• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভাৱনীয়ভাৱে হ্ৰাস পাব চিকিৎসাৰ খৰচ! সাধাৰণ জনতাৰ মুখলৈ চাই উচ্চতম ন্যায়ালয়ৰ অভূতপূৰ্ব নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 2, 2025 3:04 pm
অভাৱনীয়ভাৱে হ্ৰাস পাব চিকিৎসাৰ খৰচ! সাধাৰণ জনতাৰ মুখলৈ চাই উচ্চতম ন্যায়ালয়ৰ অভূতপূৰ্ব নিৰ্দেশ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিকিৎসকে নিৰ্দিষ্ট ব্ৰেণ্ডৰ বাহিৰে আন ঔষধ প্ৰেছক্ৰাইব নকৰে! মাজে মাজে ৰোগী বা তেওঁলোকৰ পৰিয়ালৰ পৰা শুনা যায় এই অভিযোগ। কিন্তু এতিয়াৰ পৰা আৰু তেনেকুৱা নহ’ব। ঔষধ কোম্পানীসমূহৰ অনৈতিক কাৰ্যকলাপ ৰোধৰ বাবে উচ্চতম ন্যায়ালয়ে এক বৃহৎ নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ ফলত সামগ্ৰিক চিকিৎসা ব্যয় হ্ৰাস পাব বুলি আশা কৰা হৈছে।

উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছিল। দাবী কৰা হয় যে ঔষধ কোম্পানীসমূহে দামী আৰু ব্ৰেণ্ডেড ঔষধ প্ৰেছক্ৰাইব কৰিবলৈ চিকিৎসকক বিপুল উৎকোচ দিছে। ফলত চিকিৎসাৰ খৰচ দ্ৰুতগতিত বৃদ্ধি পাইছে। একে সময়তে অত্যধিক আৰু অপ্ৰয়োজনীয় ঔষধ প্ৰেছক্ৰিপচন কৰাৰ প্ৰৱণতাও বাঢ়িছে। ফলত ৰোগীয়ে ঔষধৰ ওপৰত নিৰ্ভৰশীল হৈ পৰাৰ বিপৰীতে স্বাস্থ্যজনিত বিপদও বৃদ্ধি পাইছে।

এইবাৰ উচ্চতম ন্যায়ালয়ে এইবোৰ বন্ধ কৰিবলৈ ডাঙৰ নিৰ্দেশ দিছে। ন্যায়াধীশ সন্দীপ মেহতা, সঞ্জয় কেৰোল আৰু বিক্ৰম নাথে নিৰ্দেশ দিছে যে এতিয়াৰ পৰা চিকিৎসকে কোনো ব্ৰেণ্ডৰ নহয়, কেৱল জেনেৰিক ঔষধহে প্ৰেছক্ৰিপচন কৰিব লাগিব।

ইতিমধ্যে ৰাজস্থানত এই নিয়ম প্ৰৱৰ্তন কৰা হৈছে। এইবাৰ দেশৰ উচ্চতম ন্যায়ালয়ে সমগ্ৰ ভাৰততে ইয়াক কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে। এই সন্দৰ্ভত ন্যায়াধীশ মেহতাই কয় যে যদি সমগ্ৰ দেশতে এই আদেশ কাৰ্যকৰী কৰা হয় তেন্তে ই এক বৃহৎ পৰিৱৰ্তন আনিব।

জানিব পৰা মতে, আবেদনকাৰীসকলে আন কেইবাটাও দাবী উত্থাপন কৰিছিল। চিকিৎসকক ‘বিনামূলীয়া উপহাৰ’ দিয়াৰ প্ৰথা বন্ধ কৰিব লাগে বুলিও দাবী জনায়। এনে অনৈতিক কাৰ্য্যৰ বাবে ঔষধ কোম্পানীসমূহকো জবাবদিহি কৰিব লাগিব।

পূৰ্বৰ শুনানিত ফেডাৰেচন অৱ মেডিকেল এণ্ড চেলছ ৰিপ্ৰেজেণ্টেটিভ এছ’চিয়েশ্যন অৱ ইণ্ডিয়াৰ অধিবক্তাই আদালতত কয় যে ড’লো ৬৫০ ঔষধ নিৰ্মাণ কোম্পানীয়ে কেৱল চিকিৎসকক ‘উপহাৰ’ দিবলৈ ১০০০ কোটি টকা খৰচ কৰিছে! প্ৰাসংগিক তথ্য কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডৰ এক প্ৰেছ বিজ্ঞপ্তিৰ উদ্ধৃতিৰে তুলি ধৰা  হৈছে। সকলো যুক্তি শুনানিৰ পাছত উচ্চতম ন্যায়ালয়ে কেৱল জেনেৰিক ঔষধ প্ৰেছক্ৰিপচন কৰিবলৈ নিৰ্দেশ দিয়ে।

আদালতে কয় যে ‘এইটো আবেদনকাৰীৰ আবেদনৰ সৈতে সামঞ্জস্যপূৰ্ণ। ইতিমধ্যে ৰাজস্থানে এক নিৰ্দেশ জাৰি কৰিছে যে প্ৰতিজন চিকিৎসকে কেৱল জেনেৰিক ঔষধহে প্ৰেছক্ৰিপচন কৰিব লাগিব। কোনো কোম্পানীৰ নাম লিখিব নোৱাৰিব। এইদৰেই বিষয়টো সমাধান হ’ব পাৰে।‘

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে ভৱিষ্যদ্বাণী কৰিছে যে যদি এই সিদ্ধান্ত কাৰ্যকৰী হয় তেন্তে ভাৰতৰ ঔষধ খণ্ডত বৃহৎ পৰিৱৰ্তন আহিব। একে সময়তে চিকিৎসা ব্যৱস্থাত স্বচ্ছতা থাকিব আৰু চিকিৎসাৰ খৰচো হ্ৰাস পাব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

August 17, 2025 4:20 pm
ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

August 17, 2025 3:55 pm
‘আস্থাভিত্তিক শাসন’ নে ‘অপৰাধীক সুৰক্ষা প্ৰদানৰ কৌশল! লোকসভাত উত্থাপন হ’ব জন বিশ্বাস (সংশোধনী) বিধেয়ক-২০২৫

‘আস্থাভিত্তিক শাসন’ নে ‘অপৰাধীক সুৰক্ষা প্ৰদানৰ কৌশল! লোকসভাত উত্থাপন হ’ব জন বিশ্বাস (সংশোধনী) বিধেয়ক-২০২৫

August 17, 2025 3:47 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 17, 2025 2:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

August 17, 2025 4:20 pm
ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

August 17, 2025 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd