জম্মু-কাশ্মীৰৰ ৰামবান জিলাত দুৰ্ঘটনাত পতিত হৈছে ভাৰতীয় সেনাৰ এখন বাহন। জানিব পৰা মতে সেনাৰ বাহন খন গভীৰ খাৱৈত বাগৰি পৰাৰ ফলত তিনিজন জোৱানে অকাল মৃত্যুক সাৱতিব লগিয়া হয়। প্ৰকাশিত তথ্য অনুসৰি নিহত জোৱানকেইজনৰ নাম হৈছে অমিত কুমাৰ, সুজিত কুমাৰ, আৰু মন বাহাদুৰ।
৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেটাৰী চাছমাৰ সমীপত দুৰ্ঘটনাটো সংঘটিত হৈছে। প্ৰত্যক্ষদৰ্শী আৰু প্ৰাথমিক তথ্য অনুসৰি, জম্মুৰ পৰা শ্ৰীনগৰলৈ যাত্ৰা কৰি থকা এটা সেনা কনভয়ৰ বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ৭০০ ফুট গভীৰ খাৱৈত পৰি যায়। দুৰ্ঘটনাস্থলীৰ ছবিত দেখা গৈছে যে বাহনখন সম্পূৰ্ণৰূপে ছিন্নভিন্ন হৈ পৰিছে, আৰু জোৱানসকলৰ মৃতদেহৰ লগতে তেওঁলোকৰ সামগ্ৰী আৰু কিছু কাগজ-পত্ৰ দুৰ্ঘটনাস্থলীত সিঁচৰতি হৈ পৰা দেখিবলৈ পোৱা গৈছে।
দুৰ্ঘটনাৰ পিছত ভাৰতীয় সেনা, জম্মু-কাশ্মীৰ আৰক্ষী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ), আৰু স্থানীয় স্বেচ্ছাসেৱকসকলে তৎক্ষণাত উদ্ধাৰ অভিযান আৰম্ভ কৰে। বৰ্তমান এই অভিযান অব্যাহত আছে, আৰু কৰ্তৃপক্ষই ঘটনাৰ কাৰণ অনুসন্ধানৰ বাবে তদন্ত আৰম্ভ কৰিছে।
এই দুৰ্ঘটনাই ভাৰতীয় সেনাৰ মাজত গভীৰ শোকৰ ছাঁ পেলাইছে। নিহত জোৱানসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জনাই সেনাৰ উচ্চপদস্থ বিষয়াসকলে তেওঁলোকৰ পৰিয়ালক সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰিছে।
জম্মু-কাশ্মীৰৰ পাহাৰীয়া পথত এনে দুৰ্ঘটনাৰ ঘটনাই পথৰ সুৰক্ষা আৰু বাহনৰ যান্ত্ৰিক অৱস্থাৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা প্ৰশ্ন উত্থাপন হৈছে।