সোমবাৰে দিল্লীত চিবিআইৰ পৰৱৰ্তী সঞ্চালক নিযুক্তিৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়। তাত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু বিৰোধী দলপতি ৰাহুল গান্ধী।
জানিব পৰা গৈছে যে পৰৱৰ্তী চিবিআই মুৰব্বীৰ নামক লৈ বৈঠকত একমত হ’ব পৰা নগ’ল। এনে পৰিস্থিতিত প্ৰবীণ ছুদৰ কাৰ্যকাল আৰু এবছৰ বৃদ্ধি হ’ব পাৰে। এই মুহূৰ্তত এই বিষয়ে আনুষ্ঠানিকভাৱে একো কোৱা হোৱা নাই।
তিনিজনীয়া নিযুক্তি সমিতিৰ পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে চিবিআই সঞ্চালকক নিযুক্তি দিয়ে। এই কমিটিৰ অধ্যক্ষতা কৰে প্ৰধানমন্ত্ৰীয়ে। তদুপৰি এই সমিতিত লোকসভাৰ বিৰোধী দলৰ নেতা আৰু ভাৰতৰ মুখ্য ন্যায়াধীশক অন্তৰ্ভুক্ত কৰা হৈছে। ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি প্ৰবীণ ছুদৰ কাৰ্যকাল আৰু এবছৰ বৃদ্ধি হ’ব পাৰে।
সূত্ৰৰ উদ্ধৃতি দি প্ৰতিবেদনত দাবী কৰা হৈছে যে তিনিজনীয়া পেনেলে কেইবাজনো আই পি এছ বিষয়াৰ নাম বিবেচনা কৰিছিল যদিও তেওঁলোকৰ কোনো এজনকো চূড়ান্ত কৰিব পৰা নগ’ল। ইয়াৰ পিছত সকলো সদস্যই ছুদৰ সময়সীমা বৃদ্ধি কৰিবলৈ সন্মত হয়। সন্ধিয়া ৬:৪৫ বজাৰ পৰা আৰম্ভ হোৱা এই বৈঠক সন্ধিয়া ৭:৩০ বজালৈকে চলিছিল।
বৈঠকত সঠিকভাৱে কি আলোচনা হৈছিল সেয়া স্পষ্ট নহ’লেও সূত্রৰ পৰা জানিব পৰা গৈছে যে ৰাহুল গান্ধীয়ে প্ৰবীণ ছুদৰ কাৰ্যকাল বৃদ্ধিৰ পক্ষপাতী নহয় সেয়া স্পষ্ট৷ প্ৰতিবেদনত লগতে দাবী কৰা হৈছে যে বৰ্তমানৰ চিবিআইৰ সঞ্চালকগৰাকীৰ কাৰ্যকাল আৰু এবছৰ বৃদ্ধি কৰাৰ বাবে চৰকাৰে জোৰ দিছে। ২৫ মে’ত শেষ হ’ব প্ৰবীণ ছুদৰ দুবছৰীয়া কাৰ্যকাল।
উল্লেখ্য যে প্ৰবীণ ছুদ ১৯৮৬ চনৰ বেচৰ কৰ্ণাটক কেডাৰৰ আই পি এছ বিষয়া। চিবিআইৰ সঞ্চালক হোৱাৰ পূৰ্বে তেওঁ কৰ্ণাটক আৰক্ষীৰ ডিজিপি আছিল। ২০২৩ চনৰ ২৫ মে’ত তেওঁ চিবিআইৰ সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰিছিল।