উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। চামানগঞ্জৰ প্ৰেম নগৰ অঞ্চলত দেওবাৰে নিশা পাঁচ মহলীয়া বাসগৃহত অগ্নিকাণ্ড সংঘটিত হয়। গোটেই অট্টালিকাটো জুইত জাহ যায়। এই দুৰ্ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ তিনি সন্তানসহ এহাল দম্পতীৰ কৰুণ মৃত্যু ঘটিছে। ৮ ঘণ্টাৰ চেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণলৈ অনা হয়।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, দেওবাৰে নিশা প্ৰায় ৮:৩০ বজাত অট্টালিকাটোৰ পৰা ধোঁৱা আৰু জুইৰ শিখা দেখা গৈছিল। লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰা হয়। কিন্তু তেওঁলোক অহাৰ আগতেই সমগ্ৰ অট্টালিকাটো জুইৰ শিখাই আগুৰি ধৰে।
আৱাসৰ একাধিক ফ্লেটত জমা হৈ থকা গেছ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটে। তাৰ ফলত জুইয়ে অধিক বিপদজনক ৰূপ লয়। ১২খন অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিন ব্যৱহাৰ কৰাৰ পিছতো জুই নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। অৱশেষত ৮ ঘন্টাৰ অন্তত জুই নিৰ্বাপিত হয়।
জুই নিৰ্বাপন কৰাৰ পিছত অগ্নিনিৰ্বাপক বাহিনীয়ে বাসগৃহত প্ৰৱেশ কৰি পাঁচজন লোকৰ জ্বলি যোৱা মৃতদেহ উদ্ধাৰ কৰে। নিহত দুজন মহম্মদ ডেনিছ (৪৫) আৰু তেওঁৰ পত্নী নাজনীন ছাবা (৪২) বুলি চিনাক্ত কৰা হৈছে। দম্পতীহালৰ তিনিটা কন্যাসন্তান – চাৰা (১৫), ছিমৰা (১২) আৰু ইনায়াৰ (৭)ৰ মৃত্যু হয়।
সূত্ৰ অনুসৰি সেই অট্টালিকাৰ প্ৰথম আৰু দ্বিতীয় মহলাত জোতাৰ কাৰখানা আছিল। তাত জুইৰ তীব্ৰতা বৃদ্ধি পায় কাৰণ তাত স্বাভাৱিকতে বহুতো জ্বলনশীল পদাৰ্থ থাকে। অগ্নিনিৰ্বাপক বাহিনীৰ উপৰিও দুৰ্যোগ সঁহাৰি বাহিনীয়েও জুই নিৰ্বাপনত সহায় কৰিবলৈ আগবাঢ়ি আহে। চতুৰ্থ মহলাত এটা পৰিয়াল বাস কৰিছিল। জুই নিৰ্বাপনৰ পিছত তাত প্ৰৱেশ কৰি উদ্ধাৰ কৰিবলৈ সক্ষম হয় পাঁচজনৰ জ্বলি যোৱা মৃতদেহ।
এই অগ্নিকাণ্ড কেনেকৈ আৰম্ভ হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কানপুৰৰ অতিৰিক্ত আৰক্ষী উপ আয়ুক্ত ৰাজেশ শ্ৰীবাস্তৱে কয় যে, “যদিও জুইৰ সঠিক কাৰণ স্পষ্ট হোৱা নাই, তথাপিও প্ৰাৰম্ভিক সন্দেহ হৈছে যে ইয়াৰ কাৰণ শ্বৰ্ট চাৰ্কিট বা বৈদ্যুতিক তাঁৰৰ সমস্যা। জোতা কাৰখানাৰ পৰাই এই জুই বিয়পি পৰা বুলি অনুমান কৰা হৈছে। অগ্নিকাণ্ডৰ ফলত কেইবাটাও এল পি জি চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটে। সেইটোৱে অধিক বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি কৰে।”