনেকৈ কওঁ? কিন্তু তৰ্কশাস্ত্ৰত এটা যুক্তিৰ কথা কোৱা হয়। যদি ক’ৰবাত ধোঁৱা ওলায় তেনেহ’লে তাৰ উৎসত  জুই থাকিবই লাগিব। তাৰ গইনাতে আমি কওঁ নেকি যদি কোনোবাই  ইমান সা- সম্পত্তিৰ অধিকাৰী হৈছে তাত দুৰ্নীতিৰ কথা থাকিবই। অ’ ৰ’ব। আকৌ শুনিবলৈ পাইছোঁ মাজতে হেনো ই ডি তুলিৰামৰ ঘৰলৈ গৈছিল। কিন্তু তেওঁ ঘৰত নথকা বাবে ওভতি গ’ল। এৰা ইডিয়েও বাচ বিচাৰ কৰি মানুহৰ ঘৰলৈ যায় নেকি? নগ’লে কেনেকৈ হ’ব? আকৌ কৈছোঁ তুলিৰামক আমি সততে কাৰ লগত দেখোঁ?

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm
“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 4, 2026 7:26 pm
চেলেংহাট লেফেৰাত হোৰাহোৰে সোমাইছে টীয়ক নৈৰ বাঢ়নী পানী : উদ্ধাৰকাৰীৰ দল সাজু ৰাখিবলৈ আহ্বান জ্ঞানশ্ৰী বৰাৰ

চেলেংহাট লেফেৰাত হোৰাহোৰে সোমাইছে টীয়ক নৈৰ বাঢ়নী পানী : উদ্ধাৰকাৰীৰ দল সাজু ৰাখিবলৈ আহ্বান জ্ঞানশ্ৰী বৰাৰ

August 4, 2026 7:13 pm
উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

August 4, 2026 6:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm
“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 4, 2026 7:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd