বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজিৰ পৰা পৰ্যটকৰ কাৰণে বন্ধ কৰা হয়। আজি এক বিভাগীয় জাননী যোগে উদ্যানখনৰ সঞ্চালক আকাশদ্বীপ বৰুৱাই এই কথা জানিবলৈ দিয়ে।
ৰাষ্ট্ৰীয় উদ্যানখন পুনৰ অক্টোবৰৰ পৰা খোলা হ’ব বুলি জাননীখনত লগতে জনোৱা হৈছে।
ইয়াৰ পূৰ্বে যোৱা ১ মে’ৰ পৰা কাজিৰঙাত পৰ্যটকৰ বাবে হাতী চাফাৰী বন্ধ কৰা হৈছিল ৷ সাধাৰণতে প্ৰতি বছৰতেই বাৰিষাৰ আগমনৰ লগে লগেই কাজিৰঙাত পৰ্যটকৰ পৰ্যটকৰ প্ৰৱেশ বন্ধ কৰা হয়।
বিভাগীয় তথ্য মতে ২০১৭ – ১৮ পৰ্যটন বৰ্ষত ৩১ মে’লৈকে কাজিৰঙালৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ মুঠ ১,৯৭,৭৬৪ গৰাকী পৰ্যটক আহিছিল ৷ ইয়াৰে ১,৮৯,১৯৯ গৰাকী দেশীয় পৰ্যটক হোৱাৰ বিপৰীতে ৮,৫৬৯ গৰাকী আছিল বিদেশী পৰ্যটক ।
পৰ্যটকৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনে বছৰটোত ৫,৭৬,২১,৮০৫ টকাৰ ৰাজহ লাভ কৰিছিল বুলি বিভাগটোৰ ফালৰ পৰা জনোৱা হৈছে ৷
আনহাতে ২০১৬-১৭ পৰ্যটন বৰ্ষত কাজিৰঙালৈ মুঠ ১,৭৮,৫৫৮ গৰাকী পৰ্যটক আহিছিল, ইয়াৰ ভিতৰত ১,৭০,৭১৫ গৰাকী ভাৰতীয় আৰু ৭,৮৪৩ গৰাকী বিদেশী পৰ্যটক আছিল ৷ উক্ত বৰ্ষত বিভাগটোৱে ৫,৪০,৭৯,৯২৯ টকাৰ ৰাজহ লাভ কৰিছিল ৷
মন কৰিব লগীয়া যে, যোৱাটো বৰ্ষৰ তুলনাত ২০১৭ – ১৮ পৰ্যটন বৰ্ষত কাজিৰঙালৈ ১৯,২১০ গৰাকী পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে ৩,৫৪,১,৮৭৯ টকাৰ অধিক ৰাজহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনে লাভ কৰিবলৈ সক্ষম হৈছে ৷