লণ্ডনত প্ৰায় চাৰি মাহ চিকিৎসাৰ অন্তত ঘৰলৈ উভতি আহিব বিএনপিৰ অধ্যক্ষ খালেদা জিয়া। অহা সপ্তাহত লণ্ডনৰ পৰা বোৱাৰী দুগৰাকীৰ সৈতে ঢাকালৈ উভতি অহাৰ কথা। শনিবাৰে ঢাকাৰ গুলছানত থকা দলটোৰ কাৰ্যালয়ত এখন সংবাদমেলত এই মন্তব্য কৰে বিএনপিৰ সচিব প্ৰধান মিৰ্জা ফখৰুল ইছলামে। অৱশ্যে সচিব প্ৰধানগৰাকীয়ে কয় যে সঠিক সময় এতিয়াও নিশ্চিত হোৱা নাই। দলীয় সূত্ৰৰ পৰা জানিব পৰা মতে, লণ্ডনত চিকিৎসাধীন হৈ থকা খালেদা জিয়া বৰ্তমান সুস্থ। বাংলাদেশৰ নিৰ্বাচনী পৰিবেশৰ মাজতে ঘৰলৈ উভতি আহি ৰাজনীতিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবনে, সেই প্ৰশ্নটো এতিয়াও ৰৈ গৈছে।
বিএনপিৰ সূত্ৰ অনুসৰি কাটাৰৰ আমিৰে প্ৰদান কৰা বিশেষ বিমান (এয়াৰ এম্বুলেন্স)ৰে ঘৰলৈ উভতি আহিব খালেদা জিয়া। পূৰ্বে বিএনপিয়ে জনাইছিল যে দেওবাৰে সন্ধিয়া লণ্ডনৰ হিথ্ৰ’ বিমানবন্দৰৰ পৰা বাংলাদেশ বিমান বিমানেৰে দেশলৈ ৰাওনা হ’ব খালেদা জিয়া। তেওঁৰ দুই বোৱাৰী জুবাইদা ৰহমান আৰু ছ্যেদা শৰ্মিলা ৰহমানো তেওঁৰ সৈতে ঘৰলৈ উভতি আহিব।
উল্লেখ্য যে, চলিত বৰ্ষৰ আৰম্ভণিতে গুৰুতৰভাৱে অসুস্থ হৈ খালেদা জিয়া ৮ জানুৱাৰীত চিকিৎসাৰ বাবে লণ্ডনলৈ গৈছিল।সেই সময়ত কাটাৰৰ ৰজাই বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ শাৰীৰিক অসুস্থতাৰ কথা জানি ৰাজকীয় বহৰত বিশেষ বিমান যাত্ৰাৰ ব্যৱস্থা কৰিছিল। সেই এয়াৰ এম্বুলেন্সতেই বিএনপিৰ নেতাজনে লণ্ডনলৈ যাত্ৰা কৰিছিল। এইবাৰ কাটাৰে তেওঁক সেই বিশেষ বিমানখনেৰে উভতি অহাত সহায় কৰিছে। স্বাভাৱিকতে বিএনপিৰ অধ্যক্ষগৰাকীৰ দেশলৈ উভতি অহাক লৈ উৎফুল্লিত হৈ পৰিছে দলীয় কৰ্মীসকল। জ্ঞাত সূত্ৰৰ মতে জিয়াৰ প্ৰত্যাৱৰ্তনে বিএনপি শিবিৰক পুনৰ সজীৱ কৰি তুলিব, যিয়ে ইউনুছৰ বাবে বিশেষ সমস্যাৰ সৃষ্টি কৰিবলৈ গৈ আছে।